• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকাশ পালে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী; বাদ পৰিল মুঠ ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 31, 2019 10:17 am
NRC assamNRC: An objective, scientific, acceptable and problem-solving document

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি দশক জুৰি চলা নিৰৱছিন্ন আন্দোলন, অপেক্ষা আৰু বহু আশা প্ৰত্যাশাৰ অন্তত মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা।

Online যোগে উপলব্ধ হ’ল আবেদনকাৰীয়ে নিজৰ নাম এন আৰ চিত চাব পৰা ব্যৱস্থা

Apply Now

এন আৰ চিৰ চূড়ান্ত তালিকাত মুঠ ৩,১১,২১,০০৪ গৰাকী লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে দাবী আৰু আপত্তি দাখিল নকৰা সকলকে ধৰি মুঠ  ১৯,০৬,৬৫৭ গৰাকী লোকৰ নাম বাদ পৰিল।

এন আৰ চি সেৱা কেন্দ্ৰ, চক্ৰ বিষয়াৰ কাৰ্যালয়, উপায়ুক্তৰ কাৰ্যালয় আৰু ৱেবচাইট যোগে কাৰ্যালয় আৰু ৱেবচাইট যোগে লাভ কৰিব এন আৰ চিৰ এই চুড়ান্ত তালিকা উপলব্ধ হ’ব।

২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত  ৩.২৯ কোটি আবেদনকাৰীৰ ভিতৰত ১.৯৪ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল।

আনহাতে, ২০১৮ ৰ ৩১ জুলাইত প্ৰকাশিত চুড়ান্ত খচৰাৰ পৰা বাদ পৰিছিল প্ৰায় ৪০ লাখ লোকৰ নাম।

অৱশ্যে, চূড়ান্ত এন আৰ চিত সকলোৰে নাম চাব পৰাৰ সুবিধা উপলব্ধ নহয়। কেৱল বিশেষ ধৰণৰ স্থিতিৰ নামবোৰহে চাব পাৰিব আবেদনকাৰীয়ে।

চূড়ান্ত এন আৰ চিত অন্তৰ্ভূক্ত সকলোৰে নাম অহা ৭ ছেপ্টেম্বৰৰ পৰাহে অনলাইনযোগে চাব পৰাকৈ উপলব্ধ হ’ব।

তলত উল্লেখ কৰা লোকসকলেহে ৭ ছেপ্তেম্বৰৰ পূৰ্বে এন আৰ চিত নিজৰ নাম অন্তৰ্ভূক্ত হৈছে নে নাই চাব পাৰিব-

ক) যিসকল লোকৰ নাম ২০১৮ চনৰ ৩১ জুলাইত প্ৰকাশ পোৱা চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱা নাছিল, অথবা ২০১৯ চনৰ ২৬ জুনত প্ৰকাশিত অতিৰিক্ত খচৰাৰ পৰা বাদ দিয়া হৈছে।

খ) যিসকল  লোকৰ  নাম অন্তৰ্ভুক্তিৰ বিৰুদ্ধে কোনো আপত্তি দাখিল হৈছে।

ইয়াৰ উপৰি, তেওঁলোকে অনলাইনযোগে নিজৰ ARN Search কৰিও এন আৰ চিত নাম চাব পাৰিব। তাৰ বাবে এন আৰ চিৰ ৱেবচাইটৰ Supplementary inclusion / Exclusion list (Final NRC) status লিকংত যাব লাগিব।

যিসকল ব্যক্তিৰ নাম ২০১৮ চনৰ ৩১ জুলাই প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত আছিল অথৱা ২০১৯ চনৰ ২৬ জুনত প্ৰকাশিত অতিৰিক্ত খচৰাত আছিল, তেওঁলোকক ২০১৯ চনৰ ৫ জুলাইৰ পৰা হোৱা কোনো শুনানিলৈ মতা হৈছিল তেওঁলোকে একেই পদ্ধতিৰে এন আচ চিত নিজৰ নাম চাব পাৰিব।

যদি তেওঁলোকক কোনো শুনানিলৈ মতা নাছিল তেনেহ’লে সেইসকল লোকে নিশ্চিত হ’ব পাৰে যে তেওঁলোকৰ নাম চূড়ান্ত এন আৰ চিত থাকিব।

উল্লেখযোগ্য যে, এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ প্ৰায় ৫২,০০০ কৰ্মচাৰী সুদীৰ্ঘ সময়ৰ বাবে নিয়োজিত হৈ আছে।

দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ ফলাফলত কোনো ব্যক্তি অসন্তষ্ট হ’লে বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰিব বুলি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে প্ৰকাশ কৰা প্ৰেছ বিবৃতিত উল্লেখ কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd