• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শেহতীয়া সাক্ষাৎকাৰত ৰাণু মণ্ডল, “জন্ম মোৰ ভাল ঘৰতে হৈছিল”

মুম্বাইৰ সৈতে পুৰণি সম্পৰ্ক আৰু নিজৰ স্বামীৰ বিষয়েও মুখ খুলিলে "ছাডেন চেলিব্ৰেটি" ৰাণুৱে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2019 5:21 pm
RanuMondal

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছ’চিয়েল মিডিয়াই প্ৰতিভাৰ মূল্য দিয়াৰ পিছত হঠাতে চেলিব্ৰেটি হোৱা ৰাণু মণ্ডলৰ আন কিছুমান স্বীকাৰোক্তি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত চৰ্চা হোৱা দেখা গৈছে।

মৌলিক প্ৰতিভাৰ গৰাকী মহিলাগৰাকীয়ে অলপতে আই এ এন এছ (Indo-Asian News Service) নামৰ সংবাদ প্ৰতিষ্ঠানটোত এটা সাক্ষাৎকাৰ দিছিল।

Apply Now

সাক্ষাৎকাৰটোত ৰাণুৱে তেওঁৰ অতীত সম্পৰ্কে বহু কথা মুকলিকৈ প্ৰকাশ কৰিছে।

“মই যে সদায়ে দুখীয়াই আছিলো তেনে নহয়। মোৰ ফুটপাথত জন্ম হোৱা নাই, ভাল ঘৰতে জন্ম হৈছিলো”, সাক্ষাৎকাৰটোত ৰাণুৰ এই মন্তব্যৰ উদ্ধৃতি দিছে জী নিউজ নামৰ পৰ্টেলটোৱে।

ৰাণুৱে জন্মৰ ছমাহৰ পিছতে মাক-দেউতাকৰ পৰা বিচ্ছিন্ন হোৱা বুলি জানিবলৈ দি সাক্ষাৎকাৰটোত বিয়াৰ পিছতে নিজৰ স্বামীৰ সৈতে কলকাতাৰ পৰা মুম্বাইলৈ গুচি যোৱাৰ কথা প্ৰকাশ কৰে।

“মোৰ স্বামীয়ে বলিউড তাৰকা ফিৰোজ খানৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰিছিল, তেওঁৰ পুতেক ফাৰদীন তেতিয়া কলেজত পঢ়ি আছিল। তেওঁলোকে আমাক খুব ভাল ব্যৱহাৰ কৰিছিল, নিজৰ পৰিয়ালৰ সদস্যৰ দৰে”, মুম্বাইত নিজৰ অতীত সুঁৱৰি সাক্ষাৎকাৰটোত ৰাণুৱে কয়।

এটা সময়ত তেওঁলোকৰ এটা ঘৰো আছিল বুলি দাবী কৰে ৰাণুৱে। স্বামীৰ মৃত্যুৰ পিছত জীৱনক একাকীত্বই গ্ৰাস কৰা ৰাণুৱে কেৱল ভগৱানকে ধিয়াই সংগ্ৰাম কৰি গৈছিল।

“মই পৰিস্থিতি অনুযায়ী গান গাইছিলো। গান গোৱাৰ যে সুযোগ পাম তাৰ আশাত নহয়, কেৱল গাই ভাল পাওঁ বাবেই”, সংবাদ প্ৰতিষ্ঠানটোত ৰাণুৰ উদ্ধৃতি।

“এতিয়া অত্যন্ত সুখী আৰু খুব উচ্ছ্বসিত” বুলি জানিবলৈ দি ইতিমধ্যে পাঁচ-ছটা গান ৰেকৰ্ডিং কৰা ৰাণুৱে কয় যে তেওঁ এতিয়া মুম্বাইত এটা ঘৰ হোৱাটো আশা কৰে। কলকাতাৰ ঘৰৰ পৰা মুম্বাইলৈ বিমানত সঘনে অহা-যোৱা কৰাটো তেওঁৰ বাবে অসুবিধাজনক হৈ পৰিছে, জনালে নতুন চেলিব্ৰেটিগৰাকীয়ে।

প্ৰায় এমাহৰ আগলৈকে ৰেইল ষ্টেইশ্যনত গান গাই জীৱিকা উলিওৱা ৰাণু মণ্ডল হঠাৎ চেলিব্ৰেটি হৈ পৰাৰ পিছত তেওঁক লৈ গোটেই দেশবাসীৰ উৎসুকতা দেখা গৈছে। ব্যস্ত হৈছে সংবাদ মাধ্যমো।

পশ্চিম বংগৰ ৰাণাঘাট ৰেইল ষ্টেইশ্যনত লতা মংগেশকাৰৰ “এক প্যাৰ কা নাগমা” গানটো গাই থকা মুহূৰ্তত অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন নিত্যযাত্ৰীয়ে সেয়া ৰেকৰ্ডিং কৰি ছ’চিয়েল মিডিয়াত আপল’ড কৰাৰ পিছতে তেওঁৰ প্ৰতিভাই অভাৱনীয় আদৰ পায় আৰু ৰাতিটোৰ ভিতৰতে তাৰকাত পৰিণত হয়।

হিমেশ ৰেশমিয়াৰ সৈতে বলিউডত প্ৰথম গানটো ৰেকৰ্ডিং কৰা ৰাণুক ইতিমধ্যে কেইবাটাও গান গোৱাৰ সুযোগ দিছে বলিউডে।

মাজতে অভিনেতা ছলমান খানে ৰাণুক মুম্বাইত এটা ফ্লেট উপহাৰ দিয়া বুলি ওলাইছিল যদিও সেয়া আছিল উৰা-বাতৰিহে বুলি পিছত গম পোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd