ৰামধেনু যুগৰ বিশিষ্ট কবি, বন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা ৰূপাই চাইডিং মিলনতীৰ্থ নিবাসী উজ্জ্বল শইকীয়াৰ মঙলবাৰে ৰাতিপুৱা ৩ বাজি ৪৫ মিনিটত পৰলোকপ্ৰাপ্তি ঘটে।
শাৰীৰিক অসুস্থতাৰ বাবে বিগত কেইবাটাও বছৰ শয্যাগত হৈ থকা শইকীয়াৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৩ বছৰ।
শইকীয়াই ইহ সংসাৰত দুজন পুত্ৰ আৰু দুগৰাকী কন্যাসহ ভালেসংখ্যক আত্মীয়-স্বজনক এৰি থৈ যায়।
১৯৩৬ চনৰ ২১ মে’ত ডুমডুমাৰ বাদলাবেটা চাহ বাগিচাত জন্মগ্ৰহণ কৰা উজ্জ্বল শইকীয়াই ছাত্র অৱস্থাৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ আলোচনী সম্পাদক হিচাপেও তেওঁ নিৰ্বাচিত হৈছিল।
মোমায়েক তথা বিশিষ্ট সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক প্ৰয়াত ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাহিত্য চৰ্চা আৰম্ভ কৰা উজ্জ্বল শইকীয়াই পৰৱৰ্তীসময়ত “ৰামধেনু”ৰ পাতত কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।
উজ্বল শইকীয়াৰ ভালেমান কবিতা অসমৰ বিভিন্ন কাকত-আলোচনীৰ পাতত সিচৰিত হৈ আছে। তেখেতৰ প্ৰকাশিত কাব্য সংকলন দুখন হৈছে- এজাক জোনাকীৰ জিলমিল আৰু আকৌ নতুন আৱিষ্কাৰ হ’ব।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নিবিড় সান্নিধ্য লাভ কৰা উজ্জ্বল শইকীয়াই অসমীয়া কাব্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম সাহিত্য সভা, তিনিচুকীয়া জিলা সাহিত্য সভা, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, ডুমডুমা প্ৰেছ ক্লাব, তিনিচুকীয়া জিলা সাহিত্য সেৱী মঞ্চ, তিনিচুকীয়া জিলা কবি সন্মিলন, বহ্নিমান সাহিত্য চক্ৰ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেখেতক স্মৰণ কৰে।