• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন আইন ১৯২৭-ৰ প্ৰস্তাৱিত সংশোধনীটো “অধিক ঔপনিৱেশিক” আৰু “ভয়ংকৰ” : যুটীয়া বিবৃতিত উত্তৰ-পূবৰ কেইবাটাও সংগঠন

"সংশোধনীটোৱে বন অধিকাৰ আইন-২০০৬-ৰ অধীনত থকা বনবাসীসকলৰ অধিকাৰ অগ্ৰাহ্য কৰিছে"

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2019 8:39 am
Indian-Forest-Act-1140x570

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে আনিব খোজা বন আইন ১৯২৭-ৰ সংশোধনী বিধেয়কখনক “অধিক ঔপনিৱেশিক চৰিত্ৰৰ” আৰু “ভয়ংকৰ” আখ্যা দি ইয়াক প্ৰত্যাহাৰৰ দাবী তুলিছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও সংগঠনে।

Borok Peoples’ Human Rights Organization (BPHRO), Indigenous Women Forum of North East India (IWFNEI), Karbi Human Rights Watch (KHRW), Naga Peoples Movement for Human Rights (NPMHR), Zo Indigenous Forum ZIF) নামৰ সংগঠনকেইটাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা যুটীয়া বিবৃতিত এই সংশোধনীক ষড়যন্ত্ৰ আখ্যা দিয়া হৈছে।

Apply Now

“বন আইন ১৯২৭-ৰ প্ৰস্তাৱিত সংশোধনীটো অধিক ঔপনিৱেশিক আৰু পূৰ্বতকৈও ভয়ংকৰ ”, বিবৃতিটোত কোৱা হয়।

বিবৃতিটোত আইনখনৰ সংশোধনীটোৰ কিছুমান ভয়ংকৰ দিশ উনুকিয়াই কোৱা হৈছে- এই সংশোধনীটোৱে খিলঞ্জীয়া আৰু জনজাতীয় লোকসকলৰ ভূমি, অধিকৃত অঞ্চল আৰু সম্পদৰ ওপৰত বৰ্তমান থকা নোহোৱা কৰিব আৰু অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছে।

পৰম্পৰাগতভাৱে জনজাতীয় সম্প্ৰদায়ে নিয়ন্ত্ৰণ কৰি অহা প্ৰায় ৮ মিলিয়ন হেক্টৰ অৰণ্য ভূমি বন কৰ্তৃপক্ষই নিজৰ হাতলৈ লৈ যাব বুলি বিবৃতিটোত দাবী কৰা হয়।

“সংশোধনীটোৱে বন অধিকাৰ আইন, ২০০৬-ৰ অধীনত বনবাসীসকলে পাই থকা অধিকাৰক অসন্মান আৰু একাষৰীয়া কৰিবলৈ দেখদেখকৈ প্ৰয়াস কৰিছে।” বিবৃতিটোত কোৱা হয়।

বিবৃতিটোত লগতে কয়, “ইয়াৰোপৰি নাগালেণ্ড আৰু মিজোৰামৰ ক্ষেত্ৰত প্ৰযোজ্য সংবিধানৰ অনুচ্ছেদ ক্ৰমে 371 (A) আৰু 371 (G)ৰ অধীনত থকা ভূমিৰ স্বত্ব আৰু হস্তান্তৰৰ ৰাজ্যৰ ক্ষমতাক আৰু অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ সংৰক্ষিত বনাঞ্চল ভিন্ন আন বনাঞ্চলৰ ওপৰত ষষ্ঠ অনুসূচীয়ে দিয়া ক্ষমতা আৰু নিয়ন্ত্ৰণ তথা অসম আৰু মণিপুৰৰ ৰাজ্যিক আইনৰ দ্বাৰা গঠিত স্বায়ত্ত পৰিষদবোৰৰ ক্ষমতা আৰু নিয়ন্ত্ৰণক অগ্ৰাহ্য কৰাৰ ষড়যন্ত্ৰও।”

অৰণ্যৰ ওপৰত বনবাসী আৰু জনজাতীয় লোকসকলৰ অধিকাৰ অগ্ৰাহ্য কৰি তাৰ সম্পদৰ ওপৰত ঔপনিৱেশিক চৰকাৰৰ অধিকাৰ প্ৰতিষ্ঠা কৰা বন আইন, ১৯২৭ আইনখন কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সংশোধনৰ পথত আগ বাঢ়িছে।

যোৱা মাৰ্চ মাহত কেন্দ্ৰীয় চৰকাৰে এই সংশোধনৰ প্ৰস্তাৱটো উত্থাপন কৰিছিল। ভাৰতৰ বনভূমিয়ে সমসাময়িক প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিবৰ সামৰ্থ্য আহৰণৰ বাবে এই সংশোধন কৰিব বিচৰা হৈছে বুলি কোৱা হৈছে।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2019/09/Joint-Statement-on-draft-Indian-Forest-Amendment-Act-1927.pdf”]

“সংশোধনটোৰ খচৰা বন বিষয়াসকলৰ দ্বাৰা গঠিত ক’ৰ কমিটীয়ে তৈয়াৰ কৰিছিল আৰু স্বত্বাধিকাৰী, স্বাৰ্থজড়িত পক্ষবোৰৰ, বিশেষভাৱে থলুৱা লোকসকল আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰ্যালয়ক অস্থাত নোলোৱাকৈ সেয়া কৰা হৈছিল”, বিবৃতিটোত সংগঠনকেইটাৰ দাবী।

বিবৃতিটোত সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় অংগীকাৰবোৰৰ সৈতে ভাৰতৰ সংগতি ৰক্ষাৰ বাবেহে ব্ৰিটিছ ঔপনিৱেশ আইনখনৰ সংশোধন কৰিবলৈ লোৱা বুলি কেন্দ্ৰীয় চৰকাৰে এক মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় অংগীকাৰবোৰে এই কথা দৃঢ়তাৰে কৈছে যে বনভূমি আৰু অন্যান্য সম্পদবোৰৰ ওপৰত সম্প্ৰদায়ৰ অধিকাৰক স্বীকৃতি দিছে। তাৰ বিপৰীতে সংশোধনীটোৱে উত্তৰ-পূবৰ ১০৪ নিযুত জনজাতীয় মানুহৰ সকলো অৰণ্য অধিকাৰক একাষৰীয়া কৰিছে, বিবৃতিটোত দাবী সংগঠনকেইটাৰ।

বিবৃতিটোত তথ্য দাঙি ধৰা হয় যে উত্তৰ-পূবত ৫৫ শতাংশ বনভূমি অশ্ৰেণীবদ্ধ (‘unclassed’ or ‘unclassified’) শ্ৰেণীত পৰে, যিবোৰ পৰম্পৰাগত আৰু প্ৰথাগতভাৱে খিলঞ্জীয়া লোকৰ নিয়ন্ত্ৰণত আছে। প্ৰস্তাৱিত সংশোধনীটোৱে এই শ্ৰেণীৰ বনভূমি বন আইনৰ পৰিসৰলৈ আনিব বিচাৰিছে, যাৰ ফলত এইবোৰ বন বিভাগৰ কৰ্তৃত্বৰ অধীনলৈ যাব। এইটোৱে ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত জিলা পৰিষদ আৰু অন্যান্য স্বায়ত্ত পৰিষদবোৰৰ ক্ষমতা আৰু কাৰ্য্য সম্পাদনকে ধৰি ভূমিৰ সামাজিক ৰীতি-নীতি, মালিকীস্বত্ব আৰু হস্তান্তৰত নেতিবাচক প্ৰভাৱ পেলাব।

বিবৃতিটোৰ জৰিয়তে সংগঠনকেইটাই প্ৰস্তাৱিত সংশোধনীটোৱে বৰ্তমান থকা আইনখনতকৈ জনজাতীয় মানুহবোৰৰ বাবে অধিক ক্ষতি মাতি আনিব বুলি দাবী কৰে। তাৰোপৰি এইখনে চৰকাৰৰ অৰণ্যৰ বহনক্ষম ব্যৱহাৰ আৰু সংৰক্ষণক উদগনি দিয়া নীতিৰ আইনী বিৰোধৰ ত্ৰুটিযুক্ত। গতিকে সংগঠনকেইটাই এই সংশোধনী প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবী তোলে।

তেওঁলোকে কয়, বন প্ৰশাসনৰ ক্ষেত্ৰত এটা প্ৰধান স্বাৰ্থজড়িত পক্ষ আৰু বন অধিকাৰ আইনৰ সমন্বয়ৰক্ষী মন্ত্ৰ্যালয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰ্যালয়কে ধৰি স্বত্বাধিকাৰীসকলৰ সৈতে পৰ্য্যাপ্ত আলোচনা নকৰাকৈ এইখন ভাল আইন হ’ব নোৱাৰে।

উল্লেখযোগ্য যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে সংশোধনীটোৰ ওপৰত ৰাজ্যবোৰক তেওঁলোকৰ এলেকাধীন স্বত্বাধিকাৰ আৰু স্বাৰ্থজড়িত পক্ষবোৰৰ মতামত লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও উত্তৰ-পূৰ্বাঞ্ছলৰ কোনো এখন ৰাজ্যৰ চৰকাৰেই সেইটো কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd