আগশাৰীৰ মোবাইল নিৰ্মাণ কোম্পানী ইনফিনিক্স (Infinix Mobile) য়ে ভাৰতত শেহতীয়াভাৱে মুকলি কৰিছে নতুন স্মাৰ্টফোন ইনফিনিক্স হট ৮ (Infinix Hot 8)।
ইনফিনিক্সৰ নতুন ফোনটো বাজেট সামৰ্থ ভিত্তিক উপযোগী স্মাৰ্টফোন। ইয়াত আপুনি পাব বহু মনে বিচৰা ফিচাৰ্ছ।
কোম্পানীটোৱে ফোনটোৰ এটা মাত্ৰ ৰূপকেই বজাৰত মুকলি কৰি দিছে। পোনটোত ৬.৫২ ইঞ্চিৰ এছডিৰ লগতে ২০:৯ ড্ৰপ নোচ ডিচপ্লে ৰখা হৈছে।
ফোনটোত ট্ৰিপ’ল ৰিয়েৰ কেমেৰা আৰু 5000 mAhবেটাৰীৰে ইয়াক বিশেষ ৰূপত নিৰ্মাণ কৰা হৈছে।
এই স্মাৰ্টোফোনটো আপুনি ফ্লিপকাৰ্টৰ পৰা ৬,৯৯৯ টকাত ক্ৰয় কৰিব পাৰে।
তদুপৰি, ফোনটোত ফিংগাৰপ্ৰিন্ট ছেন্সৰ আৰু পেচ আনলক ফিচাৰ্ছো অন্তৰ্ভুক্ত কৰা হৈছে।
ইনফিনিক্সৰ নতুন স্মাৰ্টফোনটোত ট্ৰিপ’ল ৰিয়েৰ কেমেৰা ছেটআপ দিয়া হৈছে। ইয়াত 13 MP+2 MP+ VGAকেমেৰা আছে। লগতে ফোনটোৰ সন্মুখত 8 MPৰ AI কেমেৰা দিয়া হৈছে। এই ফোনটো এণ্ড্ৰইড পাই 9.0 ওপৰত চলে।
নতুন স্মাৰ্টফোনটোত 5000 mAhৰ শক্তিশালী বেটাৰী আছে যি ভাল বেকআপ দিব। কোম্পানীয়ে দাবী কৰা মতে ফুল চাৰ্জত আপুনি যদি ফোনটোৰ স্বাভাৱিক ব্যৱহাৰ কৰে তেতিয়াহ’লে ই ডেৰ দিনপৰ্যন্ত চলিব।
ফোনটোত মাইক্ৰ’ য়ুএছবি পোৰ্ট আছে যিয়ে দ্ৰুত চাৰ্জিঙক ছাপোৰ্ট নকৰে। Infinix Hot 8স্মাৰ্টফোনটোত হেলিঅ’ P22 প্ৰছেচৰ আছে। কোম্পানীয়ে ইয়াৰ 4 GBই ৰেম আৰু 64 GB ইন্টাৰনেল মেম’ৰি থকা এটাই মডেল মুকলি কৰিছে।
ফোনটোৰ মেম’ৰি আপুনি মাইক্ৰ’ এছডি কাৰ্ডৰ জৰিয়তে 256 GBপৰ্যন্ত বঢ়াব পাৰিব।