• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চূড়ান্ত NRC-ৰ সম্পূৰ্ণ তালিকা উপলব্ধ হ’ব ১৪ ছেপ্টেম্বৰত : কৰ্তৃপক্ষৰ ঘোষণা

এন আৰ চিত নাকচকৰণৰ স্বাক্ষৰিত প্ৰতিলিপি পালেহে কাষ চাপিব পাৰিব বিদেশী ন্যায়াধিকৰণৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2019 5:13 pm
NRC Announcement

এন আৰ চিৰ ঘোষণাপত্ৰখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূড়ান্ত এন আৰ চিৰ সম্পূৰ্ণ তালিকা অহা ১৪ ছেপ্টেম্বৰত প্ৰকাশ পাব আৰু এইটো কেৱল অনলাইনতহে উপলব্ধ হ’ব।

এন আৰ চি কৰ্তৃপক্ষই আজি এটা ঘোষণাৰ জৰিয়তে এই কথা স্পষ্ট কৰিছে।

এই সম্পূৰ্ণ তালিকাত দাবী আৰু আপত্তি প্ৰক্ৰিয়াটোৰ অন্তৰ্গত হওক অথবা নহওক, সেইটো নিৰ্বিশেষে সকলোৰে নাম চাব পৰা হ’ব।

যোৱা ৩১ আগষ্টত চূড়ান্ত তালিকা প্ৰকাশ পাইছিল যদিও কৰ্তৃপক্ষৰ মতে সেয়া অসম্পূৰ্ণ, পৰিপূৰক তালিকাহে (supplementary list) আছিল। বিশেষকৈ আৱেদন কৰিও চূড়ান্ত তালিকাত বাদ পৰাসকল আৰু দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ মাজত সোমাব লগীয়া সকলৰ তথ্যহে তাত প্ৰকাশ হৈছিল।

৭ ছেপ্টেম্বৰত সম্পূৰ্ণ পৰিয়ালৰ বা আটাইবোৰ সদস্যৰ নাম অনলাইনত চাব পৰা হ’ব বুলি এন আৰ চি কৰ্তৃপক্ষই ঘোষণা কৰিছিল যদিও সেয়া এতিয়ালৈকে সম্ভৱ হোৱা নাই।

এই লৈ নাগৰিকসকলৰ উৎসুকতা আৰু প্ৰশ্নৰ উত্তৰ হিচাপে এন আৰ চি কৰ্তৃপক্ষই অহা ১৪ ছেপ্টেম্বৰত পোৱা যাব বুলি আজি ঘোষণা কৰে।

আনহাতে এন আৰ চিৰ তালিকাৰ পৰা নাম বাদ পৰাসকলে তেওঁলোকৰ নাগৰিকত্ব অগ্ৰাহ্যকৰণৰ স্বাক্ষৰিত প্ৰতিলিপি কেতিয়া পাব বুলিও এন আৰ চি কৰ্তৃপক্ষই বিভিন্নজনৰ পৰা প্ৰশ্নৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে।

কৰ্তৃপক্ষই জাননীটোত কৈছে যে যিহেতু শুনানিবোৰ নিজৰ নিজৰ এন এছ কে (NRC সেৱা কেন্দ্ৰ)ৰ পৰা আঁতৰৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছিল, গতিকে এন আৰ চিৰ দায়িত্বত থকা বিষয়াৰ দ্বাৰা জাৰি কৰা অৰ্ডাৰবোৰ সংগ্ৰহৰ কাম চলি আছে। এইবোৰ কেতিয়াকৈ দিব পৰা হ’ব সোনকালেই কৰ্তৃপক্ষই আন এটা ঘোষণাৰ জৰিয়তে জনাব। আজিৰ ঘোষণাটোত কোৱা হয়।

এই চূড়ান্ত এন আৰ চিৰ পৰা নাকচকৰণৰ স্বাক্ষৰিত প্ৰতিলিপি (certified copies of rejection) লাভ কৰিলেহে এজন লোকে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবৰ বাবে বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব পাৰিব।

যোৱা ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিৰ তালিকাৰ পৰা মুঠ ১৯০৬৬৫৭গৰাকী আৱেদনকাৰীৰ নাম বাদ পৰিছিল।

এন আৰ চি কৰ্তৃপক্ষৰ তথ্য মতে মুঠ ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত ৩,১১,২১,০০৪ গৰাকীৰ নাম অন্তৰ্ভুক্ত হৈছিল চূড়ান্ত এন আৰ চিত।

অসম আন্দোলনৰ পিছত কৰা অসম চুক্তি অনুসৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমৰ এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়া সম্পন্ন হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই অনুৰাগীয়েঃ চৌদিশে কান্দোনৰ ৰোল

September 19, 2025 3:37 pm
জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

জাতিৰ নয়নৰ মণি জুবিন আৰু নাই

September 19, 2025 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 19, 2025 4:27 pm
জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুবিন গাৰ্গৰ মৃত্যুক অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 19, 2025 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd