• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰ ভাষাৰূপে হিন্দী|| হীৰেন গোহাঁই, অপূৰ্ব কুমাৰ বৰুৱা, অদীপ ফুকনৰ প্ৰতিক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 15, 2019 9:41 pm
We will provide Hindi training classes for people of NE, Says Amit Shah

অমিত শ্বাহৰ ফাইল ছবি।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুভাষিক ভাৰতক “একগোট কৰাৰ বাবে” হিন্দী “ৰাষ্ট্ৰ ভাষা” হোৱা উচিত বুলি গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে ৰখা বক্তব্যৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন দল-সংগঠন-ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অ-হিন্দীপ্ৰধান ৰাজ্য তামিল নাডু, পশ্চিম বংগ আদিত শ্বাহৰ বক্তব্যৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিবাদ হোৱাৰ বিপৰীতে অসমত চ’চিয়েল মিডিয়াত কিছু লোকক প্ৰতিক্ৰিয়া কৰা দেখা গৈছে।

Apply Now

আঞ্চলিকতাবাদী দল অসম গণ পৰিষদে এই সন্দৰ্ভত কোনো বিবৃতি দেওবাৰলৈকে জাৰি কৰা নাই। কংগ্ৰেছৰো এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া নাই।

শ্বাহৰ মন্তব্যৰ পিছতে তামিল নাডুৰ ডি এম কে মুৰব্বী এম কে ষ্টালিনে চোকা প্ৰতিক্ৰিয়া কৰা দেখা গৈছিল। শ্বাহৰ বক্তব্যই “জোকাৰি” যোৱা বুলি উল্লেখ কৰি ষ্টালিনে বিবৃতিটো প্ৰত্যাহাৰ কৰাৰ বাবে গৃহ মন্ত্ৰীক আহ্বান জনাইছিল।

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী তথা তৃণমূল কংগ্ৰেছ মুৰব্বী মমতা বেনাৰ্জীয়ে “হিন্দী দিৱস”ৰ শুভেচ্ছা জনাই লিখিছিল: “আমি সকলো ভাষা আৰু সংস্কৃতিকে সমানে সন্মান কৰো। আমি বহু ভাষা শিকিব পাৰো কিন্তু আমি আমাৰ মাতৃভাষা পাহৰা উচিত নহয়।”

শ্বাহৰ মন্তব্যৰ পিছতে টুইটাৰত শনিবাৰে #HindiDay #StopHindiImperialism #StopHindiImposition আদি হেশ্বটেগ ট্ৰেণ্ডিঙত আহিছিল।

নতুন দিল্লীত শনিবাৰে “হিন্দী দিৱস”ৰ এক অনুষ্ঠানত গৃহ মন্ত্ৰী শ্বাহে এই বক্তব্য ৰাখিছিল।

সংবিধান সভাই ১৯৪৯ চনৰ ১৪ ছেপ্তেম্বৰত বিভাগীয় ভাষা (ৰাজভাষা)ৰূপে দিয়া স্বীকৃতিৰ স্মৃতিৰূপে প্ৰতি বছৰে এই দিনটো “হিন্দী ৰাজভাষা দিৱস”ৰূপে পালন কৰা হয়।

ভাৰতীয় সংবিধানে বহুভাষিক দেশখনৰ কোনো ভাষাকে “ৰাষ্ট্ৰভাষা” হিচাপে স্বীকৃতি নিদি হিন্দী আৰু ইংৰাজীক “বিভাগীয় ভাষা”ৰূপে ঘোষণা কৰিছে।

অসমীয়া আৰু আন ২০টা ভাষাৰ দৰেই হিন্দীও এই পৰ্য্যন্ত ভাৰতৰ সূচিত ২২টা ভাষাৰ অন্যতম।

বিষয়টো সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ মন্তব্য জানিবলৈ চেষ্টা কৰা হৈছিল কিন্তু তেওঁৰ ফোন বন্ধ আছে।

নৰ্থইষ্ট নাও-এ বিষয়টো সন্দৰ্ভত এতিয়ালৈকে অসমৰ তিনিগৰাকী বুদ্ধিজীৱীৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিছে। তেওঁলোকৰ বক্তব্য অসম্পাদিত ৰূপত আপোনালোকলৈ আগবঢ়োৱা হৈছে।

 

অপূৰ্ব কুমাৰ বৰুৱা

অমিত শ্বাহে ভাৰতৰ ব্ৰিটিছবিৰোধী আন্দোলনৰ ইতিহাস নাজানে। স্বাধীনতা আন্দোলনৰ সময়ত কলিকতা কংগ্ৰেছে বুজি পাইছিল যে মানুহৰ ওচৰলৈ যাব লাগিলে ভাষা লৈ যাব লাগিব। গতিকে তেওঁলোকে প্ৰদেশ কংগ্ৰেছ কমিটীসমূহ ভাষাৰ ভিত্তিত পুনৰ গঠন কৰিলে। ফলত এবছৰৰ ভিতৰত কংগ্ৰেছৰ সদস্যভৰ্তি দুগুণ হৈছিল।

ভাৰতবৰ্ষ বহুভাষিক দেশ, ইয়াত এটা ৰাষ্ট্ৰীয় ভাষা কৰিব নোৱাৰি। সেইটো জানে বাবেই সংবিধানত ৰাষ্ট্ৰীয় ভাষা বুলি কোনো ভাষা নাই। ভাৰতৰ ক্ষুদ্ৰ জনগোষ্ঠীসকলে নিজৰ নিজৰ ভাষা লৈ জীয়াই থাকিব লাগে। অমিত শ্বাহৰ এই ঘোষণা ক্ষুদ্ৰ জনগোষ্ঠীৰ প্ৰতি ভাবুকি। ইয়াৰ প্ৰতিবাদ সকলো ঠাইতে হ’ব।

তামিলনাডুৱে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ দৰে সমগ্ৰ ভাৰততে ইয়াৰ প্ৰতিবাদ হওক। উত্তৰ-পূবৰ থলুৱা জাতি-জনগোষ্ঠীয়ে ইয়াৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ কৰা উচিত।

 

অদীপ কুমাৰ ফুকন

অমিত শ্বাহৰ বক্তব্যৰ জৰিয়তে সমগ্ৰ ভাৰততে এক অশান্তিৰ বীজ সিঁচি দিব বিচাৰিছে। অসমৰ জাতি-জনগোষ্ঠীয় ভাষাৰ যি শিপা, সেই শিপা উভালি পেলাবলৈ চেষ্টা কৰিছে। অমিত শ্বাহক সাৱধান কৰি দিব বিচাৰিছো– ভাষাৰ প্ৰসংগত তেওঁ কোনো বক্তব্য দিয়াটো উচিত নহয়। ভাৰতৰ ৫৫কোটি মানুহেহে হিন্দী ভাষা কয়। ভাৰতবৰ্ষৰ অন্যান্য বিভিন্ন মাতৃভাষাৰ ওপৰত আঘাত হানি নিজস্ব ৰাজনৈতিক স্বাৰ্থ চৰিতাৰ্থ কৰিবলৈ আগভাগ লোৱাটো উচিত নহয়। এনেধৰণৰ বক্তব্য তেওঁ উঠাই লওক।

বিজেপিয়ে যদি এই সিদ্ধান্ত গ্ৰহণ কৰে, অসমীয়া ভাষাৰ শিপাত যদি আঘাত হনাৰ চেষ্টা কৰে, তেন্তে বিজেপিয়ে অসমত ৰোপণ কৰা বৃক্ষৰ এটাও পাত নাথাকিব।

 

হীৰেন গোহাঁই

অসমীয়া তথা অসমবাসী লোকৰ জাতীয় স্বাৰ্থ আৰু সংস্কৃতিৰ কাৰণে অতি অশুভ আৰু বিপদজনক বাৰ্তা। গেৰুৱা শিবিৰৰ ৰাজনৈতিক নেতাসকলে ভাৰতৰ বৈচিত্ৰ্য ভৰিৰে মোহাৰি এক অখণ্ড ৰাষ্ট্ৰ কৰাৰ কথা ভাবে। ইয়াৰ পৰা বুজা যায় যে তেওঁলোকে হিন্দীক ৰাষ্ট্ৰীয় ভাষা কৰিব খুজিছে। ইমানদিনে যিটো হোৱা নাছিল। এইটো হ’লে অস্তিত্বৰ সংকট হ’ব। সংবিধান আৰু গণতন্ত্ৰৰ কাৰণে এটা অতি ক্ষতিকাৰক কথা হ’ব। যিসকলে এই কথাৰ বিৰোধিতা কৰা নাই, সেইসকলে বিৰোধিতা কৰা উচিত।

অগপ দলেও ইয়াক লৈ প্ৰতিক্ৰিয়া দিয়া উচিত। অগপই সোনকালে ইয়াৰ প্ৰতিবাদ কৰা উচিত। বিজেপিৰ অসমীয়া সাংসদসকলে কি ভাবে– তেওঁলোকে খোলা-খুলিকৈ কওক।

লগতে পঢ়ক– উত্তৰ-পূবৰ লোকক হিন্দী শিকাব চৰকাৰে, অমিত শ্বাহৰ ঘোষণা

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd