• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূবৰ লোকক হিন্দী শিকাব চৰকাৰে, অমিত শ্বাহৰ ঘোষণা

Nenow এন ই নাও নিউজ
নতুন দিল্লী , September 14, 2019 10:37 pm

2 min read

We will provide Hindi training classes for people of NE, Says Amit Shah

অমিত শ্বাহৰ ফাইল ছবি।

1.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছে যে উত্তৰ-পূবৰ লোকসকলক হিন্দী শিকোৱাৰ বাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব।

নতুন দিল্লীত শনিবাৰে “হিন্দী দিৱস”ৰ এক অনুষ্ঠানত তেওঁ এই ঘোষণা কৰিছে।

“মই শেহতীয়াকৈ গুৱাহাটীলৈ গৈছিলো। মই গম পালো যে উত্তৰ-পূবৰ প্ৰায় সকলো ৰাজ্যই হিন্দী ভাষা কয়…মোক কোৱা হৈছিল যে তাত হিন্দী ভাষাটো যোগাযোগৰ মাধ্যমৰূপে ব্যৱহৃত হয়। সেয়ে, উত্তৰ-পূবৰ লোকসকলক হিন্দীৰ সঠিক প্ৰশিক্ষণ আৰু পাঠ দিয়াৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিম,” বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানটোত দিয়া ভাষণত শ্বাহে কয়।

হিন্দীক ভাৰতৰ “ৰাষ্ট্ৰভাষা”ৰূপে ঘোষণা কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰিছে।

“ভাৰতত বহুত ভাষা আছে। সকলো ভাৰতীয় ভাষাৰে নিজা তাৎপৰ্য্য আছে। কিন্তু এটা ভাষা লাগে যিটোৱে সমগ্ৰ দেশবাসীক একগোট কৰিব পাৰে,” শ্বাহে কয়।

হিন্দীক ৰাষ্ট্ৰভাষা কৰিব লাগে বুলি শ্বাহে কৰা মন্তব্যক বহুলোকে চোকা সমালোচনা কৰিছে।

ডি এম কেৰ মুৰব্বী এম কে ষ্টালিনে কৈছে যে হিন্দী ৰাষ্ট্ৰভাষা হ’ব নোৱাৰে আৰু গৃহ মন্ত্ৰীগৰাকীৰ বক্তব্যই “ভাৰতৰ ঐক্যত প্ৰভাৱ পেলাব পাৰে”।

ষ্টালিনে কয়, “হিন্দী জাপি দিয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ জনাই আহিছো। অমিত শ্বাহে আজি কৰা মন্তব্যই আমাক জোকাৰি গৈছে। তেওঁ বিবৃতিটো উঠাই লোৱাটো আমি বিচাৰিছো।”

আন বহু দলেও দাক্ষিণাত্যৰ নেতাজনৰ দৃষ্টিভংগিৰ প্ৰতিধ্বনি তুলিছে।

সংবিধান সভাই ১৯৪৯ চনৰ ১৪ ছেপ্তেম্বৰত বিভাগীয় ভাষাৰূপে দিয়া স্বীকৃতিৰ স্মৃতিৰূপে প্ৰতি বছৰে এই দিনটো “হিন্দী ৰাজভাষা দিৱস”ৰূপে পালন কৰা হয়।

Recent News

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

a black t

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য

Rhino

চতিয়াত গঁড়ৰ মুক্ত বিচৰণ; গঁড়টোৰ গতিবিধিত তীক্ষ্ণ দৃষ্টি ৰাখিছে বন বিভাগৰ লোকে

-uri

গাৰো স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে সংযুক্ত গাৰো স্বায়ত্ব পৰিষদ সংগ্রাম সমিতিৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd