• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NRC-ৰ দৰে পূৰ্বৰ এটা প্ৰক্ৰিয়াত “বিদেশী”ক খেদাত ব্যৰ্থ হৈছিল ভাৰতৰে এখন প্ৰদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2019 10:20 pm
NRC assamNRC: An objective, scientific, acceptable and problem-solving document

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সৈতে প্ৰায় একে পূৰ্বৰ এটা দৃষ্টান্তত প্ৰক্ৰিয়াটোৰ দ্বাৰা উপকৃত হ’ব নোৱাৰিছিল ভাৰতৰে এখন প্ৰদেশ।

ড০ টেইলৰ চি শ্বেৰমান নামৰ এগৰাকী গৱেষিকাই ইংলেণ্ডৰ ৰাষ্ট্ৰীয় আৰ্কাইভত হাইদৰাবাদ সম্পৰ্কীয় ডকুমেণ্টবোৰ অধ্যয়নৰ সময়ত এই সত্য উদ্ধাৰ কৰিছে। তেওঁ লণ্ডন স্কুল অব ইকনমিকছ এণ্ড পলিটিকেল ছায়েন্সৰ সহযোগী অধ্যাপিকা।

Apply Now

এন আৰ চিৰ উন্নীতকৰণে অসমৰ অৰ্ধ শতিকা পুৰণি বিদেশী সমস্যাটো সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰিও হতাশ হোৱা অসমৰ জনগণ, দল-সংগঠনৰ বাবে এয়া গুৰুত্বপূৰ্ণ হ’ব পাৰে।

গৱেষিকাগৰাকীয়ে পোৱা তথ্যমতে, স্বাধীনতাৰ সময়ত ৰজাশাসিত হাইদৰাবাদ প্ৰদেশখনক ভাৰতে বলপূৰ্বক নিজৰ সৈতে চামিল কৰাৰ (১৯৪৮ চনত) পিছতে তাত থকা বিদেশীসকলক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ এটা প্ৰয়াস কৰা হৈছিল। তেওঁলোকক ঘাইকৈ ছৌদি আৰব, য়েমেন, আফগানিস্তান, পাকিস্তান, ইণ্ডোনেছিয়াৰ নাগৰিক বুলি চিহ্নিত কৰা হৈছিল।

যদিও প্ৰক্ৰিয়াটোক তেতিয়া এন আৰ চি বুলি ক’ব পৰা নাছিল (কাৰণ তেতিয়া নাগৰিকত্ব আইন নাছিল। ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ পিছতহে ৰজাশাসিত প্ৰদেশবোৰক ভাৰতৰ নাগৰিক বুলি স্বীকৃতি দিয়া হয়), প্ৰদেশখনত হোৱা এই ঘটনাটো আছিল অসমৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো আৰু ইয়াৰ উদ্দেশ্যৰ সৈতে একে আছিল।

উক্ত ঘটনাটো সম্পৰ্কীয় নথিবোৰ অধ্যয়নৰ পৰা গৱেষিকাগৰাকীয়ে এইটো জানিব পাৰে যে নগৰখনত বাস কৰা হাজাৰ হাজাৰ লোকক “বিদেশী” বুলি চিহ্নিত আৰু আটক কৰা হৈছিল। ইয়াৰে বেছি সংখ্যক ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰ পৰা কেইবাটা প্ৰজন্ম ধৰি নগৰখনত বাস কৰি আছিল।

তেওঁলোকক আটক কৰি ডিটেইনশ্যন কেম্পত ৰখা হৈছিল যদিও শেষত প্ৰক্ৰিয়াটো এটা ব্যৰ্থ প্ৰয়াসত পৰিণত হৈছিল। কাৰণ ছৌদি আৰবকে ধৰি বহুকেইখন দেশে সেইসকল তেওঁলোকৰ দেশৰ নাগৰিক হিচাপে স্বীকাৰ কৰিবলৈ আৰু ঘূৰাই ল’বলৈ অমান্তি হৈছিল।

পিছত বহুতো লোক ব্ৰিটিছ ভাৰতত আৰু স্বাধীন ভাৰতত প্ৰদেশখনক চামিল কৰাৰ পূৰ্বেই তাত জন্ম হোৱা বুলি প্ৰমাণিত হয়।

গৱেষিকাগৰাকীৰ এইবোৰ তথ্য থকা ৰচনাখন প্ৰকাশ হৈছে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ দ্বি-মহীয়া একাডেমিক জাৰ্নেল “মডাৰ্ন এছিয়ান ষ্টাডিজ”ত।

ৰচনাখনৰ মতে, “বিদেশী” বুলি ধৰি লোৱা প্ৰায় ২১০০০ লোকক ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হৈছিল।

“কিন্তু এই লোকসকলক প্ৰত্যৰ্পণ কৰাটো ৰাজনৈতিক আৰু আইনী উভয় স্তৰতে ব্যৰ্থ হয়। প্ৰক্ৰিয়াটোত বহুতো লোক ৰাষ্ট্ৰবিহীন হৈ পৰিছিল”, গৱেষিকাগৰাকীৰ লেখাটোত কোৱা হয়।

লেখাটোত তেওঁ দাবী কৰে, ভাৰত চৰকাৰে আটকাধীন লোকসকলক তেওঁলোক যি দেশৰ বুলি ধৰা হৈছিল সেইবোৰ দেশৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে প্ৰত্যৰ্পণ কৰাৰ প্ৰস্তাৱ লৈছিল। কিন্তু বিদেশত থকা ভাৰতীয় সম্প্ৰদায়বোৰৰ ওপৰত এই কাৰ্য্যই বিৰূপ প্ৰভাৱ পেলাব বুলি এটা শংকাৰ সৃষ্টি হৈছিল।

চৰকাৰে প্ৰত্যৰ্পণ কৰিবলৈ বিচৰা বহুতো লোকৰ কোনো গৃহৰাষ্ট্ৰ নাছিল, অন্ততঃ আইনৰ দৃষ্টিত। গতিকে খুব কম সংখ্যক “অবাঞ্ছিত” আফগান নাগৰিক কেইজনমানকহে প্ৰত্যৰ্পণ কৰা হৈছিল। ছৌদি আৰবৰ সৈতে কৰা তিনি বছৰীয়া আলোচনাৰ অন্তত দেশখনৰ পৰা অহা বুলি ভবা প্ৰায় দুই ডজন লোকক ঘূৰাই পঠাব পৰা নগ’ল। শেষত হাইদৰাবাদ চৰকাৰে সিদ্ধান্ত লৈছিল এইদৰে, “হাইদৰাবাদৰ এই ২৩জন লোকৰ উপস্থিতিয়ে ৰাজ্যখনৰ কোনো পাৰ্থক্য সৃষ্টি নকৰে”, ৰচনাখনত লেখিকাগৰাকীৰ দাবী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd