হাৰিয়ানাত অবৈধ বাংলাদেশী আৰু ৰোহিংগ্যা থকাৰ কথা সদৰী কৰি হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰে অসমৰ দৰে ৰাজ্যখনতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)প্ৰস্তুত কৰিব বুলি ঘোষণা কৰিছে।
মনোহৰ লাল খট্টৰে দেওবাৰে কয়,’’ৰাজ্য চৰকাৰে পৰিয়াল পৰিচয় পত্ৰ আৰু ইয়াৰ তথ্যৰ ওপৰত ক্ষিপ্ৰতাৰে কাম কৰি আছে। এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ’ব।‘’
’’ৰাজ্যখনত এখন আইনী আয়োগ গঠন কৰাৰ বিষয়তটো চিন্তা কৰা হৈছে আৰু এক পৃথকভাৱে স্বতন্ত্ৰ বিভাগৰ গঠন কৰা হ’ব য’ত সমাজৰ বুদ্ধিজীৱীসকলৰ মতামত গ্ৰহণ কৰা হ’ব,’’- তেওঁ লগতে জানিব দিয়ে।
মুখ্য মন্ত্ৰীগৰাকীৰ হাৰিয়ানাত এন আৰ চি আৰম্ভ কৰাৰ বিষয়ত দিয়া বক্তৱ্যৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ভুপিন্দৰ সিং হুড্ডাই কয় যে মুখ্য মন্ত্ৰীয়ে যিটো কৈছে সেয়া আইনত আছেই, বিদেশীসকল ইয়াৰ পৰা যাব লাগিব।ইয়াত বিদেশীসকলক চিনাক্ত কৰাটো চৰকাৰৰ দায়িত্ব।
আনহাতে, হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে হাৰিয়ানাত ছচিয়েল অ’ডিট ছিষ্টেমও প্ৰৱৰ্তন কৰা হ’ব যাতে সমাজৰ বুদ্ধিজীৱীসকলৰ দ্বাৰা বিকাশমূলক কামৰ অ’ডিট কৰিব পৰা যায়।
তেওঁ ইয়াত অৱসৰপ্ৰাপ্ত লোক, অধ্যাপক, অভিযন্তা আৰু বিশেষজ্ঞসকলক সামৰি লোৱা হ’ব বুলি কয়। ইয়াৰ বাবে আগন্তুক সময়ত এটা স্বতন্ত্ৰ বিভাগ গঠনৰ কথাও তেওঁ জানিবলৈ দিয়ে।
মনোহৰ লাল খট্টৰে প্ৰাক্তন ন্যায়াধীশ এছ এছ ভাল্লাকো প্ৰশংসা কৰে। ভাল্লাই কৈছিল যে তেওঁ এন আৰ চিৰ তথ্য অধ্যয়ন কৰিবৰ বাবে অসম আহিবলৈ সাজু আছে। মুখ্য মন্ত্ৰী গৰাকীয়ে হাৰিয়ানা চৰকাৰে ৰাজ্যখনত এন আৰ চি আৰম্ভ কৰিবলৈ ন্যায়াধীশ এছ এছ ভাল্লাৰ সহায় ল’বলৈ ইচ্ছুক বুলিও জানিবলৈ দিয়ে।
ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ আগবঢ়াৰ সময়তে খট্টৰে এন আৰ চিৰ ওপৰত এই বক্তৱ্য দাঙি ধৰিছে।
ৰাজ্যখনৰ কিছুমান অংশত ৰোহিংগ্যা মুছলমান আৰু অবৈধ বাংলাদেশী আহি থকাৰ কথা চৰ্চা হৈছে। এনে ক্ষেত্ৰত এন আৰ চিৰ সহায়ত প্ৰকৃততে ৰাজ্যখনত বিদেশী লোকে অনুপ্ৰৱেশ কৰিছে নে নাই সেয়া স্পষ্ট হ’ব।