• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী নহয়, যৌনকৰ্মী হোৱা বাবেই এন আৰ চিৰ পৰা বাহিৰত ৰ’ল দুশৰো অধিক

পৰিয়ালে অস্বীকাৰ কৰিলে “সম্পৰ্ক”; বিদেশী ঘোষিত হোৱাৰ শংকাত অসমৰ এখন গণিকালয়ৰ ২০০ আৱাসী

অনিৰুদ্ধ লস্কৰ by অনিৰুদ্ধ লস্কৰ
September 16, 2019 5:09 pm
mumbai-story_647_062816093148-647x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশী নহয়, যৌনকৰ্মী হোৱা বাবেই এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে কাচাৰ জিলাৰ শিলচৰৰ গণিকালয়ত থকা দুশৰো অধিক যৌনকৰ্মীয়ে।

জীৱনৰ পৰিস্থিতিয়ে দিয়া “বৃত্তি”ৰ বাবে সমাজৰ একাষৰীয়া হৈ পৰা যৌনকৰ্মীসকলক তেওঁলোকৰ পৰিয়ালবোৰে লিগেচি দিবলৈ অস্বীকাৰ কৰে আৰু এই কাৰণতে ভাৰতীয় নাগৰিকৰ চূড়ান্ত নাম-তালিকাখনতো একাষৰীয়া হৈ ৰ’ব লগীয়া হয়।

Apply Now

কিছুমানে ফৰ্ম সংগ্ৰহ কৰিও সেইবোৰ জমা দিব নোৱাৰিলে ঘৰৰ পৰা অত্যাৱশ্যকীয় নথি-পত্ৰ আনিব নোৱৰা বাবে।

গতিকে স্বতঃসিদ্ধভাৱেই ১৪ ছেপ্টেম্বৰত অনলাইনত উপলব্ধ হোৱা এন আৰ চিৰ সম্পূৰ্ণ তালিকাত নাম অন্তৰ্ভুক্ত নহ’ল এইসকল নাগৰিকৰ।

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ এই গণিকালয়খন শিলচৰ চহৰৰ প্ৰেমতলা অঞ্চলত অৱস্থিত আৰু ইয়াত প্ৰায় ২০০গৰাকী যৌনকৰ্মী আছে। অঞ্চলটো স্থানীয়ভাৱে “চৌধ নম্বৰ গলি” বুলি জনাজাত। প্ৰায়বোৰ আৱাসীয়ে মানৱ সৰবৰাহৰ বলি।

নাম প্ৰকাশ নকৰাৰ চৰ্তত এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে কয়, “ইয়াত থকা বেছি সংখ্যকেই মানৱ সৰবৰাহ আৰু অন্যান্য সমস্যাৰ বলি, গতিকে তেওঁলোকৰ হাতত কোনো বৈধ নথি নথকাটো স্বাভাৱিক। কলকাতাৰ সোণাগাচিৰ যৌনকৰ্মীসকলৰ ভোটাৰ পৰিচয়পত্ৰ আৰু আধাৰ কাৰ্ড থকাৰ দৰে এওঁলোকৰ নাই”।

“আমি এন আৰ চিত আৱেদন কৰিব বিচাৰিছিলো আৰু আমাৰ কিছুমানে ফৰ্ম পূৰাইছিলো। কিন্তু আমাৰ পৰিয়ালে আমাক তেওঁলোকৰ সদস্য বুলি মানি ল’বলৈ অস্বীকাৰ কৰিলে। তেতিয়াই আমাৰ স্বপ্ন থানবান হৈ যায়। এতিয়া আমি এটা শংকাত জীয়াই আছো। যিকোনো দিনাই আমাক দেশ এৰিবলৈ ক’ব পাৰে বা ডিটেনশ্যন কেম্পলৈ লৈ যাব পাৰে”, নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত গণিকালয়খনৰ এগৰাকী যৌনকৰ্মীয়ে কয়।

কেইবাগৰাকীও মহিলা অধিবক্তা, স্বেচ্ছাসেৱী সংগঠনো এই যৌনকৰ্মীসকলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন।

কাচাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সদস্য আৰু সমাজকৰ্মী তুহিনা শৰ্মাই নৰ্থ-ইষ্ট নাওৰ আগত অঞ্চলটোৰ যৌনকৰ্মীসকলৰ বিষয়ে কয়, “তেওঁলোকো আমাৰ সমাজৰ অপৰিহাৰ্য্য অংগ। কিন্তু অপ্ৰিয় সত্যটো হ’ল, আমি তেওঁলোকক স্বাভাৱিকভাৱে গ্ৰহণ নকৰো। আমি কেইবাবাৰো তালৈ গৈছো, বিশেষকৈ এইডছ নিয়ন্ত্ৰণ সম্পৰ্কীয় কাৰণত। আনকি বিনামূলীয়া স্বাস্থ্য শিবিৰো আয়োজন কৰিছিলো।”

কাচাৰ জিলা আইন সেৱা প্ৰাধিকৰণে ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ২০১৭ চনত চেষ্টা কৰিছিল বুলি জানিবলৈ দি তেওঁ কয়, ”কিন্তু এই প্ৰয়াস অথলে যায় নথি-প্ৰত্ৰ নথকা বাবে”।

“গণিকালয়খন থকা মাটিখিনি শিলচৰ পৌৰ নিগমৰ স্বত্বাধীন, কিন্তু গণিকালয়খনৰ কোনো গৰাকী নাই। গতিকে ইয়াৰ আৱাসীসকলে স্বীকৃতি পাব পৰাকৈ তেওঁলোকে থকা বা কাম কৰা ঠাইৰ কোনো নথি নাই”, তুহিনা শৰ্মাই কয়।

অনিৰুদ্ধ লস্কৰ

অনিৰুদ্ধ লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd