ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে দেশৰ মুঠ ৬৪ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।
মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ উপৰি হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ তাৰিখো ঘোষণা কৰে।
অসমৰ চাৰিটা বিধানসভা সমষ্টিকে ধৰি মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ এটাকৈ বিধানসভা সমষ্টি আৰু ছিকিমৰ তিনিটা বিধানসভা সমষ্টিত অহা ২১ অক্টোবৰত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব।
অসমৰ উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বিধানসভা সমষ্টি কেইটা হৈছে ৰঙাপাৰা, সোণাৰী,জনিয়া আৰু ৰাতাবাৰী।
উল্লেখযোগ্য যে যোৱা লোকসভা নিৰ্বাচনত উক্ত বিধানসভা সমষ্টিকেইটাৰ বিধায়ক ক্ৰমে পল্লৱলোচন দাস, তপন গগৈ, আব্দুল খালেক আৰু কৃপানাথ মাল্লা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছৰে পৰা আসনকেইখন খালী হৈ আছে।
উপ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৱিশেষ এনেধৰণৰঃ
গেজেট নটিফিকেশ্যন জাৰি কৰাৰ তাৰিখ: ২৩ ছেপ্টেম্বৰ
মনোনয়ন পত্ৰ দাখিলৰ তাৰিখ: ৩০ছেপ্টেম্বৰ
মনোনয়ন পত্ৰ পৰীক্ষাৰ তাৰিখ: ১ অক্টোবৰ
প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ তাৰিখ: ৩ অক্টোবৰ
নিৰ্বাচন অনুষ্ঠিত হোৱা তাৰিখ: ২১ অক্টোবৰ
ভেট গণনা, উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ তাৰিখ: ২৪ অক্টোবৰ