• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্থানীয় কৰ্মসংস্থাপন সৃষ্টি তথা বৃদ্ধিৰ বাবে অ’এন জি চি য়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে; স্থানীয় বন্ধই অ’ এন জি চি কৰ্মীসকলক নিৰাশ কৰিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 24, 2019 5:26 pm
Representing image

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ এক দায়িত্বশীল ক’ৰ্প’ৰেট খণ্ড হিচাপে অ’এন জিচিয়ে ৰাজ্যখনৰ লগতে বিশেষকৈ নিগমৰ খনন-উৎপাদন চলাই থকা অঞ্চলৰ ৰাইজৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত সদায়েই বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে।

১৯৬০ চনত তেল আৰু গেছৰ অন্বেষণ আৰম্ভ কৰাৰে পৰা অসমতো অ’এনজিচিয়ে প্ৰতিটো মূহুৰ্ততে অসমৰ ৰাইজৰ কাষত ৰাইজৰ প্ৰতিষ্ঠান হিচাপে থিয় হৈ দেশৰ শক্তিখণ্ডক শক্তিশালী কৰাৰ লগতে কৰ্মসংস্থাপন সৃষ্টি, শিক্ষা, কলা, সাহিত্য তথা সংস্কৃতিৰ প্ৰসাৰ, দক্ষতা বিকাশ, উন্নতমানৰ স্বাস্থ্য সেৱা উপলব্ধ কৰা তথা বিভিন্ন আন্তঃগাঁঠনি উন্নয়ন প্ৰকল্প ইত্যাদিৰ মাধ্যমেৰে সমাজৰ সৰ্বাংগীন উন্নতিৰ হকে উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে।

Apply Now

অ’এনজিচি য়ে সামাজিক তথা অৰ্থনৈতিক বিকাশৰ এই অবিৰত ধাৰাক আৰু এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যে অসমৰ ৰাইজৰ বিশেষকৈ নিগমৰ খনন আৰু উৎপাদন অঞ্চলৰ ৰাইজৰ আকুন্ঠ সহায় সহযোগিতা কামনা কৰিছে।

শিক্ষাৰ ক্ষেত্ৰত, প্ৰজেক্ট চুপাৰ ৩০ ৰ জৰিয়তে এতিয়ালৈকে ৭০ জন ছাত্ৰ ছাত্ৰীয়ে আই আই টি, এন আই টি ৰ উপৰিও দেশৰ বিভিন্ন আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষানুষ্ঠানত সফলতাৰে নাম ভৰ্তি কৰিছে।

স্বাস্থ্য শিতানটো অনুৰূপ ধৰণেৰে ৩১৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত অ’এনজি চি ৰ দেশৰ ভিতৰতে বৃহত্তম চি এছ আৰ প্ৰজেক্ট শিৱসাগৰৰ চাওলুং চুকাফা চিকিৎসালয়ে সুলভ মূল্যত উৎকৃষ্ট মানদণ্ডৰ চিকিৎসা সেৱাই জনগণক উপকৃত কৰিছে।

কৰ্মসংস্থাপনৰ বৃদ্ধিৰ উদ্দেশ্যে নিগমে শেহতীয়াকৈ ৱৰ্ক অ’ভাৰ ছাইট ৰ প্ৰায় ৩৭ কোটি টকাৰ ঠিকা কামৰ বাবে ১১৩ জন চিভিল ঠিকাদাৰক নিগমৰ তালিকাভুক্ত কৰিছে। অনুৰূপধৰণে ৩৫০ জন নিবনুৱা নিগমৰ লঘু যান বাহনৰ মালিক তথা চালকৰ ঠিকাৰ যোগেদি লাভান্বিত হৈছে।

যোৱা কেইটামান বছৰৰ ভিতৰতেই অ’এনজিচি য়ে পোনপটীয়াকৈ ১৪৮৬ গৰাকী স্থানীয় নিবনুৱা যুৱক যুৱতীক বিভিন্ন পদত নিযুক্তি প্ৰদান কৰিছে।

অন্য ৩০৮ গৰাকী স্থানীয় নিবনুৱা যুৱক যুৱতীক বিভিন্ন পদত নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈছে।

তাৰোপৰি নিগমত বৰ্তমান প্ৰায় ৭০০ শিক্ষানবিচক নিজা নিজা বিষয়ত নিয়োগ দক্ষতা বিকাশৰ সুবিধা প্ৰদান কৰি থকা হৈছে। ইয়াৰোপৰি পৰোক্ষ কৰ্মসংস্থাপন তথা অন্যান্য আনুষংগিক সা সুবিধাৰে হাজাৰ হাজাৰ স্থানীয় লোক তথা পৰিয়াল উপকৃত হৈ আহিছে।

এই সক্ৰিয় পদক্ষেপ সমূহৰ বাবে সময়ে সময়ে অ’এনজিচি য়ে প্ৰশংসা বুটলিবলৈ  সক্ষম হৈছে।

এই নিৰবিচ্ছিন উন্নয়নমূলক প্ৰচেষ্টা সমূহক আৰু এঢাপ আগুৱাই লৈ যাবলৈ নিগমে শেহতীয়াকৈ সৰু, মজলীয়া, ডাঙৰ সকলো শ্ৰেণীৰ ঠিকাদাৰ সকল লাভবান হোৱাকৈ
খনন স্থলী নিৰ্মাণৰ কাৰণে ৩ বছৰৰ বাবে এনুৱেল ৰেট কণ্ট্ৰেক্ট (এ আৰ চি) ৰ ব্যৱস্থা কৰিছে।

এই ৰেট কণ্ট্ৰেক্ট (এ আৰ চি) ব্যৱস্থাৰ যোগেদি সৰু সৰু ঠিকাদাৰ সকলেও ডাঙৰ ঠিকাদাৰৰ তলত কাম নকৰি স্বতন্ত্ৰভাবে পোনপটীয়াকৈ অ’এনজিচি ৰ লগত কাম কৰিব পাৰিব।

নিগমে পুনৰবাৰ দোহাৰে যে নিয়োগ সৃষ্টি কৰা আৰু একেধৰণৰ নিবিদাৰ পুনৰাবৃত্তি বন্ধ কৰাই হৈছে এ আৰ চি ৰ একমাত্ৰ লক্ষ্য।

ৰাইজৰ প্ৰতিষ্ঠান হিচাপে সমাজৰ সামগ্ৰিক বিকাশ তথা স্থানীয় কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে অ’এন জি চি য়ে নিৰলস ভাবে প্ৰচেষ্টা কৰি আহিছে। তৎসত্তেও সময়ে সময়ে কিছু সংখ্যক ব্যক্তি তথা সংগঠনে অ’ এন জি চি ক অসমবিৰোধী বুলি অপপ্ৰচাৰ চলাই অহা পৰিলক্ষিত হৈছে আৰু এই অপপ্ৰচাৰে নিগমৰ বিষয়া-কৰ্মচাৰী সকলকো নিৰাশ কৰিছে।

উক্ত এ আৰ চি ৰ বিৰুদ্ধেও কিছুসংখ্যক ব্যক্তি তথা সংগঠনে ১০০ ঘন্টীয়া অ’ এন জি চি বন্ধ ৰ দৰে কাৰ্যসূচী ঘোষণা কৰিছে।

এনে একোটা বন্ধৰ বাবে দৈনিক ২০০০ টন খাৰুৱা তেল আৰু এক মিলিয়ন ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছৰ অপচয় হয়, যি ৰাজ্য তথা দেশৰ শক্তিখণ্ডৰ লগতে ৰাজকোষৰ বাবেও এক অপূৰণীয় ক্ষতি।

অ’এনজিচি য়ে পুনৰবাৰ দোহাৰে যে ৰাজ্য খনৰ প্ৰগতিৰ অংশীদাৰ হিচাপে অ’এন জি চি অসমৰ জনগণৰ লগতে ৰাজ্য খনৰ সামগ্রিক উন্নয়নৰ প্ৰতি সদায়েই দায়বদ্ধ।

সেয়েহে, সংশ্লিষ্ট সকলোকে ৰাষ্ট্ৰীয় স্বাৰ্থত ক্ষতি কৰিব পৰা কোনোধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত নলবলৈ আৰু অ’এন জিচি কৰ্মকৰ্তাক কাৰ্য সম্পাদন কৰাত বাধা প্ৰদান নকৰিবলৈ নিগমৰ তৰফৰ পৰা আহ্বান জনোৱা হয়।

অ’এন জি চি য়ে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, সংবাদসেৱী সকল, বিভিন্ন সামাজিক তথা সাংস্কৃতিক দল সংগঠন, জনসাধাৰণ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনটো ৰাজ্য তথা ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে শক্তিখণ্ডত স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে একেলগে কাম কৰি যাবলৈ আহ্বান জনাই সকলোৰে সহায় সহযোগিতা কামনা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd