• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট সাহিত্যিক, গৱেষক তথা গণিতজ্ঞ ড০ দিলীপ কুমাৰ দত্তৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2019 8:30 pm
dilip kr dutta

ড০ দিলীপ কুমাৰ দত্ত। ফাইল ফটো

31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট সাহিত্যিক, গৱেষক তথা গণিতজ্ঞ ড০ দিলীপ কুমাৰ দত্তৰ দেহাৱসান ঘটিছে।.বাৰ্ধক্য জনিত ৰোগত আজি সন্ধিয়া আমেৰিকাত থকা বাসভৱনত অধ্যাপক দত্তৰ পৰলোকপ্ৰাপ্তি ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ।

Apply Now

বিশিষ্ট সাহিত্যিক তথা আমেৰিকাৰ কিংষ্টনৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক আছিল ড০ দিলীপ কুমাৰ দত্ত ৷

অধ্যাপক দত্তই অসমীয়া সাহিত্যলৈ ১৫খনতকৈয়ো অধিক গ্ৰন্থ উপহাৰ দি গৈছে।

তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত আছে ‘ড০ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ’, ‘মনে মোৰ কইনা বিচাৰে’, ‘মিছ গুৱাহাটী’, ‘শুভদিনৰ নিৰ্ঘন্ট’, ‘প্ৰেমত পৰিলো নেকি’ ইত্যাদি।

ড০ দত্ত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ তত্ত্বগত দিশৰ বিচাৰ-বিশ্লেষণ কৰা প্ৰথমগৰাকী লেখক-সমালোচক হিচাপে পৰিচিত আছিল।

তেওঁৰ “ফলি লোৱা বুৰঞ্জী” অসমৰ সমাজ জীৱনৰ ইতিহাসৰ এছোৱা বিশেষ সময়ৰ গুৰুত্বপূৰ্ণ দলিল হিচাপে পৰিগণিত হৈছে।

‘মনে মোৰ কইনা বিচাৰে’ ড০ দত্তৰ এখন অতি সুখপাঠ্য গ্ৰন্থ।

তদুপৰি, বিশিষ্ট গণিতজ্ঞ গৰাকীয়ে কেইবাখনো গণিত বিষয়ৰ গ্ৰন্থও ৰচনা কৰি গৈছে।

১৯৩৭চনত জন্ম গ্ৰহণ কৰা দিলীপ কুমাৰ দত্তৰ পিতৃ আছিল ফণীধৰ দত্ত আৰু মাতৃ ৰত্নেশ্বৰী দত্ত। যোৰহাটৰ তৰাজান প্ৰাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰা দিলীপ কুমাৰ দত্তই পৰৱৰ্তী সময়ত গুৱাহাটীৰ লতাশিল স্কুল, মানিক চন্দ্ৰ মধ্য ইংৰাজী স্কুল, কলেজিয়েট হাইস্কুলত অধ্যয়ন কৰিছিল।

কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লোৱা দিলীপ কুমাৰ দত্তই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী গ্ৰহণ কৰিছিল।

ইংলেণ্ডৰ ছাউথাম্পটন বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিছিল অধ্যাপক দিলীপ কুমাৰ দত্তই। কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰা দত্তই  ১৯৬৭ চনৰ পৰা আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।

২০০৬চনত চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছতে বিশিষ্ট সাহিত্যিকগৰাকী কেন্সাৰ ৰোগত আক্ৰান্ত হয়।

ব্ৰিটিছ চৰকাৰৰ ফেলশ্বিপ লাভ কৰা প্ৰথমগৰাকী অসমীয়া ছাত্ৰ দিলীপ কুমাৰ দত্তই কম্পিউটাৰত প্ৰথম অসমীয়া আখৰেৰে গ্ৰন্থৰ ৰচনা কৰিছিল।

বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ডঃ দিলীপ কুমাৰ দত্তৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ l

আনহাতে, বিশিষ্ট লেখক, কলাসাধক, অধ্যাপক ড০দিলীপ কুমাৰ দত্তৰ বিয়োগত অসম সাহিত্য সভাইয়ো গভীৰ শোক প্ৰকাশ কৰিছে।

‘’প্ৰবাসৰ পৰাই অসমৰ জনজীৱন, সাহিত্য সংস্কৃতিৰ লগত যাৰ আজীৱন সম্পৰ্ক, সেই অসমপ্ৰাণ ড০দিলীপ কুমাৰ দত্তৰ প্ৰয়াণত অসমী আয়ে এক সু-সন্তান হেৰুৱালে।‘’

অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই এক শোকবাৰ্তা যোগে বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd