• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“আছু”ক নস্যাৎ কৰি কাৰ শক্তি প্ৰদৰ্শন? “জাতি-মাটি-ভাষা”ৰ নতুন সংজ্ঞা লিখিলে দেৱালত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 28, 2019 8:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব বিধেয়কৰ সমৰ্থনেৰে জাতি-মাটি-ভাষাৰ “নতুন সংজ্ঞা” দেৱালত লিখি “কেব” বিৰোধী আছুক প্ৰত্যাহ্বান জনোৱাৰ ধৃষ্টতা কৰিলে এটা সংগঠনে।

মহানগৰীৰ খানাপাৰাস্থিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্য্যালয় চৌহদৰ দেৱালত দেখা গৈছে এক বিতৰ্কিত দেৱাল লিখন।

Apply Now

“আমাৰ লক্ষ্য- জাতি-হিন্দু বাংলাদেশী, মাটি- ৰামদেৱ, ভাষা- বঙালী” এই বিতৰ্কিত দেৱাললিখনি এ বি ভি পি (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে)ৰ নামত লিখা হৈছে, যিটো অস্বীকাৰ কৰিছে হিন্দুত্ববাদী সংগঠনটোৱে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই প্ৰচাৰবাণী লিখোঁতাই পূৰ্বে তাত থকা সদৌ অসম ছাত্ৰ সন্থাৰ নাম আৰু সংগঠনটোৰ “কেব” বিৰোধী প্ৰচাৰবাণীবোৰ মচি তাৰ ওপৰতে লিখিছে।

ক’লা ৰঙেৰে মচি ABVP বুলি লিখি দিয়াৰ পূৰ্বে দেৱালকেইখনত লিখা আছিল “AASU, AASU in our blood”.

আছুৰ “কেব” বিৰোধী স্থিতিক স্পষ্টকৈ প্ৰত্যাহ্বান জনাবলৈ কৰা যেন ভাব হোৱা এই কাণ্ডক অস্বীকাৰ কৰিছে এ বি ভি পিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক তথা প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক নয়নজ্যোতি শৰ্মাই।

“আমাৰ কাৰ্য্যকৰ্তাই বেলেগৰ লিখনি মচি দেৱাল লিখন কৰা নাই। বৰ্তমান দেৱাল লিখন বন্ধ কৰি ৰখা হৈছে, কেইবাদিনো আগতে দেৱাল লিখন চলিছিল”, কোনো দুষ্ট চক্ৰইহে এই কাম কৰা বুলি মন্তব্য কৰি শৰ্মাই কয়।

শেহতীয়াকৈ ৰাজ্যখনত চকুত পৰাকৈ ভিত্তি আহৰণ কৰা হিন্দুত্ববাদী ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (এ বি ভি পি) ঘটনাটোক কোনো দুষ্টচক্ৰৰ কাম আখ্যা দিছে।

ঘটনাটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ মত, এয়া অসম বিৰোধী চক্ৰৰ কাম হ’ব।

“এই কামৰ লগত অসম বিৰোধী চক্ৰ জড়িত থাকিব পাৰে। এইবোৰ সংঘাত সৃষ্টি কৰিবলৈ কৰা কাম-কাজ। এইবোৰ কামত কোনো গঠনমূলক কথা-বতৰা নাই। ছাত্ৰ সন্থাৰ শ্ল’গান ক’লা ৰঙেৰে মচিলেও মানুহৰ হৃদয়ৰ পৰা ছাত্ৰ সন্থাক মচি দিব নোৱাৰে”, গগৈয়ে কয়।

অবৈধ হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে বিজেপি চৰকাৰে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কৰ পটভূমিত দুয়োটা ছাত্ৰ সংগঠনে বিপৰীত স্থিতি লৈ আহিছে।

দুয়োটা ছাত্ৰ সংগঠনৰ মাজত শেহতীয়াকৈ একাধিক সংঘাতৰ ঘটনা সংঘটিত হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd