• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তেওঁৰ কিতাপৰ ত্ৰুটি আঙুলিয়াই দিয়া অৰুণাচলৰ ছাত্ৰীক মোদীৰ ধন্যবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2019 1:33 pm
shillong

নৰেন্দ্ৰ মোদীৰ ফাইল ফটো

3.1k
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোদীৰ ‘Exam Warriors’ নামৰ পুথিখনৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়াই প্ৰধানমন্ত্ৰী গৰাকীৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে অৰুণাচল প্ৰদেশৰ এগৰাকী ছাত্ৰী।

কালি অৰ্থাৎ দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে অৰুণাচলৰ ৰয়িঙৰ ছাত্ৰী এলীনা টায়েঙৰ কথা উল্লেখ কৰি কয় ছাত্ৰীগৰাকীয়ে দুবাৰকৈ কিতাপখন পঢ়িছে আৰু মোদীক কিতাপখনৰ নতুন সংস্কৰণত অভিভাৱক আৰু শিক্ষকসকলৰ বাবে ‘মন্ত্ৰ’ অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছে।

প্ৰধনামন্ত্ৰী গৰাকীলৈ লিখা পত্ৰত ছাত্ৰীগৰাকীয়ে কয় যে তেওঁ কিতাপখন ‘দুবাৰতকৈ বেছি’ পঢ়িছে আৰু পঢ়ি যথেষ্ট ভাল পাইছে।

উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদীৰ ‘Exam Warriors’ কিতাপখন হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰচনা কৰা এখন অনুপ্ৰেৰণামূলক হাতপুথি।

ইয়াত ছাত্ৰ-ছাত্ৰীসকলে কিদৰে পৰীক্ষাৰ চাপৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰে তাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।

ছাত্ৰী গৰাকীৰ মতে কিতাপখনত অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবেও কিছু পৰামৰ্শ থাকিব লাগে আৰু মোদীয়ে যদি এটা সংস্কৰণ লিখাৰ কথা ভাবিছে তেন্তে তাত সেইসমূহ অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়।

মোদীয়ে কয়, ‘দুবাৰতকৈ অধিক Exam Warriors পঢ়াৰ বাবে তোমাক ধন্যবাদ আৰু কিতাপখনত থকা ভূল-ত্ৰুটি আঙুলিয়াই দিয়াৰ বাবে বিশেষভাৱে ধন্যবাদ’।

‘তুমি মোক কোৱাৰ দৰে, এটা নতুন সংস্কৰণ লিখাৰ বাবে মই যেতিয়া সময় পাম মই নিশ্চয় অভিভাৱক আৰু শিক্ষকসকলৰ বাবে কিবা লিখিবলৈ চেষ্টা কৰিম’ মোদীয়ে কয়।

আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পত্ৰখনৰ কথা পৰা ‘মন কি বাত’ অনুষ্ঠানত উল্লেখ কৰাত উৎফুল্লিত হৈ পৰে এলীনা টায়েং। প্ৰধানমন্ত্ৰী গৰাকীৰ পৰা এইদৰে প্ৰশংসা পাব বুলি ভবা নাছিল বুলি উল্লেখ কৰি তেওঁ মোদীক ধন্যবাদ জনায়।

Recent News

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

দুদিনীয়া ভ্ৰমণ সূচীৰে আৰ্জেন্টিনাত উপস্থিত প্ৰধান মন্ত্ৰী মোদী

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd