অব্যাহত আছে শক্তি বিভাগৰ গাফিলতিৰ ধাৰা। বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত বিদ্যুৎস্পৃষ্টৰ দৰে ঘটনা সংঘটিত হৈ থকাৰ সময়তে এইবাৰ গোলকগঞ্জত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি একেটা পৰিয়ালৰে তিনিজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই কৰুণ ঘটনাটো সংঘটিত হৈছে গোলকগঞ্জৰ চৰাইখোলা গাঁৱত।
ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে আবেলি ইছপ আলী শ্বেখ নামৰ এজন লোকে চৰাইখোলা গাঁৱৰ নিজ খেতি পথাৰত ঔষধ ছটিয়াবলৈ যোৱাৰ সময়তে পথাৰত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুবৰণ কৰে।
লোকজন বহু সময় ধৰি ঘৰলৈ উভটি নহা দেখি পত্নী বাছা বিবিয়ে নিজৰ স্বামীক বিচাৰি পথাৰলৈ যায়। আৰু তাত স্বামীক পৰি থকা দেখি স্পৰ্শ কৰাত পত্নী গৰাকীও বিদ্যুৎস্পৃষ্ট হয়। এই কথা গম পাই বাছা বিবিৰ শহুৰেক বাদছা আলীয়ে উদ্ধাৰৰ বাবে গৈছিল যদিও তেওঁ বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হয়।
ইফালে এটি শিশুৱে এই দৃশ্য দেখি চিঞৰ-বাখৰ কৰাত ঘটনাস্থলত স্থানীয় লোক উপস্থিত হৈ লগে লগে বিদ্যুৎ কৰ্তন কৰে আৰু আঘাতপ্ৰাপ্ত দুয়োকে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয় পোৱাৰ আগেয়ে বাদছা আলী শ্বেখ আৰু বাছা বিবিৰ মৃত্যু হয়।
এই ঘটনাৰ পাছতে স্থানীয় লোকসকল উত্তেজিত হৈ পৰে আৰু ঘটনাৰ তদন্তৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।





