• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত এপ্ৰিলত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2018 7:19 am
PNRD-Assam
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা এপ্ৰিল মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। এপ্ৰিলৰ অন্তিম ভাগত দুটা বা তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ সময়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব। সদনত বাজেট দাখিল কৰাৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব।

Apply Now

এক চৰকাৰী সূত্ৰৰ মতে সাধাৰণ বাজেট ১২ মাৰ্চত দাখিলৰ বাবে নিৰ্দ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ কেইদিন পিছতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ’ব পাৰে।

এপ্ৰিলৰ শেহৰ ফালে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনটো তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এপ্ৰিলৰ প্ৰথম সপ্তাহলৈ বাজেট অধিৱেশন চলি থাকিব আৰু ইয়াৰ মাজতে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰে প্ৰচাৰ অভিযানতো ব্যস্ত হৈ পৰিব।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদ আৰু বিপিএফ দলে নিজাববীয়াকৈ নিৰ্বাচন খেলাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে এইক্ষেত্ৰত অগপ দলৰ সভাপতি গৰাকীয়ে আনুষ্ঠানিকভাৱে কোনো মত প্ৰকাশ কৰা নাই।

ইতিমধ্যে অগপৰ নেতাসকলে পঞ্চায়ত নিৰ্বাচনত অকলে নিৰ্বাচন খেলাৰ বাবে তৃণমূল পৰ্যায়ত সংগঠনৰ কৰ্মীসকলক সংগঠিত কৰাৰ কাম চলাই আহিছে। দলৰ জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰীৰ নেতৃত্বত পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় পৰ্যায়ত অনুশীলন আৰম্ভ কৰা হৈছে বুলিও জানিব পৰা গৈছে।

আনহাতে, বিজেপিয়েও পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ বাবে সাজু হৈ আছে। দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বিভিন্ন সময়ত এই বিষয়ত ইংগিত দাঙি ধৰি দলে এককভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ব্যক্ত কৰি আহিছে।

একেদৰে বিপিএফ দলেও এইবাৰ পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা প্ৰৱল। বিজেপি সভাপতিগৰাকীৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কিছুদিন আগতে আনকি মিত্ৰতা ভংগৰো হুংকাৰ দিছিল।

অগপ-বিজেপিৰ মিত্ৰতা পঞ্চায়ত নিৰ্বাচনত অটুট থাকিবনে নাই সেয়া অতি সোনকালেই স্পষ্ট হ’ব যদিও অগপ দলৰ তৃণমূল পৰ্যায়ৰ লগতে কেন্দ্ৰীয় পৰ্যায়ৰো অধিকাংশ নেতাই অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ প্ৰতি আগ্ৰহী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd