প্ৰয়োজনীয় পৰিচয় পত্ৰ সমূহৰ কথা আহিলে পাৰমানেণ্ট একাউণ্ট নম্বৰ চমুকৈ PAN কাৰ্ডৰ কথা প্ৰথমে মনলৈ আহে।
ৱালেটত লৈ ফুৰাবলগীয়া সামগ্ৰী সমূহৰ ভিতৰত PAN কাৰ্ডো অন্যতম সেয়েহে ইয়াক হেৰুৱাৰ সম্ভাৱনা অধিক।
এইক্ষেত্ৰত PAN কাৰ্ডৰ গৰাকীজনে শীঘ্ৰে এখন নতুন কাৰ্ড বিচাৰে আৰু অনলাইনত ৰিপ্ৰিণ্ট অৰ্ডাৰ দি অতি সহজে ইয়াক লাভ কৰিব পৰা যায়।
UTIITSL আৰু NSDL-TIN নামৰ দুটা এজেঞ্চিয়ে PAN কাৰ্ড ইচ্ছু কৰে। প্ৰতিগৰাকী নাগৰিকে এই দুটা এজেঞ্চিৰ ওচৰলৈ গৈ নিজৰ আই ডিৰ নতুন প্ৰিণ্ট উলিয়াব পাৰে।
কেনেদৰে আপোনাৰ PAN কাৰ্ডখন ৰি প্ৰিণ্ট কৰিব:
প্ৰথমে NSDL আৰু UTITSLৰ ৱেবচাইটলৈ গৈ আৰু ‘ৰিপ্ৰিণ্ট PAN কাৰ্ড’ অপশ্যনলৈ যাৱক।
যদিহে আপুনি আপুনি আপোনাৰ আগৰ PAN কাৰ্ডৰ কপি নিজৰ ঘৰৰ দুৱাৰ মুখত বিচাৰে তেনেহ’লে সেই অপশ্যনটোলৈ আহিব লাগিব আৰু এইক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিবলগীয়া তথ্যসমূহো পুৰণি কাৰ্ডখনৰ সৈতে একে হ’ব লাগিব।
কিমান টকা ভৰিব লাগিব:
প্ৰতিগৰাকী ভাৰতত বাস কৰা নাগৰিকৰ বাবে এজেঞ্চি দুয়াই PAN কাৰ্ড ডেলিভাৰী দিয়াৰ বাবদ ৫০ টকাকৈ আদায় লয়।
আনহাতে, ভাৰতৰ বাহিৰত বাস কৰা সকলৰ বাবে আদায় দিবলগীয়া মূল্যৰ পৰিমান হ’ল ৯৫৯ টকা।
ভাৰতীয় আইকৰ বিভাগৰ হাতত থকা তথ্যত উল্লেখ থকা ব্যক্তিগৰাকীৰ পৰিচয়তহে PAN কাৰ্ডখন পঠোৱা হ’ব।
কি কি নথি-পত্ৰ লাগিব:
PAN কাৰ্ডৰ কপিৰ বাবে আবেদন কৰাৰ সময়ত আবেদনকাৰীয়ে আগৰ PAN নম্বৰ আৰু জন্ম তাৰিখ প্ৰদান কৰিব লাগিব। এন এছ ডি এলে আধাৰ কাৰ্ডৰ নম্বৰো এইক্ষেত্ৰত বিচাৰে।
e-PAN কাৰ্ড:
কেন্দ্ৰীয় বাজেট-২০১৯ অনুসৰি প্ৰত্যক্ষ কৰ কেন্দ্ৰীয় বোৰ্ডে অতি শীঘ্ৰে সমগ্ৰ দেশত e-PAN কাৰ্ডৰ আবেদন মুকলি কৰিব।
UTITSL আৰু NSDL-TIN য়ে সমগ্ৰ দেশত PAN কাৰ্ড থকা সকলক e-PAN কাৰ্ড যোগান ধৰিব।
আয়কৰ বিভাগে ইচ্ছ্যু কৰিবলগীয়া PAN কাৰ্ডৰ পি ডি এফক প্ৰকৃত PAN কাৰ্ডৰ সৈতে একে হিচাপত গণ্য কৰা হ’ব বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত আধাৰ কাৰ্ডৰ পি ডি এফ ফৰ্মেটক একেধৰণে গণ্য কৰা হ’ব।
নিৰ্দিষ্ট এজেঞ্চি দুটাৰ পোৰ্টেললৈ গৈ PAN নম্বৰ আৰু জন্মৰ তাৰিখ অন্তৰ্ভুক্তি কৰি অতি সহজে বিনামূলীয়াকৈ e-PAN কাৰ্ড ডাউনলোড কৰিব পৰা যাব।