• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপ নিৰ্বাচন : জনিয়াত ভৰিৰ তলৰ মাটি বিচাৰি পোৱা নাই তিনিওটা মূল ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 13, 2019 2:52 pm
Jonia Election

জনিয়াৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী ক্ৰমে এআইয়ুডিএফৰ হাফিজ ৰফিকুল ইছলাম, বিজেপিৰ তৌফিকুৰ ৰহমান আৰু কংগ্ৰেছৰ ছামছুল হক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ দিন প্ৰায় চমু চাপি আহিছে। ৰাতাবাৰী, জনিয়া, ৰঙাপাৰা আৰু সোণাৰি এই চাৰিওটা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি হাইভল্টেজ নিৰ্বাচন যুঁজখন হ’ব জনিয়া সমষ্টিত।

কিয়নো জনিয়া সমষ্টিত কংগ্ৰেছ, বিজেপি এআইয়ুডিএফ, এন পি পি তথা অন্য ৰাজনৈতিক দলকে ধৰি নিৰ্দলীয় প্ৰাৰ্থী মিলাই মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

Apply Now

তথাপি গণভিত্তি থকা ৰাজনৈতিক দল বুলি ক’লে সমষ্টিটোত কংগ্ৰেছ, এআইয়ুডিএফ আৰু বিজেপিয়েই প্ৰধান।

তিনিওটা দলৰে প্ৰাৰ্থী ক্ৰমে চামচুল হক(কংগ্ৰেছ), তৌফিকুৰ ৰহমান(বিজেপি) আৰু হাফিজ ৰফিকুল ইছলাম(এআইয়ুডিএফ) এ বিভিন্ন প্ৰকাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে।

তথাপি যেন, ক’ৰবাত নহয় ক’ৰবাত নিজৰ ভৰিৰ তলৰ মাটি বিচাৰি ফুৰিবলগীয়া হৈছে তিনিও প্ৰাৰ্থীয়ে।

তিনিওগৰাকী হাইভল্টেজ প্ৰাৰ্থীৰ ভিতৰত ৰফিকুল ইছলামৰহে পূৰ্বে বিধানসভা নিৰ্বাচন খেলা তথা বিধায়ক হোৱাৰ অভিজ্ঞতা আছে।

২০১৬ চনত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক আব্দুল খালেকৰ হাতত প্ৰায় ৩০ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল ৰফিকুল ইছলাম।

এক সুত্ৰৰ পৰা জানিব পৰা মতে, তেওঁ ২০১১ চনত প্ৰথমবাৰলৈ জনিয়া সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল যদিও সমষ্টিটোৰ কোনোধৰণৰ উন্নয়ন কৰিব নোৱাৰিলে তথা তেওঁৰ বিৰুদ্ধে বহু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল।

সেয়েহে বিগত নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী খালেকৰ হাতত ইছলাম প্ৰায় ৩০ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল।

আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী চামচুল হকৰ পূৰ্বে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কোনো অভিজ্ঞতা নাই। জনিয়াৰ জিলা পৰিষদৰ উপ সভাপতি চামচুল হক প্ৰাৰ্থী একেবাৰে নতুন মুখ বুলি ক’লেও বঢ়াই কোৱা নহ’ব।

এক সুত্ৰই কৰা দাবী মতে, সমষ্টিটোৰ তৃণমূল পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীৰ বাবে তেওঁ এখন অচিনাকি মুখ। তেনেক্ষেত্ৰত দেশজুৰি চলি থকা কংগ্ৰেছৰ বিপৰ্যয়ৰ মাজত তেওঁ কিদৰে ভোটাৰ ৰাইজক আকৃষ্ট কৰিব সেয়া সময়ত লক্ষণীয় হ’ব।

ইপিনে, সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানো বিধানসভাত প্ৰাৰ্থিত্ব আগবঢ়োৱা এখন নতুন মুখ। তদুপৰি, তেওঁ জনিয়াৰ স্থায়ী বাসিন্দা নহয় তথা সাধাৰণ ভোটাৰ ৰাইজৰ সৈতে যোগসূত্ৰ একেবাৰে নাই। সেই দিশৰ পৰা চাবলৈ গ’লে তেওঁ সাধাৰণ ভোটাৰৰ কাষ চপাটো সহজ নহ’ব।

তদুপৰি, জনিয়া সমষ্টিটো সংখ্যালঘু অধ্যুষিত গতিকে, বিজেপি দলৰ প্ৰতি থকা শংকাক আস্থালৈ পৰিৱৰ্তিত কৰাত তৌফিকুৰ ৰহমানৰ বাবে কিমানদূৰ সম্ভৱপৰ হৈ উঠিব সেয়া লক্ষণীয় হৈ পৰিছে।

আনহাতে, জনিয়া সমষ্টিটোৰ প্ৰাৰ্থীসকলৰ ভিতৰত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আব্দুল জলিল তালুকদাৰৰ সমষ্টিটোত ভালেখিনি জন-সমৰ্থন আছে। পূৰ্বেও তেওঁ বহুবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ২০-৩০ হাজাৰ ভোট লৈ হাইভল্টেজ প্ৰাৰ্থীৰ জয়তো হেঙাৰ হিচাপে থিয় দিছিল।

তিনিওগৰাকী প্ৰাৰ্থী বা তেওঁলোকৰ সমৰ্থকসকলে বিভিন্ন পন্থাৰে সাধাৰণ ৰাইজৰ মাজলৈ যোৱাৰ চেষ্টা কৰিছে যদিও অহা ২১ অক্টোবৰত ইভিএমত বন্দী হ’ব প্ৰাৰ্থীসকলৰ প্ৰতি ভোটাৰ ৰাইজৰ সমৰ্থনৰ অংক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd