• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“মোদীয়ে “গাই”তকৈ মহিলাৰ বিষয়ত বেছি গুৰুত্ব দিয়ক”, প্ৰধান মন্ত্ৰীক কটাক্ষ কৰি চৰ্চাত উত্তৰ-পূবৰ সুন্দৰী

“এয়া হৈছে আত্মবিশ্বাস আৰু সাহস, যিটো আনকি আজিকালিৰ বতৰৰ সাংবাদিকসকলৰো নাথাকে“

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2019 9:12 pm
Miss Kohima

মিছ কহিমা, ২০১৯ প্ৰতিযোগিতাৰ বিজয়ী খ্ৰীয়েইনৌ লিজেইটছৌৱে (মাজত), প্ৰথম ৰানাৰ-আপ খ্ৰীয়েইলিভিনৌ শ্বোহু (বাওঁফালে) আৰু দ্বিতীয় ৰানাৰ আপ ভিকৌনৌ ছাচ্চু। ফটো : নাগালেণ্ড পোষ্টৰ সৌজন্যত।

1.6k
VIEWS
Share on FacebookShare on Twitter

সৌন্দৰ্য্য প্ৰতিযোগিতাত এগৰাকী প্ৰতিযোগীয়ে প্ৰশ্নোত্তৰ কালৰ এটা প্ৰশ্নত প্ৰধান মন্ত্ৰী মোদীক কটাক্ষ কৰি দিয়া উত্তৰে ছ’চিয়েল মিডিয়াত এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিছে।

টুইটাৰ য়ুজাৰসকলে অষ্টাদশী সুন্দৰীগৰাকীৰ সৎ সাহস আৰু স্পষ্টবাদিতাক প্ৰশংসা কৰা দেখা গৈছে।

উত্তৰ-পূবৰ এই সুন্দৰীগৰাকী হ’ল নাগালেণ্ডৰ ভিকৌনৌ ছাচ্চু আৰু তেওঁ ৫ অক্টোবৰত মিছ কহিমা-২০১৯ সৌন্দৰ্য্য প্ৰতিযোগিতাৰ এগৰাকী প্ৰতিযোগী আছিল।

দ্বিতীয় ৰানাৰ-আপৰ খিতাপ লাভ কৰা ছাচ্চুক ব্যক্তিগত আলাপ (personal interaction) পৰ্য্যায়টোত সোধা হৈছিল, “যদি আমাৰ দেশৰ প্ৰধান মন্ত্ৰী মোদীয়ে তোমাক তেওঁৰ সৈতে বাৰ্তালাপ কৰিবলৈ আমন্ত্ৰণ কৰে, তুমি কি ক’বা?”

কোনো পলম নকৰাকৈ অষ্টাদশী ভিকৌনৌ ছাচ্চুৰ উত্তৰ আহিল কটাক্ষভৰা, “যদি মোক ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে আমন্ত্ৰণ কৰিলে হেঁতেন, মই তেওঁক গাইতকৈ মহিলাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ ক’লো হেঁতেন”।

ছাচ্চুৰ এই কটাক্ষভৰা উত্তৰ ছ’চিয়েল মিডিয়াত এতিয়াও চৰ্চাৰ মাজত আছে আৰু টুইটাৰত তেওঁৰ উত্তৰটো বিভিন্নজনে শ্বেয়াৰ কৰিছে।

বহুতো টুইটাৰ য়ুজাৰে তেওঁৰ স্পষ্টবাদিতাক প্ৰশংসা কৰাৰ উপৰি, অধিক ৰসিকতা কৰাও দেখা গৈছে।

শীতল গডগিল নামৰ এগৰাকী য়ুজাৰৰ মন্তব্য, “তেওঁ প্ৰকৃত মিছ ইণ্ডিয়া হ’ব পাৰে। আশা কৰো তেওঁ প্ৰতিযোগিতাখনত জয়ী হৈছে।“

“Big round of applause for her”, ওছামা নিয়াজ নামৰ আন এজনৰ মন্তব্য।

কামাথ নামৰ এজনে কৈছে, “এয়া হৈছে আত্মবিশ্বাস আৰু সাহস, যিটো আনকি আজিকালিৰ বতৰৰ সাংবাদিকসকলৰো নাথাকে।“

সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ী হ’ব নোৱাৰিলেও ভিকৌনৌ ছাচ্চু এতিয়া এই উত্তৰৰ বাবেই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদ মাধ্যমবোৰতো বাতৰিৰ শিৰোনাম হোৱা দেখা গৈছে।

২০১৪ চনত দেশৰ শাসনলৈ বিজেপি চৰকাৰখন অহাৰ পিছত গোটেই দেশজুৰি গৰু পূজা আৰু গৰু মাংস কেন্দ্ৰিক বিবাদময় পৰিৱেশ সৃষ্টি কৰি বহুতৰ বিৰক্তি উদঘাটন কৰিছিল। গোমাংস খোৱা আৰু ৰখাৰ অভিযোগত হিন্দুত্ববাদীসকলে মৰিয়াই মাৰিছিল একাধিক লোকক।

প্ৰতিযোগীগৰাকীৰ ৰাজ্য নাগালেণ্ড এখন খ্ৰীষ্টান প্ৰধান ৰাজ্য আৰু গৰুৰ মাংস নাগাসকলৰ প্ৰিয়।

প্ৰতিযোগিতাখনত খ্ৰীয়েইনৌ লিজেইটছৌৱে (Khrienuo Liezietsu) খিতাপ লাভ কৰিছিল আৰু খ্ৰীয়েইলিভিনৌ শ্বোহু (Khrielievinuo Shohu) প্ৰথম ৰানাৰ-আপ হৈছিল।

Recent News

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd