• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ মাজুলীত কাতি বিহু পালন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
October 16, 2019 10:04 pm
Sarbanada Sonowal

মুখ্য মন্ত্ৰীৰ ফাইল ফটো

6.5k
VIEWS
Share on FacebookShare on Twitter

অহা ১৮ অক্টোবৰত ৰাজ্য চৰকাৰৰ উদ্যোগত মাজুলীত কেন্দ্ৰীয়ভাৱে কাতি বিহু পালনৰ দিহা কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত উজনি মাজুলীৰ ‌মাজৰ দেউৰী গাঁৱত আয়োজন কৰা কাতি বিহু পালনৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

অনুষ্ঠানত মাজুলীৰ বিভিন্ন সত্ৰাধিকাৰসকলৰ লগতে থলুৱা জনগোষ্ঠীয় ৰাইজৰ উপস্থিতিত সোণোৱালে অসমীয়া পৰম্পৰা ৰক্ষা কৰি কৃষকৰ ভঁৰাল সম্বৃদ্ধ হোৱাৰ প্ৰাৰ্থনাৰে মাজৰ দেউৰীগাঁৱৰ ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰি সেৱা ল’ব।

অনুষ্ঠানৰ পাছত সন্ধিয়া তেওঁ আউনিআটী সত্ৰত কাতি বিহুৰ আকাশবন্তি প্ৰজ্বলন অনুষ্ঠানতো ভাগ ল’ব। আউনিআটী সত্ৰত বহু পূৰ্বৰে পৰাই কাতি বিহুৰ সন্ধিয়া বাঁহেৰে বিশেষ ভাৱে নিৰ্মিত প্ৰায় ৫০ ফুট উচ্চতাৰ ২১ জোৰা আকাশবন্তি জ্বলোৱা হয়।

উল্লেখযোগ্য যে, মুখ্য মন্ত্ৰী সোণোৱাল বৃহস্পতিবাৰে বিয়লিৰ ভাগত মাজুলীত আহি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা পৰিষদৰ সভানেত্ৰী-সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতি-সদস্য আৰু গাঁও পঞ্চায়তসমূহৰ সভাপতিৰ লগতে সচিবসকলৰ লগত এখন পৰ্যালোচনা বৈঠকত মিলিত হ’ব।

আনহাতে কাতি বিহু পালনৰ কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজিৰ বিধায়ক ৰণোজ পেগু, টিংখঙৰ বিধায়ক বিমল বৰা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীও উপস্থিত থাকিব।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd