• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতীক হাজেলাক বদলিৰ নিৰ্দেশক আমছুৰ আদৰণি, কিন্তু….

হাজেলাক উচ্চতম ন্যায়ালয়ে বদলি কৰা সন্দৰ্ভত তথা ইয়াৰ অন্তৰালৰ নিৰ্দিষ্ট “কাৰণ”ক লৈ অসমত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে যদিও উচ্চতম ন্যায়ালয়ে তেওঁক বদলিৰ কোনো “কাৰণ” ঘোষণা কৰা নাই।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2019 10:24 pm
Ranjan-Gogoi_Hajela Assam NRC: AAMSU welcomes SC order
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক বদলিৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশক আদৰণি জনাইছে, কিন্তু আন কিছু মতো ব্যক্ত কৰিছে।

হাজেলাক সমগ্ৰ এন আৰ চি প্ৰক্ৰি্য়াটোৰ মূল ব্যক্তি হিচাপে অভিহিত কৰি আমছুৱে তেওঁৰ বদলিয়ে প্ৰক্ৰিয়াটোলৈ স্থৱিৰতা আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।

“ইমান বৃহৎ আৰু জটিল প্ৰক্ৰিয়া এটি সমাপ্ত হোৱাৰ দিশত আগবঢ়াৰ সময়ত প্ৰক্ৰিয়াটোৰ মূল ব্যক্তিজনক বদলি কৰাত আমি আচৰিত হৈছো। যিজন ব্যক্তিৰ নখ দৰ্পনত সমগ্ৰ বিষয়টি আছে, তেওঁৰ অনুপস্থিতিত সমগ্ৰ প্ৰক্ৰিয়াটোতে স্থৱিৰতা যে নাহিব তাক নুই কৰিব নোৱাৰি,” আমছুৱে কয়।

সৰ্বোচ্চ ন্যায়ালয়ে সঠিকভাবে প্ৰক্ৰিয়াটো কোনো প্ৰকাৰৰ স্থৱিৰতা নোহোৱাকৈ আগবঢ়াই সমাপ্ত কৰিব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰিছে।

হাজেলাক উচ্চতম ন্যায়ালয়ে বদলি কৰা সন্দৰ্ভত তথা ইয়াৰ অন্তৰালৰ নিৰ্দিষ্ট “কাৰণ”ক লৈ অসমত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে যদিও উচ্চতম ন্যায়ালয়ে তেওঁক বদলিৰ কোনো “কাৰণ” ঘোষণা কৰা নাই।

হাজেলাৰ বদলি “শাস্তিমূলক” বা “নিৰাপত্তাজনিত” বা আন কিবা— এনে ধৰণৰ কোনো মৌখিক বা লিখিত বিবৃতি শুকুৰবাৰৰ শুনানিত নাছিল।

“UPON hearing the counsel the Court made the following

O R D E R

Upon hearing Mr. Prateek Hajela, learned State Coordinator, the learned Attorney General and the learned Solicitor General and taking into account the totality of the facts of the case, we order for the inter-cadre transfer of Mr. Hajela to the State of Madhya Pradesh on deputation for the maximum period permissible under the relevant rules/regulations. The notification consequent to the above direction will be issued by the competent authority of the Union of India/State Government forthwith and in any case within seven days from today.All other issues/matters listed for consideration will now come up before the Court on 26.11.2019.”: এইটো অসমৰ এন আৰ চিজনিত লেখ আবেদন (নং WP(C) 274/2009) সন্দৰ্ভত শুকুৰবাৰে হোৱা শুনানিৰ পিছত দিয়া সম্পূৰ্ণ নিৰ্দেশটো।

হাজেলাক বদলিৰ কাৰণ জানিব খোজা দেশৰ এটৰ্নি জেনেৰেল ৱেনু গোপালক মুখ্য ন্যায়াধীশ গগৈয়ে কেৱল কৈছে যে কাৰণ নোহোৱাকৈ কোনো নিৰ্দেশ দিয়া নাযায়।

আনহাতে, শুদ্ধ নথি জমা দিয়াৰ পিছতো এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকলক সংগঠনটোৱে ন্যায়ৰ বাবে অপেক্ষা কৰিবলৈ আহ্বান জনাইছে।

“…সকলোৱে উচ্চতম ন্যায়ালয়ৰ পৰা সঠিক ন্যায় পাব বুলি আমি আশাবাদী। পৰৱৰ্তী শুনানিলৈ সকলো পক্ষকে ধৈৰ্য্যসহকাৰে অপেক্ষা কৰিবলৈ আহ্বান জনালো,” আমছুৰ বিবৃতিত প্ৰকাশ।

শুকুৰবাৰৰ শুনানিটো যোৱা ৩১ আগষ্টত অসমৰ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছৰ প্ৰথমটো শুনানি আছিল।

তাৰোপৰি, ই হ’ব এন আৰ চিক লৈ অসম-সন্তান মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অন্তিমটো শুনানি।

অহা ২৬ নৱেম্বৰক শুনানিৰ পৰৱৰ্তী দিনৰূপে থিৰাং কৰা হৈছে, কিন্তু তাৰ পূৰ্বেই মুখ্য ন্যায়াধীশ গগৈয়ে অৱসৰ গ্ৰহণ কৰিব।

তাৰোপৰি, পূৰ্বৰ দৰে দুজন বিচাৰপতিৰ বিপৰীতে শুকুৰবাৰৰ শুনানি তিনিগৰাকীয়ে গ্ৰহণ কৰে।

মুখ্য ন্যায়াধীশ গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমনৰ উপৰি ন্যায়াধীশ এছ এ ববদেও শুনানিত উপস্থিত আছিল।

এন আৰ চিজনিত পৰৱৰ্তী শুনানিসমূহ ন্যায়াধীশদ্বয় এছ এ ববদে, আৰ এফ নৰিমনে গ্ৰহণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

September 11, 2025 7:46 pm
এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

এতিয়া মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই পদত‍্যাগ কৰিবনে?

September 11, 2025 7:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd