দীপাৱলী উপলক্ষে এক অবিশ্বাস্য অ’ফাৰ আগবঢ়াইছে Vivo ই। মাত্ৰ ১০১ টকা দিলেই আপুনি হাতত পাব আপোনাৰ পছন্দৰ Vivoৰ স্মাৰ্টফোনটো।
সমগ্ৰ দেশতে Vivoৰ অফলাইন ষ্ট’ৰবিলাকৰ পৰা কোনো ডাউন পেমেন্ট নিদিয়াকৈ ক্ৰয় কৰিব পাৰিব Vivoৰ স্মাৰ্টফোন।
‘নো কষ্ট ইএমআই’ৰ জৰিয়তে ফোন ক্ৰয়ৰ সুযোগ লাভ কৰিব গ্ৰাহকে। তদুপৰি, অনলাইনত ডিজিটেল লেনদেনৰ জৰিয়তে Vivoস্মাৰ্টফোন ক্ৰয় কৰিলে লাভ কৰিব অতিৰিক্ত ১০ শতাংশ ৰেহাই।
Vivoৰ এই বিশেষ দীপাৱলী অ’ফাৰ ১৮ অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু ৩১ অক্টোবৰলৈকে চলিব।
আনহাতে, আইচিআইচিআই বেংক বা এইচডিএফচি বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ক্ৰয় কৰিলে গ্ৰাহকে অতিৰিক্ত ৫ শতাংশ কেছবেকৰ সুবিধাও লাভ কৰিব।
এই অ’ফাৰত মাত্ৰ ১০১ টকা দিলেই হাতত লাভ কৰিব আপোনাৰ পছন্দৰ Vivoৰ স্মাৰ্টফোনটো। ইয়াৰ পাছত মাত্ৰ ৯২৬ টকাৰ মাহিলী কিস্তিত নতুন স্মাৰ্টফোনটো ক্ৰয় কৰিব পাৰিব।
Vivo V15, Vivo S1, Vivo V15 Pro, Vivo V17 Pro, Vivo Z1x 8GB RAM, Vivo Y17, Vivo Y15 আৰু Vivo Y12 স্মাৰ্টফোনত এই বিশেষ অ’ফাৰ প্ৰযোজ্য হ’ব।
ইয়াৰ উপৰি গ্ৰাহকসকলে ‘জিৰ’ প্ৰচেছিং ফী’ত ১২ মাহ পৰ্যন্ত ‘নো কষ্ট ইএমআই’ৰ সুবিধা লাভ কৰিব।
Cashifyৰ সৈতে যৌথভাৱে Vivo ই গ্ৰাহকৰ ফোন এক্সচেঞ্জত বৃহৎ ৰেহাইৰ সুযোগ দিছে। পুৰণি স্মাৰ্টফোন একচেঞ্জ কৰি Vivo V17 Pro আৰু Vivo S1 ক্ৰয় কৰিলে গ্ৰাহকে ১,৯৯৯ টকা একচেঞ্জ বোনাছ লাভ কৰিব।