• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহম্মদৰ বিৰুদ্ধে অশ্লীল মেছেজ দিয়া বিপ্লৱ কুমাৰ শুভ নামৰ একাউণ্টটো হেকড হৈছিল : আৰক্ষী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2019 5:05 pm
Biplob Chandra Shuvo main

বিপ্লৱৰ ফটো আৰু হেকড একাউণ্টটোৰ পৰা যোৱা বাৰ্তাৰ কিছুমান স্ক্ৰীনশ্বট। উৎস : ফেইচবুক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ ভোলা জিলাত ধৰ্মীয় উত্তেজনাজনিত ঘটনাত ২০ অক্টোবৰত আৰক্ষীৰ গুলীত ৪জন লোকৰ মৃত্যু হোৱাৰ পিছত আজি স্থানীয় প্ৰশাসনে মুছলিম ঐক্য পৰিষদৰ দাবী সমূহ মানি লৈছে আৰু ফলত মুছলিম ঐক্য পৰিষদে আজি উলিয়াব লগীয়া প্ৰতিবাদী সমদলটো বাতিল কৰে।

ইপিনে ধৰ্মীয় উত্তেজনা সৃষ্টিৰে চাৰিজন লোকৰ মৃত্যু ঘটোৱা ঘটনাটোৰ আঁৰত থকা ফেইচবুক একাউণ্টটো হেকড হৈছিল বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। আৰক্ষীৰ ভাষ্যৰ সৈতে বাতৰিটো বাংলাদেশ ট্ৰিবিউনত প্ৰকাশ।

Apply Now

আৰক্ষীৰ ভাষ্যমতে, একাউণ্টটোৰ প্ৰকৃত গৰাকী বিপ্লৱে যোৱা ১৮ অক্টোবৰত সন্ধিয়া ৮ বজাত নিজৰ একাউণ্টটো হেকড হোৱা বুলি ভোলা জিলাৰ বোৰহানুদ্দিন আৰক্ষী থানাত জনাবলৈ থানালৈ যোৱাৰ সময়তো একাউণ্টটোৰ হেকাৰে বিপ্লৱক ধন দাবী কৰি আছিল।

বাতৰি প্ৰতিষ্ঠানটোত প্ৰকাশ পোৱা মতে, বিপ্লৱৰ বহুতো ফেইচবুক বন্ধুকো একাউণ্টটোৰ হেকাৰে একাউণ্টটো হেকড হোৱা বুলি মেছেঞ্জাৰত জানিবলৈ দিছিল আৰু যদি একাউণ্টটো খুলি দিব লাগে বিপ্লৱক ৫০০ টকা দিবলৈ কোৱাৰ বাবে বন্ধুকেইজনক মেছেজ দিছিল।

আৰক্ষীৰ এই ভাষ্যৰ সৈতে মিলা কিছুমান স্ক্ৰীনশ্বট পোৱা গৈছে, যিবোৰত বিপ্লৱক একাউণ্টটো ফ্ৰী কৰি দিবলৈ ৫০০ টকা খুজি তেওঁৰ বন্ধুসকললৈ দিয়া বাৰ্তা দেখা গৈছে। এই স্ক্ৰীনশ্বটবোৰ বিপ্লৱৰ কিছুমান মুছলমান বন্ধুৱে ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰিছে।

আৰক্ষীয়ে পাটৌখালী আৰু বোৰহানুদ্দিনৰ পৰা দুজন যুৱক ক্ৰমে শ্বেৰিফ আৰু এমনক এই সন্দৰ্ভত সোধাপোছাৰ বাবে আটক কৰিছিল।

বিপ্লৱৰ একাউণ্টৰ পৰা মহম্মদ আৰু ফাতেমাৰ বিৰুদ্ধে মেছেঞ্জাৰৰ বাৰ্তালাপত অশ্লীল শব্দেৰে মন্তব্য কৰাৰ পিছতে ধৰ্মীয় উত্তেজনা বিয়পি পৰিছিল আৰু স্থানীয় ইছলামিক দল-সংগঠনবোৰে বিপ্লৱৰ মৃত্যুদণ্ডৰ দাবীত ২০ অক্টোবৰত দুপৰীয়া ১১ বজাত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ কথা ঘোষণা কৰিছিল।

ইতিপূৰ্বে অভিযুক্ত তথা একাউণ্টটোৰ গৰাকী বিপ্লৱকো আৰক্ষীয়ে নিজৰ জিম্মালৈ নিছিল।

পৰিস্থিতি বেয়ালৈ নাযাবলৈ জিলাৰ উপায়ুক্ত, থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদিয়ে ইছলামিক দল-সংগঠনকে ধৰি স্থানীয় প্ৰতিনিধিসকলক লৈ এখন বৈঠকত মিলিত হৈছিল আৰু তেওঁলোকৰ দাবী অনুসৰি বিপ্লৱ যে আৰক্ষীৰ জিম্মাত আছে, সেয়া দেখুৱাবলৈ সন্মত হৈছিল।

কিন্তু “তৌহিদী জনতা”ৰ বেনাৰৰ অধীনত দেওবাৰে এটা বোৰহানুদ্দিন হাইস্কুল প্ৰাংগনত এটা সমাৱেশ পাতে। আৰক্ষীয়ে সমদলটোৰ নেতৃত্ব লোৱা ব্যক্তিসকলক বাৰে বাৰে সমদল বাহিৰ নকৰিবলৈ অনুৰোধ কৰে যদিও তেওঁলোকে নুশুনিলে।

তথাপি ভাষণ আৰু এটা প্ৰাৰ্থনা কাৰ্য্যসূচীৰ পিছত সময়সূচীতকৈ আগতীয়াকৈ শান্তিপূৰ্ণভাৱে সমাৱেশটোৰ সামৰণি পেলায়।

আগতীয়াকৈ সামৰণি পেলোৱা বাবে দুজন ইমামৰ ওপৰত স্থানীয় একাংশ উত্তেজিত লোক খৰ্গহস্ত হৈ পৰে আৰু পৰিস্থিতিয়ে তেতিয়াই বিষম ৰূপ লয়।

আৰক্ষী লোকসকল, প্ৰশাসনৰ লোক আৰু ইমামকেইজনে এটা মচজিদত দ্বিতীয় মহলাত আশ্ৰয় লয় যদিও উত্তেজিত লোকসকলে তেওঁলোকক খেদি খেদি শিল, ইটাৰ টুকুৰা দলিয়ায় আৰু বিল্ডিংটোৰ ক্ষতি কৰে।

তেওঁলোকে এডিশ্যনেল ডি আই জিকে ধৰি আৰক্ষী, প্ৰশাসন আৰু ইমামকেইজনে আশ্ৰয় লৈ থকা কোঠাটোৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰে।

পৰিস্থিতিৰ কথা উপায়ুক্তক খবৰ দিয়া হয়, আৰু উপায়ুক্তই আক্ৰমণকাৰীক গুলীয়াবলৈ নিৰ্দেশ দিয়ে। আৰক্ষীৰ গুলীত ৪জন লোকৰ মৃত্যু হয় আৰু বহুকেইজন আহত হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm
ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm
‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

‘স্বাধীনতা সংগ্ৰামীয়ে গুলী খাইছিল, আৰু সাংসদ হৈ কণীলৈ ভয়?’ উচ্চতম ন্যায়ালয়ত খাৰিজ মহুৱা মৈত্ৰৰ আবেদন

August 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm
ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd