• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম, মণিপুৰ, অৰুণাচল আৰু ম্যানমাৰৰ নাগাসকল নাগালেণ্ডৰ খিলঞ্জীয়া হ’ব নোৱাৰে : প্ৰাক্তন মুখ্য মন্ত্ৰী জমিৰ

অনুপ চেতিয়াৰ উপস্থিতিত ডিমাপুৰত নাগা ইণ্ডেজেনাছ পীপলছ ফ’ৰামৰ আনুষ্ঠানিক জন্ম

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2019 5:19 pm
Nagaland Indigenous People’s Forum

নাগা ইণ্ডেজেনাছ পীপলছ ফ’ৰামৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠান। ২৬ অক্টোবৰত। ফটোৰ উৎস : ফেইচবুক।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এছ চি জমিৰে কৈছে যে অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰৰ নাগাসকল নাগালেণ্ডৰ খিলঞ্জীয়া হ’ব নোৱাৰে, এওঁলোক সেইবোৰ ৰাজ্য আৰ দেশৰহে খিলঞ্জীয়া।

“নাগা হ’ল বুলিয়েই তেওঁলোকে নিজকে নাগালেণ্ডৰ খিলঞ্জীয়া বুলি দাবী কৰিব নোৱাৰে”, ২৬ অক্টোবৰত ডিমাপুৰত এখন সভাত জমিৰে দিয়া এই বক্তব্যৰ উদ্ধৃতি দিছে নাগালেণ্ড পোষ্টে।

Apply Now

জমিৰ ৫বাৰকৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হোৱাৰ উপৰি গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা আৰু উৰিষ্যাৰ ৰাজ্যপাল আছিল।

নাগালেণ্ড পোষ্টত প্ৰকাশ পোৱা বাতৰিটো মতে, জমিৰে নিজৰ মতৰ সপক্ষে ব্যাখ্যা আগ বঢ়াই কয়, “চীনা মানুহবোৰ বিশ্বৰ বিভিন্ন ঠাইত বাস কৰি আছে। কিন্তু চীনে এই মানুহবোৰক চীনৰ খিলঞ্জীয়া মানুহ বুলি গণ্য নকৰে।”

“এই গুৰুত্বপূৰ্ণ বিষয়টোত নাগালেণ্ডৰ নাগাসকলে যিকোনো উপাদান বা ন্যস্তস্বাৰ্থৰ দ্বাৰা বিভ্ৰান্ত হ’ব নালাগে বা ভীতিগ্ৰস্ত হ’ব নালাগে”, জমিৰৰ আহ্বান।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ২৬ অক্টোবৰত ডিমাপুৰস্থিত ডন বস্কো স্কুলত নাগা ইণ্ডিজেনাছ পীপলছ ফ’ৰাম (নাগা খিলঞ্জীয়া লোকৰ মঞ্চ)ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি ভাষণ দিছিল। এই মঞ্চখন নৰ্থ ইষ্ট ইণ্ডিজেনাছ পীপল ফৰামৰ (North East Indigenous People Forum (NEIPF)) নাগালেণ্ড শাখা।

তেওঁ খিলঞ্জীয়া নাগাসকলক চিনাক্ত কৰা বিষয়টো নিৰাৱেগ আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ দৃষ্টিৰে লোৱা উচিত বুলি মন্তব্য কৰে। তেওঁৰ মতে, ই নাগালেণ্ডৰ বৰ্তমানৰ আৰু ভৱিষ্যতৰ বাসিন্দাসকলৰ জীৱনক প্ৰভাৱিত কৰিব।

“বিষয়টোত আগ বাঢ়োতে সাম্প্ৰদায়িক, জনজাতীয় অথবা ধৰ্মীয় পক্ষপাত নকৰাকৈ এটা বহল দৃষ্টিভংগি লোৱা উচিত”, জমিৰৰ মন্তব্য।

তাৎপৰ্য্যপূৰ্ণভাৱে এটা সূত্ৰত প্ৰকাশ যে জমিৰে নাগালেণ্ডৰ কছাৰীসকলক নাগালেণ্ডৰ খিলঞ্জীয়া বুলি কালিৰ সভাখনত মন্তব্য কৰে।

কংগ্ৰেছৰ প্ৰাক্তন মুখ্য মন্ত্ৰীজনে পৰিসংখ্যা দাঙি ধৰি কয়, বৰ্তমান নাগালেণ্ড ৰাজ্যখনে ১৬০০০ বৰ্গ কিলোমিটাৰতকৈ সামান্য বেছি ভূমি সামৰি আছে আৰু প্ৰায় ২ নিযুত জনসংখ্যা আছে। কিন্তু ২০৫০ চনত এই সংখ্যা প্ৰায় ৫ নিযুত হ’বগৈ।

“আমি বৰ্তমান থকা ঠাইখিনি নাগালেণ্ডৰ খিলঞ্জীয়াৰ বাবে যথেষ্ট নহয় আৰু জনসংখ্যাতো বাঢ়িয়েই থাকিব। ঠাই নাবাঢ়ে, চাকৰি-বাকৰিও সীমাবদ্ধ হ’ব”, জমিৰে সাৱধানবাণী দি কয়।

তেওঁ খিলঞ্জীয়া বিষয়টোত বৰ্তমানৰ ৰাজ্যখনৰ নেতৃত্বই লোৱা সিদ্ধান্তই নাগালেণ্ডৰ নৱ প্ৰজন্মৰ উত্তৰবৰ্তিতা (survival) নিৰ্ণয় কৰিব।

তেওঁ উত্তৰ-পূবৰ সকলোকে বৃহৎ শক্তিবোৰৰ আগ্ৰাসনৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ আহ্বান জনায়।

ৰাজ্য হিচাপে নাগালেণ্ডৰ জন্ম দিয়া ১৯৬০ চনৰ চুক্তিখনত স্বাক্ষৰকাৰী নাগা পীপলছ কনভেনশ্যনৰ (Naga People’s Convention ) একমাত্ৰ জীৱিত সদস্য।

নাগা ইণ্ডিজেনাছ পীপলছ ফ’ৰাম আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু আন কেইবাজনো নেতাৰ নেতৃত্বত গঠিত নৰ্থ ইষ্ট ইণ্ডিজেনাছ পীপল ফৰামৰ (North East Indigenous People Forum (NEIPF)) নাগালেণ্ড শাখা। অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে এন ই আই পি এফৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াও উপস্থিত আছিল।

চেতিয়াই নিজৰ ভাষণত বহিৰাগত আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে খিলঞ্জীয়াসকলক সতৰ্ক কৰি দিয়ে।

“নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে হিন্দু প্ৰব্ৰজনকাৰী আহি আমাৰ ভূমিত বহি ল’ব”, চেতিয়াই সাৱধান কৰি দি কয়।

তেওঁ ফ’ৰামখনৰ উদ্দেশ্য সমগ্ৰ উত্তৰ-পূবৰ জনসাধাৰণৰ সংস্কৃতি, পৰিচয় আৰু ভাষাক সুৰক্ষা দিয়া বুলি উল্লেখ কৰে।

উল্লেখ কৰিব পাৰি, এন এছ চি এনে সমগ্ৰ নাগাসকলক একত্ৰিত কৰি বৃহত্তৰ নাগালিম গঠনৰ বাবে দীৰ্ঘদিন ধৰি সশস্ত্ৰ বিদ্ৰোহ কৰি আহিছে, যিটোৰ পৰিসমাপ্তি নাগা শান্তিচুক্তিৰ মাজেৰে হ’বলৈ গৈ আছে। এই মাহৰ ভিতৰতে ইয়াৰ অন্তিম ৰূপায়ণ হোৱাৰ কথা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd