• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী ন্যায়াধিকৰণ সাজু নোহোৱাৰ ফলত স্থবিৰ হৈ পৰিছে নেকি এন আৰ চিৰ পৰৱৰ্তী প্ৰক্ৰিয়া?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2019 12:23 pm
nrc-1-678x381

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশৰ পৰা প্ৰায় দুমাহ অতিক্ৰম কৰাৰ উপক্ৰম হোৱাৰ সময়তো সাজু হৈ উঠা নাই ৰাজ্যৰ বিদেশী ন্যায়াধীকৰণসমূহ।

৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পাছত বাদ পৰা লোকসকলে নিজকে বিদেশী নহয় বুলি প্ৰমান কৰিবলৈ এতিয়া ক’লৈ যাব তাক লৈ সমস্যাত পৰিছে।

Apply Now

ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক বদলি কৰাৰ বাবে নির্দেশ দিয়াৰ পাছত এন আৰ চিৰ পৰৱৰ্তী কামকাজ স্থবিৰ হৈ পৰিছে।

ইপিনে, চূড়ান্ত এনআৰ চিৰ পৰা নাম বাদ পৰা লোকসকললৈ জাননী দিয়াৰ প্ৰক্ৰিয়াও ব্যহত হৈ পৰিছে।

এন আৰ চিৰ পৰা বাদ পৰা লোকসকলে বিদেশী ন্যায়াধিকৰণৰ কাষ চপাৰ প্ৰক্ৰিয়াটো আগনবঢ়াৰ বাবে গোটেই প্ৰক্ৰিয়াটো ধূসৰ হৈ পৰিছে।

আনহাতে, ইতিমধ্যে বিদেশী ন্যায়াধিকৰণত নতুনকৈ নিযুক্তি দিয়া সদস্যসকলৰ নামত অযথা ৰাজকোষৰ ধন শৰাধ হোৱাৰ বাট মুকলি হৈছে।

কিয়নো এন আৰ চি কৰ্তৃপক্ষই জাননী জাৰি নকৰালৈকে উক্ত লোকসকলে বিদেশী ন্যায়াধীকৰণৰ ওচৰলৈ যোৱাৰ কোনো ৰাস্তা নাই। এন আৰ চিৰ জাননী লাভ কৰাৰ পাছতহে তেওঁলোকে ন্যায়াধিকৰণত আবেদন জনাব।

৩১ আগষ্টত চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পাছত বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ আবেদন গ্ৰহণ কৰিবলৈ ৰাজ্যখনত স্থাপন কৰিবলগীয়া ২০০ খন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণৰ বাবে সদস্যসকলক নিযুক্তি দিয়া হৈছে।

ইপিনে ন্যায়াধিকৰণৰ কাম আৰম্ভ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই সদস্যসকলৰ দৰমহাৰ নামত বিশাল পৰিমানৰ ধন ব্যয় হ’ব।

প্ৰায় ২০০গৰাকী নিযুক্তি দিয়া সদস্যৰ নামত মাহে প্ৰতিগৰাকীৰ বিপৰীতে এক লাখতকৈয়ো অধিক টকা ব্যয় হ’ব বুলি জানিব পৰা গৈছে। কেবল দৰমহাৰ নামতে এগৰাকী সদস্যই লাভ কৰিব কমেও ৮৫,০০০টকা।

তদুপৰি, চৰকাৰে বিদেশী ন্যায়াধিকৰণৰ বাবে ১৮০০ কৰ্মচাৰীক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াও চলাই আছে। বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা এইসকল প্ৰাৰ্থীক নিযুক্তি দিবলৈহে বাকী আছে।

পিচে, বিদেশী ন্যায়াধিকৰণত আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে কৰ্মচাৰীসকলক নিযুক্তি দিলে তথা আবেদন প্ৰক্ৰিয়া বিলম্ব হ’লে চৰকাৰে বৃহৎ পৰিমানৰ ধন এনেয়েই ব্যয় কৰিব লাগিব।

আনহাতে, এন আৰ চিৰ পৰৱৰ্তী প্ৰক্ৰিয়া সম্পৰ্কে বৰ্তমান একো জানিব পৰা হোৱা নাই। ৰাজ্যিক সমন্বয়কগৰাকীক উচ্চতম ন্যায়ালয়ে বদলিৰ নিৰ্দেশ দিয়াৰ পাছতে প্ৰক্ৰিয়াটো প্ৰায় স্থবিৰ হৈ পৰিছে।

দেখা গৈছে যে চৰকাৰেও এন আৰ চিক লৈ সদ্যহতে কোনো তৎপৰতা প্ৰদৰ্শন কৰা নাই। কিন্তু ৰাজ্যখনত ডিটেনশ্যন কেম্পত বন্দী লোকৰ ঘটনা সংঘটিত হোৱালৈ চাই চৰকাৰে গোটেই প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলা উচিত।

ভাৰতীয় নাগৰিক আৰু বিদেশী নাগৰিকৰ মাজত সীমাৰেখাডাল স্পষ্ট নহ’লে চৰকাৰৰ বাবেই ই বুমেৰাং হৈ পৰিব পাৰে। সেয়ে বিদেশী ন্যায়াধীকৰণৰ প্ৰসংগত চৰকাৰে যথাসম্ভৱ শীঘ্ৰেই বিষয়টো মোখনি মৰা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd