• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লণ্ডনত স্বাধীন মণিপুৰ ঘোষণা আৰু চৰকাৰ গঠন; স্বীকৃতিৰ বাবে ৰাষ্ট্ৰসংঘলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2019 10:41 am
sovereign Manipur

ফটোৰ উৎস : The news.com.pk

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ৰজা লেইচেম্বা ছানাজাওবাৰ প্ৰতিনিধি বুলি দাবী কৰা মণিপুৰৰ কেইজনমান নেতাই ২৯ অক্টোবৰত লণ্ডনত মণিপুৰ ষ্টেইট কাউন্সিল (Manipur State Council) নামেৰে স্বাধীন মণিপুৰ ঘোষণা কৰিছে আৰু চৰকাৰ গঠন কৰিছে।

দ্দা হিন্দু নামৰ ভাৰতৰ ৰাষ্ট্ৰীয় বাতৰি কাকতখনৰ উপৰি কিছুমান আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এই খবৰ গুৰুত্বসহ প্ৰকাশ হৈছে।

Apply Now

ভাৰতৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰি প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰে। স্বাধীন মণিপুৰ চৰকাৰখনক নিৰ্বাসিত চৰকাৰ বুলি কোৱা হৈছে।

সংবাদমেলত মণিপুৰ ষ্টেইট কাউন্সিল চৰকাৰখনৰ মুখ্য মন্ত্ৰী য়েম্বেন বীৰেন আৰু বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা মন্ত্ৰী নাৰেংগবাম সমৰজিতে ভাগ লয়।

নেতাদ্বয়ে মণিপুৰৰ মহাৰাজাই তেওঁলোকক মণিপুৰৰ ৰাজনৈতিক সমস্যা সমাধানৰ দায়িত্ব অৰ্পণ কৰি ২০১৩ চনৰ ১৮ মাৰ্চত দিয়া এখন নথি প্ৰদৰ্শন কৰে।

ভাৰতত এই স্বাধীনতা ঘোষণা কৰিলে গ্ৰেপ্তাৰ অথবা ভাৰতৰ নিৰাপত্তা বাহিনীবোৰৰ দ্বাৰা হত্যাৰ সন্মুখীন হ’ব পাৰে বুলি ভাবিয়ে লণ্ডনত কৰা হ’ল বুলি দুয়োজনে সংবাদ মাধ্যমক জনায়। তেওঁলোকৰ মতে, নিৰ্বাসিত চৰকাৰখন লণ্ডন ভিত্তিক হ’ব।

সংবাদ মাধ্যমৰ আগত দুয়ো এইটোও নিশ্চিত কৰে যে তেওঁলোকে ভাৰত চৰকাৰৰ দ্বাৰা নিগৃহীত হোৱাৰ ভয়ত ইংলেণ্ডত ২০১৯ চনৰ ছেপ্টেম্বৰত ৰাজনৈতিক আশ্ৰয় বিচাৰিছিল।

“আমি বিশ্বাস কৰো যে মণিপুৰৰ স্বাধীন চৰকাৰখনৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক অৱগত কৰা আৰু স্বীকৃতি বিচৰাৰ এইটোৱে উপযুক্ত সময়।” সংবাদমেলত নেতাদ্বয়ৰ বক্তব্যৰ উদ্ধৃতি দ্দা হিন্দুত।

তেওঁলোকে নিজৰ চৰকাৰখনক আইনসন্মত চৰকাৰ (de jure) বুলি দাবী কৰি ইয়াৰ স্বীকৃতি বিচাৰি ৰাষ্ট্ৰসংঘলৈ যাব বুলিও জানিবলৈ দিয়ে।

“তিনি নিযুত মণিপুৰী মানুহে মূল্যৱান স্বাধীন ৰাষ্ট্ৰবোৰৰ এখন হিচাপে স্বীকৃতি বিচাৰে। ভাৰতৰ চৰকাৰৰ সৈতে কথা পতাৰ আমাৰ প্ৰয়াস ঘৃণা আৰু শত্ৰুতাৰ সন্মুখীন হৈছিল”, মণিপুৰ ষ্টেইট কাউন্সিল চৰকাৰখনৰ মন্ত্ৰীদ্বয়ৰ মন্তব্য।

তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমবোৰৰ উপস্থিতিত সংবাদমেলত কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰখন হিন্দুত্ববাদৰ উচ্চাত্মিকা মনোভাবৰ আৰু সৰু সৰু জাতিসত্তা আৰু সম্প্ৰদায়বোৰ নিৰ্মূলকৰণত বিশ্বাসী।

নেতাদ্বয়ৰ দাবী, ষ্টেইট অব মণিপুৰ এখন আইনসন্মত চৰকাৰ, যিখন মণিপুৰ ষ্টেইট কনষ্টিটিউশ্যন এক্ট ১৯৪৭-ৰ অধীনত গঠন কৰা হৈছে। ই ১৯৪৭ চনৰ ১৪ আগষ্টত ব্ৰিটিছৰ পৰা স্বীধানতা লাভ কৰিছিল।

তেওঁলোকে লগতে কয়, ১৯৪৬ চনৰ ২৭ ডিচেম্বৰত অৰ্ডাৰ অব কাউন্সিলৰ দ্বাৰা মণিপুৰ ৰাজ্যখন ভাৰতৰ পৰা বাহিৰত ৰখা হৈছিল আৰু ভাৰত চৰকাৰে মণিপুৰ ৰাজ্যক ১৯৪৯ আইনখন উলংঘা কৰি চামিল কৰিছিল।

নেতা দুজনে মণিপুৰত চৰকাৰী বাহিনীৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডবোৰ সম্পৰ্কেও উল্লেখ কৰে।

পৃথক নাগালেণ্ডৰ দাবীত প্ৰায় অৰ্ধ শতিকাজোৰা নাগা সশস্ত্ৰ বিদ্ৰোহে সামৰণিৰ ঢাপটোত উপস্থিত হোৱাৰ সময়তে উত্তৰ-পূবৰ আন এখন ৰাজ্যই ভাৰতৰ পৰা বিচ্ছিন্নতা ঘোষণা কৰাটো তাৎপৰ্য্যপূৰ্ণ।

উত্তৰ-পূবৰ ৰাজ্যবোৰক ভাৰতৰ পৰা পৃথক আৰু মৌলিক ইতিহাসে স্বাধীনতা দাবীৰ বাবে প্ৰলোভিত কৰি আহিছে, যিটো অসমৰ শক্তিশালী সশস্ত্ৰ বিদ্ৰোহ সংযুক্ত মুক্তি বাহিনী, অসম, চমুকৈ আলফাৰো জন্মৰ এটা প্ৰধান আধাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm
অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

অসমৰ সামাজিক নিৰীক্ষণ গোটৰ গুৰুতৰ বিসংগতি: পাঁচ বছৰ ধৰি অবৈধ পঞ্জীয়নৰে চলিছে কাম-কাজ

June 14, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd