• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলিত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুৰ্ভগীয়া খেতিয়কৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 31, 2019 6:17 pm
Nagrijuli story

বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দুৰ্ভগীয়া খেতিয়কজন

37.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰত-ভূটান সীমান্তৰ বক্সা জিলাৰ নাগ্ৰীজুলিত বৃহস্পতিবাৰে নৰেশ চন্দ্ৰ মণ্ডল(৬০) নামৰ এগৰাকী খেতিয়কৰ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয়।

নৰেশ চন্দ্ৰ মণ্ডল নাগ্ৰীজুলি আৰক্ষী থানাৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ বাসিন্দা আছিল।

জানিব পৰা মতে, খাদ্যৰ সন্ধানত বুধবাৰে ভুটান পাহাৰৰ পৰা এটা বৃহৎ বনৰীয়া হাতীৰ জাক নাগ্ৰীজুলি অঞ্চলৰ গনেশপুৰ গাঁৱত প্ৰবেশ কৰে আৰু প্ৰায় ৩০ বিঘা খেতিপথাৰৰ ধান খাই, উপদ্ৰৱ চলাই নষ্ট কৰে।

বুধবাৰে গনেশপুৰ গাঁৱত উপদ্ৰৱ চলোৱাৰ পাছত বৃহস্পতিবাৰে হাতীৰ জাকটোৱে জয়পুৰ গাঁৱত প্ৰৱেশ কৰে আৰু খেতিপথাৰত উপদ্ৰৱ চলাই পাহাৰ অভিমুখে গতি কৰে।

হাতীৰ জাকটোৱে উভতি গৈ থকা অৱস্থাত খেতিপথাৰত নৰেশ চন্দ্ৰ মণ্ডলক দেখা পাই আৰু আক্ৰমণ কৰি এটা গাতত পেলাই থৈ যায়।

হাতীৰ আক্ৰমণত দুৰ্ভগীয়া খেতিয়কগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকে তেওঁক তামুলপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও আধা বাটতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য যে, ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলি অঞ্চলত দীৰ্ঘসময়ৰ পৰা বনৰীয়া হাতীয়ে জনাঞ্চলত উপদ্ৰৱ চলাই আহিছে।

অঞ্চলটোৰ ৰাইজে এই ক্ষেত্ৰত বন বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই আহিছে যদিও বন বিভাগ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।

Recent News

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

ভাৰতত থাকি চোৰাংচোৱাগিৰি! ২৪ ঘন্টাৰ ভিতৰত  ভাৰত এৰিবলৈ নিৰ্দেশ দিয়া হ’ল পাকিস্তানী উচ্চায়ুক্তক

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd