ভাৰতত ১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে Apple TV+ৰ পৰিসেৱা। আমেৰিকাৰ কোম্পানী Apple য়ে ইয়াক মাৰ্চ মাহত মুকলি কৰিছিল।
মাৰ্চ মাহত মুকলি কৰা পৰিসেৱা বিধ এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত মুকল কৰি দিয়া হৈছে।
Apple য়ে একেলগে ১০০ খন দেশত ইয়াৰ পৰিসেৱা আৰম্ভ কৰিছে। কোম্পানীটোৱে বিভিন্ন প্ৰকাৰৰ ৱেব চিৰিজো ইয়াৰ বাবে প্ৰস্তুত কৰি তুলিছে যাক Apple TV+ৰ জৰিয়তে উপভোগ কৰিব পৰা যাব।
অলপতে Amazon Fire TVত Apple TV ৰ এপ মুকলি কৰি দিয়া হৈছে যাক আপোনালোকে ডাউনলোড কৰিব পাৰিব।
গ্ৰাহকে নিৰ্দিষ্ট মূল্যৰ বিনিময়ত Apple TV টিভি ছাবস্ক্ৰিপশ্যন কৰি বিভিন্ন অনুষ্ঠান উপভোগ কৰিব পাৰিব।
Apple TV ক নেটফ্লিক্স অথবা আমাজন প্ৰাইমৰ সৈতে একেধৰণৰ বুলি ভাবিব পাৰে।
উল্লেখযোগ্য যে, Apple TV একমাত্ৰ এপ’ল ডিভাইচৰ পৰিৱৰ্তে এনড্ৰইড স্মাৰ্ট টিভি য়ুজাৰটো উপভোগ কৰিব পৰা হ’ব।
Apple TV+ ৰ চবস্ক্ৰিপশ্যন Apple TV এপ ডাউনলোড কৰি কৰিব পাৰি যাৰ বাবে প্ৰতিমাহতে ৯৯ টকা ভৰিব লাগিব।
ইয়াৰ লগে লগে কোম্পানীৰ ফালৰ পৰা গ্ৰাহক সকলৰ বাবে ৭ দিনৰ ফ্ৰী ট্ৰায়েলৰো ব্যৱস্থা কৰা হৈছে।
কোম্পানীয়ে আগবঢ়োৱা অফাৰ অনুসৰি যিসকল গ্ৰাহকে নতুন আইফোন, আইপেড, এপ’ল টিভি আৰু মেক ক্ৰয় কৰিব তেওঁলোকক এবছৰৰ বাবে Apple TV+ ফ্ৰী হিচাপে আগবঢ়োৱা হ’ব।