• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুৰ স্বাস্থ্যক লৈ ল’ৰা ধেমালি! দিল্লীত ব্লেক লিষ্টেড NGO-ক দিয়া হৈছে অসমত মধ্যাহ্ন ভোজনৰ দায়িত্ব

সৰৱ প্ৰদেশ কংগ্ৰেছ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি; উচ্চস্তৰীয় তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 2, 2019 10:01 pm
Ghanashyam Seva Samiti_notice_delhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ দৰে ডাঙৰ লক্ষ্য লৈ মধ্যাহ্ন ভোজন আঁচনি লোৱা খোদ চৰকাৰেই এতিয়া শিশুৰ স্বাস্থ্যক লৈ ল’ৰা ধেমালিত লিপ্ত হোৱাৰ দেখা গৈছে।

অনুপযুক্ত খাদ্য যোগানৰ বাবে দিল্লীত ব্লেক লিষ্টেট হোৱা এন জি অ’ক অসমত মধ্যাহ্ন ভোজনৰ দায়িত্ব দিয়াৰ দৰে মাৰাত্মক ক্ষতিকৰ কাম কৰিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে আৰু ইয়াৰ তথ্য-প্ৰমাণ নৰ্থ-ইষ্ট নাওৰ হাতত আছে।

আমাৰ হাতত থকা তথ্য অনুসৰি ২০১৩ চনত নিম্নমানৰ আৰু পোক-পতংগৰে ভৰা খাদ্য ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰি দিল্লীত ব্লেক লিষ্টেড হৈছিল ঘনশ্যাম সেৱা সমিতি নামৰ এটা NGO.

২০১৩ চনৰ ৮ আগষ্টত দিল্লী চৰকাৰে এটা নিৰ্দেশৰ জৰিয়তে ব্লেক লিষ্টেড ঘোষণা কৰিছিল ঘনশ্যাম সেৱা সমিতিক। নিৰ্দেশটোত স্পষ্টকৈ উল্লেখ আছে যে NGO-টোৱে যোগান ধৰা মধ্যাহ্ন ভোজনত মানুহৰ চুলি, কেঁচু, জেঠী আৰু অন্য পোক-পতংগৰ উপস্থিতি ধৰা পৰা বাবে তেওঁলোকৰ সৈতে থকা চুক্তি বাতিল কৰিছে।

কিন্তু বহিঃৰাজ্যৰ এই NGO-টোক অসম চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ খাদ্য বিতৰণৰ ঠিকা দিছে আৰু কালিৰ পৰা আৰম্ভ হোৱা এই ঠিকা কামত তিনিচুকীয়া, শিৱসাগৰ, ধুবুৰী জিলাৰ বিদ্যালয়ত এই বেচৰকাৰী সংস্থাটোৱে মধ্যাহ্ন ভোজন বিতৰণ কৰিছে।

শিশুৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা চৰকাৰৰ এই হঠকাৰী কামে সচেতন লোককে ধৰি বিভিন্ন পক্ষৰ সমালোচনাৰ বাট মুকলি কৰিছে।

ব্লেক লিষ্টেড NGO-ক খাদ্য বিতৰণৰ ঠিকা দিয়া এই পদক্ষেপৰ পাছতে ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, প্ৰদেশ কংগ্ৰেছকে ধৰি অন্যান্য দল সংগঠন।

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ব্লেক লিষ্টেড NGO-ক কিয় ৰাজ্যৰ শিক্ষা বিভাগে মধ্যাহ্ন ভোজনৰ দায়িত্ব দিলে বুলি প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে।

তেওঁ সন্দেহ প্ৰকাশ কৰি কয়, “বহি ৰাজ্যৰ ব্লেক লিষ্টেড এন জি অ’সমূহক মধ্যহ্ন ভোজন বিতৰণৰ ঠিকা দিয়াৰ অন্তৰালত বহু ৰহস্য সোমাই আছে। এন জি অ’সমূহে ছাত্ৰ-ছাত্ৰীসকলক অতি কম মানৰ আৰু অস্বাস্থ্যকৰ খাদ্য প্ৰদান কৰিছে।”

তেওঁ সমগ্ৰ ঘটনাৰ উচ্চ স্তৰীয় তদন্ত কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়।

Ghanashyam Seva Samiti_notice
ঘনশ্যাম সেৱা সমিতিয়ে যোগান ধৰা মধ্যাহ্ন ভোজনত মানুহৰ চুলি, কেঁচু, জেঠী আদি ওলোৱা বাবে দিল্লী চৰকাৰে চুক্তি বাতিল কৰি দিয়া জাননীখনৰ প্ৰতিলিপি।

আনহাতে, এই বিষয়ক লৈ আজি গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।

ছাত্ৰ সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰে কয়, “কোনো NGO-ক ব্লেক লিষ্টেড বুলি চৰকাৰে ঘোষণা কৰিলে তেওঁলোকে কেতিয়াও নিবিদাত অংশগ্ৰহণ কৰিব নোৱাৰে।  কিন্তু দিল্লী চৰকাৰে ব্লেক লিষ্টেড কৰা NGO-ক অসম চৰকাৰৰ শিক্ষা বিভাগে কিয় খাদ্য বিতৰণৰ ঠিকা অৰ্পণ কৰিলে সেইটো চিন্তনীয়।”

ব্লেক লিষ্টেড NGO-ক খাদ্য বিতৰণৰ ঠিকা দিয়াৰ আঁৰত শিক্ষা মন্ত্ৰী আৰু সৰ্বশিক্ষা মিশ্যন সঞ্চালকে কমিশ্যনৰ অংক কৰা বুলি গুৰুতৰ অভিযোগ তোলে কোঁৱৰে।

“দিল্লীত ব্লেক লিষ্টেড NGO-ক অসমত খাদ্য বিতৰণৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াত কমিশ্যনৰ অংক আছে নেকি? শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু সৰ্বশিক্ষা মিশ্যন সঞ্চালক ছমছেৰ সিঙে নিশ্চয়কৈ কমিশ্যনৰ অংক কৰিছে। তেওঁলোকে কমিশ্যনৰ স্বাৰ্থত, পইচাৰ স্বাৰ্থত এই দুই নম্বৰী কাম কৰিছে”, কোঁৱৰৰ অভিযোগ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মধ্যাহ্ন ভোজনৰ দায়িত্ব NGO-ক দিয়াৰ সিদ্ধান্ত বাতিল কৰি পূৰ্বৰ দৰেই ৰন্ধন কৰ্মচাৰীৰ জৰিয়তে পুষ্টিকৰ আৰু সুস্বাদু খাদ্য যোগান ধৰিবলৈ আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd