মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অসমক ধ্বংস কৰি থৈ গৈছে। এই মন্তব্য বিজেপি বিধায়ক শিলাদিত্য দেবৰ। দেওবাৰে ৰঞ্জন গগৈয়ে NRCক লৈ কৰা বক্তব্যৰ পিছতে বিধায়ক গৰাকীয়ে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
দেওবাৰে দক্ষিণ কামৰূপৰ চমৰীয়াত এখ সভাত অংশ্ৰগহণ কৰি সাংবাদিকৰ আগত তেওঁ ৰঞ্জন গগৈৰ বক্তব্যক মুঠেও সমৰ্থন নকৰো বুলি উল্লেখ কৰি কয়, ‘তেওঁ যদি দম্ভালি মাৰি ক’ব বিচাৰিছে যে খুব ভাল নথি-পত্ৰ তেওঁ দি গৈছে সেইটো ভুল হ’ব, তেওঁ অসমক ধ্বংস কৰি থৈ গৈছে।‘
উল্লেখযোগ্য যে ৩ নবেম্বৰত নতুন দিল্লীত সাংবাদিক মৃণাল তালুকদাৰৰ এখন গ্ৰন্থ উন্মোচন কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে NRC সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।
লগতে পঢ়ক ১৯ লাখ বা ৪০ লাখৰ কথা নহয়, NRC ভৱিষ্যতৰ দলিল : মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ
ইয়াৰ পিছতেই ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে শিলাদিত্য দেবক সৰৱ হৈ পৰা দেখা যায়।
উক্ত সভাৰ উপৰি আন এখন সভাত অংশ লৈ দেবে ডিটেনশ্যন কেম্প, হিন্দু শৰনাৰ্থী, CAB আদি বিষয়ত কেতবোৰ মন্তব্য দিয়ে।
বিধায়াক গৰাকীৰ মতে ‘উচ্চতম ন্যায়ালয় গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে’।
তেওঁ কয়, ‘ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ, ন্যায়পালিকা, বিধানপালিকা আৰু কাৰ্যপালিকাৰ নিজৰ নিজৰ দ্বায়িত্ত আছে, সেই দ্বায়িত্ত পালন কৰিব দিব লাগে। যাৰ যিটো কাম সেইটো কৰিব দিব লাগে, ক’ৰ্টে যদি ভাবি লৈছে তেওঁলোকে ভাৰতবৰ্ষক চলাব বুলি তেতিয়াটো গণতন্ত্ৰক হত্যা কৰা হ’ব।‘
‘মইটো এনেকুৱা দেখিছো আজি উচ্চতম ন্যায়ালয়ে গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। এইটো এটা দুৰ্ভাগ্যৰ কথা।’ শিলাদিত্য দেবে কয়।