• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“কৰ্মচাৰীৰে প্ৰেম নিষিদ্ধ নীতি”ত চাকৰি গ’ল McDonald-ৰ মুখ্য কাৰ্য্যবাহীৰ

কৰ্মচাৰীৰ সৈতে "বছ"-এ প্ৰেম কৰা উচিত নে? ভাৰত তথা অসমৰ প্ৰতিষ্ঠানবোৰত আছে নে স্পষ্ট নীতি?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2019 8:55 pm
Steve Easterbrook

মেকড’নাল্ডৰ বিদায়ী চি ই অ’ (মুখ্য কাৰ্য্যবাহী বিষয়া) ষ্টীভ ইয়েষ্টাৰব্ৰুক। ফটোৰ উৎস : টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ দৰে বিশ্বৰ বিভিন্ন কোণৰ সৰু সৰু অঞ্চললৈও সম্প্ৰসাৰিত হোৱা ফাষ্ট ফুডৰ বিয়াগোম কোম্পানি মেকড’নাল্ডৰ চি ই অ’ (মুখ্য কাৰ্য্যবাহী বিষয়া) ষ্টীভ ইয়েষ্টাৰব্ৰুকে চাকৰি হেৰুৱাইছে মহিলা কৰ্মচাৰীৰ সৈতে ৰখা সম্পৰ্কৰ বাবে।

বিশ্বজুৰি জাল থকা আমেৰিকাৰ বিশ্বখ্যাত কোম্পানিটোৰ ব’ৰ্ডে ১ নৱেম্বৰত ইয়েষ্টাৰব্ৰুকক বিদায় দিয়াৰ সপক্ষে ভোট দিয়ে, যিটো ৩ অক্টোবৰত ৰাজহুৱা কৰা হয়।

Apply Now

মহিলা কৰ্মচাৰীগৰাকীৰ সৈতে ব্ৰিটিছ মূলৰ চি ই অ’জনৰ সম্পৰ্ক সন্মতিপূৰ্বক আছিল বুলি বি বি চিয়ে দিয়া বাতৰিটোত প্ৰকাশ। ৫২ বছৰীয়া ইয়েষ্টাৰব্ৰুক এজন বিবাহ বিচ্ছেদিত লোক আৰু তেওঁ তিনিটা সন্তানৰো পিতৃ।

ব’ৰ্ডৰ সিদ্ধান্তটোৰ পিছতে তেওঁ কোম্পানিটোৰ ষ্টাফলৈ প্ৰেৰণ কৰা ইমেইলত “সম্পৰ্ক”টো স্বীকাৰ কৰে আৰু ইয়াক এটা “ভুল” বুলি মানি লয়।

“এইটো এটা ভুল আছিল। ব’ৰ্ডৰ সৈতে মই সহমত পোষণ কৰিছো”, কোম্পানিৰ নীতি উলংঘা কৰা বুলি স্বীকাৰ কৰি ইয়েষ্টাৰব্ৰুকৰ মন্তব্য।

ইয়েষ্টাৰব্ৰুক কোম্পানিটোত ২০১৫ চনত মুখ্য কাৰ্য্যবাহী হিচাপে নিযুক্ত হৈছিল। তেওঁৰ দিনত মেকড’নাল্ডে দোপতদোপে উন্নতি কৰিছিল আৰু তেওঁৰ দৰমহাও আছিল অকল্পনীয়ভাৱে উচ্চ।

ইয়েষ্টাৰব্ৰুকৰ ঠাইত এতিয়া ৫২ বছৰীয়া আমেৰিকান ক্ৰিছ কেম্পজিন্সকি (Chris Kempczinski) কোম্পানিটোৰ নতুন চি ই অ’ হ’ব।

উল্লেখযোগ্য যে মেকড’নাল্ডকে ধৰি বিশ্বৰ প্ৰায়বোৰ বৃহৎ কোম্পানিয়ে নিবিড়তা-বিৰোধী নীতি (anti-fraternization policy) গ্ৰহণ কৰে। এই নীতিত ওপৰৱালাই তলৰ কৰ্মচাৰীৰ সৈতে প্ৰণয়জনিত সম্পৰ্ক বা তেনেকুৱা ধৰণৰ নিবিড়তা ৰক্ষা কৰিব নোৱাৰে।

সাধাৰণতে সকলো মেনেজাৰৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য। ইয়াৰ ফলত কৰ্মচাৰীগৰাকীয়ে পদোন্নতিকে ধৰি আন আন সুবিধাৰ ক্ষেত্ৰত অনুগ্ৰহ আদায়ৰ সুযোগ নাথাকে বা ওপৰৱালায়ো কৰ্মচাৰীৰ প্ৰতি প্ৰতিশোধমূলক দৃষ্টি ল’ব নোৱাৰে। কোম্পানিত কৰ্মচাৰীসকলৰ সমতা, নিৰপেক্ষতা নিশ্চিত কৰাতো এই নীতিয়ে সহায় কৰে। এই কোম্পানিবোৰৰ প্ৰায়বোৰেই বিবাহিত দম্পতীৰ দুয়োজনকে নিয়োগ নকৰাৰ নীতিও লয়।

যোৱা বছৰ আন এটা বিশ্বখ্যাত কোম্পানি ইনটেলে (চিপ উৎপাদনকৰ্তা কোম্পানি) ইয়াৰ মুখ্য কাৰ্য্যবাহী ব্ৰায়ান ক্ৰানিকক (Brian Krzanich) পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল। ৫৮ বছৰীয়া ব্ৰায়ানৰ সম্পৰ্কটো তেতিয়া অতীত হৈছিল যদিও পলমকৈ ঘটনাটোৰ বিষয়ে অৱগত হোৱা কোম্পানিটোৱে কোম্পানিৰ নীতিৰ ক্ষেত্ৰত কঠোৰতা প্ৰদৰ্শন কৰে। ২০১১ চনত এই নীতি গ্ৰহণ কৰাৰ পূৰ্বে কোম্পানিটোৰ পূৰ্বৰ চি ই অ’ৰ লগতে সহ-প্ৰতিষ্ঠাপক এজনেও কৰ্মচাৰীক বিয়া কৰাইছিল।

ভাৰত তথা অসমৰ ঔদ্যোগিক প্ৰতিষ্ঠানবোৰত এতিয়াও এই নীতিৰ বহুল প্ৰচলন হোৱা নাই। ঔদ্যোগিক প্ৰতিষ্ঠানবোৰৰ এই সম্পৰ্কীয় স্পষ্ট নীতি নথকা বাবে ইয়াত বহুতো সুযোগ দিয়া আৰু লোৱাৰ ঘটনা দেখা যায়।

বাতৰিটোৰ শেষত বি বি চিয়ে পাঠকলৈ এলানি প্ৰশ্ন আগ বঢ়াই দিছে, যাৰ মাজৰ এটা হ’ল- “কৰ্মক্ষেত্ৰত প্ৰণয়জনিত সম্পৰ্ক নিষেধ কৰাটো উচিত বুলি আপুনি ভাবেনে?”

প্ৰশ্নটো গুৰুত্বপূৰ্ণ আৰু মতভিন্নতাৰ যথেষ্ট অৱকাশ আছে। কিন্তু প্ৰশ্নটো গুৰুত্বপূৰ্ণ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd