• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্যহস্তীৰ আক্ৰমণত উদমাৰিত নিহত এজন; ক্ষুব্ধ লোকে লণ্ডভণ্ড কৰিলে বন বিভাগৰ কাৰ্য্যালয়

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
November 11, 2019 10:06 am
VideoCapture_20191111

উদমাৰিত নিশা উত্তেজিত লোকৰ একাংশ। ফটো: নৰ্থইষ্ট নাও

4.6k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিত ক্ৰমান্বয়ে অতিশয় ভয়াবহ হৈ পৰিছে হাতী মানুহৰ সংঘাত। কেতিয়াবা যদি বনৰীয়া হাতী মৰিছে মানুহৰ হাতত, কেতিয়াবা আকৌ মানুহেও প্ৰাণ হেৰুৱাব লগীয়া হৈছে বন্যহস্তী আক্ৰমণত।

দেওবাৰে নিশাও চামগুৰিৰ উদমাৰিত সংঘটিত হয় এনে এক শোকাবহ ঘটনা। খাদ্যৰ অভাৱত কাৰ্বি পাহাৰৰ পৰা নামি অহা হাতী জাকৰ মাজৰ এটা বন্যহস্তীৰ আক্ৰমণত এজন পঞ্চাশৰো উৰ্ধ্বৰ লোক নিহত হয়।

এই ঘটনাক কেন্দ্ৰ কৰি উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ত দেওবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত উদমাৰিৰ মতিলাল মুণ্ডা নামৰ লোকজন গুৰুতৰভাবে আহত হোৱাৰ পাছত ততাতৈয়াকৈ চামগুৰিৰ প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও পথতে লোকজনৰ মৃত্যু হয়।

ইয়াকে কেন্দ্ৰ কৰি বন বিভাগৰ বিৰুদ্ধে একাংশ স্থানীয় উত্তেজিত লোকে চূড়ান্ত ক্ষোভ উজাৰে।

VideoCapture_20191111-012908
উত্তেজিত লোকে উদমাৰিৰ বন বিভাগৰ কাৰ্যালয়ৰ আচবাব লণ্ডভণ্ড কৰে। ফটো: নৰ্থইষ্ট নাও

উদমাৰী উপ খণ্ড বন বিষয়া কাৰ্য্যালয়টোৰ আচবাব ক্ষুব্ধ লোকসকলে ভাঙি সম্পূৰ্ণৰূপে লণ্ড-ভণ্ড কৰি পেলায়।

ইয়াৰ পিছতেই কাৰ্যালয়টোৰ গেটৰ সন্মুখত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি স্থানীয় ৰাইজে বহু সময় ধৰি সৃষ্টি কৰে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ।

উল্লেখ্য যে, নিশা পথাৰত প্ৰৱেশ কৰা বন্যহস্তীৰ জাকটো খেদিবলৈ যাওঁতেই বয়সীয়া মতিলাল মুণ্ডা নামৰ লোকজনক বন্যহস্তীয়ে আক্ৰমণ কৰিছিল।

ইপিনে বিধ্বস্ত উদমাৰি উপ খণ্ড বন বিষয়া কাৰ্যালয়ত নিশাই আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সহ অৰ্ধসামৰিক বাহিনীৰ একাধিক জোৱান উপস্থিত হোৱাত পৰিস্থিতি কিছু পৰিমাণে শাম কাটে যদিও পুৱা পৰ্যন্ত বৃহত্তৰ উদমাৰি অঞ্চলত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।

Recent News

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd