• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিত শেষ দিনটোত কি কৈ গ’ল প্ৰতীক হাজেলাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2019 1:22 pm
Prateek-Hajela-570x320-1140x570

প্ৰতীক হাজেলা। ফাইল ফটো: নৰ্থইষ্ট নাও

41.6k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) বিদায়ী ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সোমবাৰে কয় যে এন আৰ চি প্ৰস্তুত কৰাৰ বাবে তেওঁৰ কামটোত তেওঁ সুদৃঢ় আছিল।

গুৱাহাটীৰ ভঙাগড়ত থকা এন আৰ চিৰ কাৰ্যালয়ত তেওঁৰ শেষ দিনটোৰ কাম সামৰি হাজেলাই কয়, ‘’মোৰ কাৰ্যকালত কামটোৰ প্ৰতি মই দৃঢ় আছিলো। মই কৰা কামটো আছিল মোৰ বাবে এটা সাংবিধানিক কৰ্তব্য।‘’ ইণ্ডিয়ান এক্সপ্ৰেছত এইদৰে প্ৰকাশ পাইছে।

হাজেলাই ২০১৩চনৰ পৰাই এন আৰ চি প্ৰস্তুতিৰ কামৰ অনুশীলনৰ নেতৃত্ব দি আহিছিল। ৰাজ্য চৰকাৰ তথা বিজেপিৰ সমালোচনাৰ মাজতে যোৱা ১৮ অক্টোবৰত হাজেলাক উচ্চতম ন্যায়ালয়ে মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশ দিছিল।

হাজেলাই এন আৰ চিৰ প্ৰযুক্তিগত দিশটোৰ লগতে কাৰিকৰী দিশত উন্নীতকৰণৰ বাবে লিগেচীৰ বংশবৃক্ষৰ দৰে বিষয়সমূহ ডিজিটেল ৰূপত অনাত বিশেষভাৱে দক্ষতা প্ৰদৰ্শন কৰিছিল।

২০১০ চনৰ জুনত আৰম্ভ কৰা এন আৰ চি উন্নীতকৰণৰ এটা পাইলট প্ৰজেক্ট বৰপেটা জিলা আৰু কামৰূপ জিলাৰ ছয়গাঁৱত ইয়াৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আৰক্ষীৰ গুলীচালনাত চাৰিজন লোক নিহত আৰু আন কেইবাজনো লোক আহত হোৱাৰ ঘটনাৰ পাছত বন্ধ ৰখা হৈছিল।

উচ্চতম ন্যায়ালয়ে হাজেলাক বদলি কৰাৰ দিনাখনে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৈছিল যে হাজেলাক খৰচ হোৱা ধনৰ প্ৰতিটো টকাৰ হিচাপ নিদিয়ালৈকে “যাবলৈ অনুমতি দিয়া উচিত নহয়’’।

এন আৰ চিৰ অনুশীলনৰ বিত্তীয় খৰচ প্ৰায় ১৬০০ কোটি হ’ব বুলি উল্লেখ কৰি হাজেলাই সকলো খৰচ পৰ্যায়ক্ৰমে ব্যয় কৰা হৈছে আৰু সম্পূৰ্ণ কৰা ৭০ শতাংশ কামৰ হিচাপ (অডিট) কৰা হৈছে বুলি সদৰী কৰে।

এন আৰ চিৰ পৰা বাদ পৰা লোকৰ সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দল তথা গোটৰ সমালোচনাৰ বিষয়ে ক’বলৈ গৈ হাজেলাই কয় যে “গুৰুত্বপূৰ্ণ দিশটো হৈছে নিৰ্দ্ধাৰিত তাৰিখ (কাট-অফ-ডেট)।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd