আইন উলংঘা কৰাৰ বাবে গৃহ মন্ত্ৰ্যালয়ে দেশৰ ১৮০০তকৈ অধিক NGO আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত বিদেশী অনুদান লাভ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।
সংবাদ সংস্থা PTIৰ এক প্ৰতিবেদন মতে বিদেশী অনুদান (বিধি) অধিনিয়ম (FCRA)ৰ অধীনত যোৱা মঙলবাৰে চৰকাৰে উক্ত প্ৰতিষ্ঠানসমূহৰ লাইচেঞ্চ বাতিল কৰে।
FCRAৰ অধীনত পঞ্জীয়ন বাতিল হোৱা প্ৰতিষ্ঠান সমূহৰ ভিতৰত ৰাজস্থান বিশ্ববিদ্যালয়, এলাহাবাদ কৃষি প্ৰতিষ্ঠান, ইয়ং মেনছ খ্ৰিষ্টিয়ান এছ’চিয়েচন, গুজৰাট আৰু স্বামী বিবেকানন্দ এডুকেশ্যনেল ছ’চাইটি, কৰ্ণাটকো আছে।
পঞ্জীয়ন বাতিল হোৱা বাকি প্ৰতিষ্ঠান সমূহৰ ভিতৰত আছে নেশ্যনেল জিঅ’ফিজিকেল ৰিচাৰ্ছ ইনষ্টিটিউত, তেলেংগানা, নেশ্যনেল ইনষ্টিটিউত অৱ ভাইৰ’লজি, মহাৰাষ্ট্ৰ, বেপটিষ্ট খ্ৰিষ্টিয়ান এছ’চিয়েচন, মহাৰাষ্ট্ৰ ইত্যাদি।
‘FCRA পঞ্জীয়ন বাতিল কৰাৰ লগতে, সকলো NGO আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ বিদেশী ফাণ্ডিং বন্ধ কৰি দিয়া হৈছে।‘ গৃহ মন্ত্ৰ্যালয়ৰ এগৰাকী বিষয়াই কয়।
জানিব পৰা মতে বাৰে বাৰে নিৰ্দেশ দি অহাৰ পিছতো ৬ বছৰলৈকে বাৰ্ষিক আয়কৰ আৰু বিদেশী পুঁজি খৰচৰ হিচাপ জমা নিদিয়াৰ বাবেই উক্ত প্ৰতিষ্ঠান সমূহৰ FCRA পঞ্জীয়ন বাতিল কৰি দিয়া হয়।
উল্লেখযোগ্য যে ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ চৰকাৰ শাসনলৈ অহাৰ পিছৰ পৰাই গৃহ মন্ত্ৰ্যালয়ে ১৪,৮০০তকৈ অধিক বেচৰকাৰী প্ৰতিষ্ঠানৰ FRCA পঞ্জীয়ন বাতিল কৰিছে। ফলত উক্ত প্ৰতিষ্ঠান সমূহে বিদেশী পুঁজি লাভ কৰিব নোৱাৰিব।