• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলি বিৰোধিতা অৰণ্য মানৱ যাদৱ পায়েঙৰ

ব্ৰহ্মপুত্ৰৰ পাৰৰ গছৰ সুৰক্ষাৰ বাবে বিশেষজ্ঞ সমিতি গঠনৰ দাবী পায়েঙৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 19, 2019 4:51 pm
WhatsApp Image 2019-11-19 at 3.52.17 PM

প্ৰকৃতি ধ্বংসৰ বিৰোধিতা অৰণ্য মানৱ যাদৱ পায়েঙৰ। ফটো: নৰ্থইষ্ট নাও

2.1k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলিভাৱে বিৰোধিতা কৰিলে পদ্মশ্ৰী সন্মানেৰে সন্মানিত অৰণ্য মানৱ যাদৱ পায়েঙে।

গছৰ সুৰক্ষাৰ দাবীত গুৱাহাটী মহানগৰীৰ ভৰলুমুখত থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত আজি পুৱাতে আহি উপস্থিত হয় প্ৰকৃতিপ্ৰেমীগৰাকী।

চৰকাৰে নিজ খেয়াল খুঁচিমতে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাবে চলোৱা কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে আমি উন্নয়নৰ বিৰোধিতা নকৰো। কিন্তু উন্নয়নৰ নামত জধে-মধে গছ কটাৰ বিৰোধিতা কৰো।

গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠন তথা পশ্চিম গুৱাহাটী অঞ্চলৰ ৰাইজৰ উপস্থিতিত পায়েঙে সম্ভাব্য সমাধানৰ বাবে বিভিন্ন পাৰদৰ্শী ব্যক্তি, প্ৰতিষ্ঠানক সামৰি এখন কাৰিকৰী সমিতি গঠন কৰি নদীপাৰটোৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

চীন, টাইৱান আদি দেশৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে সেইসমূহ দেশত প্ৰকৃতিৰ বাবে প্ৰতিকূল কোনো উন্নয়নমূলক কাৰ্যসূচী গ্ৰহণ কৰা নহয়। বৰং প্ৰকৃতিৰ সুৰক্ষা সুনিশ্চিত কৰিহে পৰিকল্পনা গ্ৰহণ কৰা হয়।

পায়েঙে এই ক্ষেত্ৰত চৰকাৰক উপযুক্ত পৰিকল্পনা অনুসৰি প্ৰয়োজনসাপেক্ষে উচ্চ কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰি এই বৃহৎ সংখ্যক গছ নকটাকৈ দলংখন নিৰ্মাণ কৰিবলৈ  অনুৰোধ জনায়।

আনহাতে, দেশৰ বৰ্তমানৰ শিক্ষা নীতিক সমালোচনা কৰি তেওঁ কয় যে প্ৰাথমিক বিদ্যালয়ৰ পৰাই পৰিৱেশ বিজ্ঞান বাধ্যতামূলক হ’ব লাগে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক যিমান পাৰি গছপুলি ৰোপন কৰি প্ৰতিপালন কৰিবলৈও আহ্বান জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নাগৰিকৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানক্ৰমে পশ্চিম গুৱাহাটী অঞ্চলৰ ৰাইজে যোৱা ১০ নৱেম্বৰত গছৰ সুৰক্ষাৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত মানৱ শৃঙ্খল গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd