• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“লাচিত বৰফুকন অখণ্ডতা আৰু শক্তিৰ প্ৰতীক আছিল”

এন ই নাও নিউজ by এন ই নাও নিউজ
November 24, 2019 8:58 pm
Lachit Borphukan

লাচিত দিৱসৰ কাৰ্য্যসূচীৰ এটা দৃশ্য।

346
VIEWS
Share on FacebookShare on Twitter

আজি তেজপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা লাচিত দিৱসৰ কাৰ্য্যসূচীত ভাগ লৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক চন্দন শৰ্মাই “অসমীয়াৰ গৌৰৱ, বুৰঞ্জীৰ বীৰ সেনাপতি লাচিত বৰফুকনক অখণ্ডতা আৰু শক্তিৰ প্ৰতীক আছিল” বুলি মন্তব্য কৰে।

তেওঁ বৰ্তমান অসম আৰু অসমীয়া জাতিয়ে সংকটৰ মাজেৰে আগ বাঢ়িছে বুলি মন্তব্য কৰি লাচিতৰ আদৰ্শক সাৰথি কৰি এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হ’বলৈ আহ্বান জনায়।

অনুষ্ঠানটোত ভাগ লোৱা আন এজন বক্তা, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পুণেশ্বৰ নাথে বীৰজনাক অসমীয়া মানুহৰ অনুপ্ৰেৰণাৰ উৎস আখ্যা দিয়ে।

“২১ শতিকাটো অসমীয়া মানুহৰ বাবে সংকটৰ সময়। যদিহে অসমীয়াৰ মহান বীৰ লাচিতৰ আদৰ্শেৰে আমি একেখন মঞ্চত থিয় দিব নোৱাৰো তেন্তে আমি কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব”, নাথে কয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে বিজেপিক সমালোচনা কৰি অৱসৰপ্ৰাপ্ত অধ্যাপকজনে কয়, “বিতৰ্কিত বিধেয়কখনৰ দ্বাৰা বিজেপি চৰকাৰখনে অসমীয়া মানুহৰ গৌৰৱ নুমুৱাব বিচাৰিছে”।

দিল্লীৰ অসম আগ্ৰাসনক সুঁৱৰি সদৌ অসম সাংবাদিক সন্থাৰ সভাপতিয়ে কয়, “ৰাম সিংহই দিল্লীৰ পৰা অসম আক্ৰমণ কৰিবলৈ আহিছিল, যাক লাচিত বৰফুকনে প্ৰতিৰোধ কৰে। তেওঁৰ সাহসে তেওঁৰ সেনা আৰু অনুগামীক জাতিৰ বাবে উৎসৰ্গা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

আৰম্ভণিতে বিষ্ণু ৰাভাৰ পুত্ৰ তথা শিল্পী পৃথ্বীৰাজ ৰাভাই দিৱসৰ কাৰ্য্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। ৰাভাই অসম লাহে লাহে অনুপ্ৰৱেশকাৰীৰ চৰণীয়া পথাৰত পৰিণত হৈছে বুলি মন্তব্য কৰি কয় যে বিদেশী সমস্যা সমাধান কৰিব পাৰিলেহে আমি বীৰজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হ’ব।

আনহাতে অসম জাতীয়তাবাদ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে অসমীয়া জাতি আৰু সমাজৰ গৌৰৱত আঘাত কৰিব পৰা কোনো কামৰ সৈতে আপোচ কৰা নহ’ব বুলি সকীয়াই দিয়ে।

পুৱা জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে উদ্বোধন কৰা এটা সাংস্কৃতিক শোভাযাত্ৰাৰে আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ হয়। মূল কাৰ্য্যসূচীত সভাপতিত্ব কৰিছিল সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই।

বৰুৱাৰ উপৰি উপস্থিত থকা শোণিতপুৰ সাহিত্য সভাৰ কাৰ্য্যবাহী সভাপতি ৰমেন গোস্বামী, শোণিতপুৰ আছুৰ সভাপতি অভিজিত নাথ, সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি মিণ্ট হেমৰনে বক্তব্য ৰাখে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd