• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰত আটাছুৰ বৃহৎ জোঁৰ সমদল

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
November 25, 2019 7:32 am
1.1k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই দেওবাৰে শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাই এক জোঁৰ সমদল বাহিৰ কৰে।

আটাছুৰ কেন্দ্ৰীয় সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত কেইবাশতাধিক নেতা কৰ্মীয়ে চহৰৰ মুক্তিনাথ চাৰিআলিত থকা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণ  কৰি শিৱসাগৰ চহৰৰ মাজেদি এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে।

ছাত্ৰ সংগঠনটোৱে অতি শীঘ্ৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী উত্থাপন কৰে।

লগতে অনাগত দিনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই দুই দাবীৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য যে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ অসমত ২১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে প্ৰতিখন জিলাই নাগৰিকত্ব সংশোংধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত জোঁৰ সমদল বাহিৰ কৰি আহিছে।

আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোহাঁইয়ে কয়,  অসমৰ জনগনে যি সকল ব্যক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে সেই সকল অতি নিৰ্লজ। কাৰণ জাতি মাটি ভেটিৰ কথা কোৱা অসমৰ মুখ্য মন্ত্ৰীয়ে অসমৰ মানুহৰ আবেগ অনুভূতিক জ্বলাঞ্জলি দি অসমীয়া মানুহৰ স্বাভিমানক আঘাত হানি দিল্লীৰ ওচৰত আঁঠু কাঢ়িব বিচাৰিছে।

তেওঁ কয়,  মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ নিৰ্লজতাখিনি আঁতৰাই অসমীয়া মানুহৰ বাবে উৎসৰ্গিত হ’বলৈ আমি  আহ্বান জনাইছো।

জোঁৰ সমদলত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত গগৈ, সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত সন্দিকৈ আৰু দেৱজিত গগৈ, সাংগঠনিক সম্পাদক ভাস্কৰ বৰগোহাঁইকে ধৰি শিৱসাগৰ জিলা আৰু মহকুমা সমিতিৰ বিষয়ববীয়া সকলে অংশ গ্ৰহণ কৰে।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd