ডিচেম্বৰৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত হ’ব ১৪ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলন।
ভাৰতৰ তৰফৰ পৰা সন্মিলনৰ স্থান বাচনি কৰি ইতিমধ্যে জাপানলৈ প্ৰেৰণ কৰা হৈছে।
ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানীজ প্ৰধান মন্ত্ৰী ছিনজো আবেৰ মাজত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখন গুৱাহাটীত ডিচেম্বৰৰ ১৫, ১৬ আৰু ১৭ তাৰিখে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
মূলত উত্তৰ-পূবত আন্তঃগাঠনি আৰু বিভিন্ন ক্ষেত্ৰত জাপানৰ বিনিয়োগ বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সন্মিলনখন গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ বিচৰা হৈছে বুলি অনুমান কৰা হৈছে।
জাপান চৰকাৰে উত্তৰ-পূবত মাত্ৰ ১৩,০০০ কোটি টকাৰ বিনিয়োগ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে বুলি ড’নাৰ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে।
জাপানে ইতিমধ্যে গুৱাহাটীৰ পানী যোগান প্ৰকল্প, অসম, মেঘালয়কে ধৰি উত্তৰ-পূবত পথ যোগাযোগৰ ক্ষেত্ৰত বিনিয়োগ কৰি আহিছে।
উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূবলৈ চোৱা নীতিৰ আধাৰত উত্তৰ-পূবৰ বিকাশক মূল লক্ষ্য হিচাপে লৈ গুৱাহাটীত ভাৰত-জাপানৰ মাজত সন্মিলনখন অনুষ্ঠিত কৰিব বিচৰা হৈছে বুলি বিজেপিৰ তৰফৰ পৰা প্ৰকাশ কৰিছে।
চীনৰ লগত ভাৰতৰ কূটনৈতিক দিশৰ পৰাও ভাৰত-জাপান শীৰ্ষ সন্মিলনখন উত্তৰ-পূবত অনুষ্ঠিত হোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিৱেচিত হৈছে।
সন্মিলনক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হ’ব।





