‘দ্য টাইমছ হায়াৰ এডুকেচন’ গ্ৰুপে শেহতীয়াভাৱে প্ৰকাশ কৰা এছিয়া ইউনিভাৰ্চিটি ৰেংকিঙত বিশ্বৰ বহু আগশাৰীৰ – উন্নতমানৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ভিতৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ১০০ সংখ্যক স্থান লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ইয়াৰ পূৰ্বৰ বছৰৰ ৰেংকিঙত তেজপুৰ বিশ্ববিদ্যালয়ৰ স্থান আছিল ১৩১-১৪০।
উল্লখ্য যে ভাৰতৰ সমূহ বিশ্ববিদ্যালয়ৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয় হৈছে এখন আগশাৰীৰ বিশ্ববিদ্যালয় আৰু বৰ্তমান দেশৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত সপ্তম স্থানত থকা বিশ্ববিদ্যালয়।
গৱেষণা শিতানত তেজপুৰ বিশ্ববিদ্যালয়ে আইএছচি বাংগালুৰু, আইআইটি বম্বে আৰু আইআইটি খড়গপুৰৰ পাছতে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
প্ৰণিধানযোগ্য যে ‘দ্য টাইমছ হায়াৰ এডুকেচন’ গ্ৰুপে গৱেষণা, জ্ঞানৰ আদান প্ৰদান, শৈক্ষিক প্ৰণালী আদিৰ ওপৰত ভিত্তি কৰি শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহ নিৰ্বাচিত কৰি আহিছে।
আনহাতে তালিকাখনত আইআইএছ বাংগালুৰুয়ে ২৯ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে আইআইটি বম্বে আৰু আইআইটি খড়গপুৰ, আইআইটি কানপুৰ, আইআইইটি দিল্লীয়েও স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
ৰূপালী জয়ন্তী বর্ষ চলি থকা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বাবে ই এক সুখবৰ। ইয়ে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ লগতে ৰাজ্যবাসীক উৎসাহিত কৰি তুলিছে।