• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘চহিদ’ ছাম ষ্টেফ’ৰ্ডৰ বাসগৃহত আছুৰ নেতৃত্ব; প্ৰতিকৃতিত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা তৰ্পণ

চৰকাৰে গুলী, অত্যাচাৰ আৰু দমন বন্ধ কৰক : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 14, 2019 5:14 pm
Sam Stafford_2

চহিদ ছাম ষ্টেফ’ৰ্ডৰ ঘৰত তেওঁ বজোৱা বাদ্যযন্ত্ৰবোৰৰ সৈতে তেওঁৰ প্ৰতিকৃতি।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে অৰ্থাৎ যোৱা ১২ ডিচেম্বৰৰ দিনা সন্ধিয়া সেনা-আৰক্ষীৰ গুলীত নিহত হোৱা ছাম ষ্টেফ’ৰ্ডৰ ঘৰত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব।

সংগঠনটোৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আজি দুপৰীয়া প্ৰায় ১২ বজাত হাতীগাওঁস্থিত চহিদজনৰ ঘৰত উপস্থিত হয় আৰু তেওঁৰ পিতৃ-মাতৃ আৰু পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।

Apply Now

আছুৰ নেতৃত্বই তাতে চহিদজনৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে।

চহিদ ছাম ষ্টেফ’ৰ্ড ১২ ডিচেম্বৰত বন্ধু আৰু সম্পৰ্কীয় ভায়েকৰ লগত লতাশিল খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পীসমাজৰ উদ্যোগত “কেব”ৰ বিৰুদ্ধে হোৱা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ গৈ ঘূৰি আহোঁতে আৰক্ষীৰ গুলীত নিহত হয়।

আছুৰ প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ ঘূৰি অহাৰ সময়তে পাঁচ শতাধিক লোকে সান্ধ্য আইন নামানি হাতীগাওঁ অঞ্চলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু কিছু সংখ্যকে হিংসাত্মক কাৰ্য্যসূচীৰ আশ্ৰয় লৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত আৰক্ষীয়ে গুলীচালনা কৰাত  হাতীগাঁৱৰ শংকৰ পথত ৰাজপথতে ঢলি পৰে ছাম।

Sam Stafford
চহিদ ছাম ষ্টেফ’ৰ্ডৰ ঘৰত আছুৰ নেতৃত্ব। ১২ ডিচেম্বৰত।

উল্লেখযোগ্য যে মৃত্যুৰ সময়ত ছামৰ বয়স আছিল ১৭ বছৰ আৰু তেওঁ দশম শ্ৰেণীত অধ্যয়নৰত আছিল। ছামে জনপ্ৰিয় কন্ঠশিল্পী মানস ৰবিনৰ লগত ড্ৰাম বজাইছিল। ছামৰ পৰিয়ালে তেওঁ বজোৱা ড্ৰামছেটটোৰ ওপৰত ছামৰ প্ৰতিচ্ছবি আঁৰি থোৱা দেখা যায়, যিটো দৃশ্য অতিকৈ হৃদয়স্পৰ্শী।

চহিদ ছাত্ৰজনৰ গৃহতে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়, “সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ হ’ল আৰু আমাৰ এজন ছাত্ৰক নিৰ্বিচাৰে গুলীয়াই হত্যা কৰা হ’ল। এই কথা আমি কেতিয়াও সহ্য কৰিব নোৱাৰো। চাৰিগৰাকীকৈ চহিদ হোৱাৰ পাছতো আজিলৈকে মুখ্য মন্ত্ৰী নিমাত হৈ আছে। তেওঁৰ দিনত জাতি-মাটি-ভেটি ৰক্ষা নহয়, এই কথা প্ৰমাণ হৈ গ’ল।”

তদুপৰি, ছাত্ৰজনক নিৰ্বিচাৰে গুলীয়াই হত্যা কৰা আৰক্ষী বিষয়াৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় ভট্টাচাৰ্য্যই।

তেওঁ কয়, “গুলীয়াই এই আন্দোলন স্তব্ধ কৰিব নোৱাৰে। পৰিয়ালৰ লগতে আমাৰো অপূৰণীয় ক্ষতি হ’ল। আমাৰ মাজৰ পৰা এজন ছাত্ৰ নোহোৱা হ’ল। চৰকাৰে গুলী বন্ধ কৰক, অত্যাচাৰ, দমন বন্ধ কৰক। মুখ্য মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ মন্ত্ৰীসকল যিসকলে গুলীয়াই হত্যা কৰিছে কাকো আমি নিস্তাৰ নিদিওঁ, মনত ৰাখিব”।

আনহাতে, ভট্টাচাৰ্য্যৰ সৈতে চহিদ পৰিয়ালৰ কাষত উপস্থিত হোৱা আছুৰ সভাপতি দীপাংক নাথে অসম চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

“প্ৰতিবাদী ছাত্ৰৰ ওপৰত কোন ইমান উন্মাদ হৈ পৰিল সেই সন্দৰ্ভত অসম চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগে। সংগ্ৰামী জনতাৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ কৰা ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি দিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী জনালো”, নাথে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd