• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফাৰ চহিদৰ পৰিয়াললৈ আৰ্থিক সাহায্য দিব মহিলাৰীয়ে; আত্মসমৰ্পণকাৰী আলফা সদস্যকো দিব ঘৰ, সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2019 8:25 pm
Loksabha election: Hagrama campaign in Kokrajhar

হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আন্দোলনৰ চহিদসকলৰ দৰে আলফাৰ চহিদসকলৰ পৰিয়ালকো চৰকাৰৰ সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰিছে বিটিচিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীয়ে।

অহা বছৰৰ পহিলা ভাগতে অনুষ্ঠিত হ’ব লগীয়া বিটিচি পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বি টি এ ডিৰ অধীনৰ এলেকাত বিভিন্ন উন্নয়নমূলক কাৰ্য্যসূচী লোৱা আৰু আঁচনি ঘোষণাৰ মাজতে ২২ ডিচেম্বৰত বাক্সাত অনুষ্ঠিত এখন সভাত মহিলাৰীয়ে এই কথা প্ৰকাশ কৰিছে। সভাখনত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াও উপস্থিত আছিল।

অঞ্চলটোৰ অধীনত থকা আলফাৰ চহিদসকলৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়াৰ উপৰি নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোৰ আত্মসমৰ্পণ কৰা সদস্যসকলকো আৰ্থিক সাহায্য দিয়া হ’ব বুলি মহিলাৰীয়ে প্ৰতিশ্ৰুতি আগ বঢ়ায়।

মহিলাৰীৰ ভাষ্যমতে, চহিদৰ পৰিয়াল বা আত্মসমৰ্পণকাৰী সদস্যসকলৰ পৰিয়ালক তেওঁলোকৰ জীৱন-জীৱিকা উন্নত কৰিবলৈ সম্বল হিচাপে এই সাহা্য্য আগ বঢ়োৱা হ’ব। সাহায্য দিয়াৰ উপৰি তেওঁলোকক ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবেও সহায় আগ বঢ়োৱা হ’ব।

কিছু সংখ্যক সদস্য (আত্মসমৰ্পণকাৰী)ক ঘৰ দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে।

মহিলাৰীৰ ঘোষণা কাৰ্য্যকৰী হ’লে বি টি এ ডিত নিয়োগহীনতা আৰু উপাৰ্জনৰ পথৰ অভাৱত দিন কটোৱা এই পৰিয়ালবোৰৰ জীৱনলৈ ই কিছু সকাহ কঢ়িয়াই আনিব পাৰে।

আনহাতে বি টি এ ডিৰ বাহিৰত অসমৰ অন্যান্য ঠাইত থকা এনে বৃহৎ সংখ্যক চহিদ পৰিয়াল বা আত্মসমৰ্পণকাৰী আলফা সদস্যৰ বাবেও একেই চিন্তা কৰিবলৈ ই অসম চৰকাৰক এটা বাট দেখুৱাব পাৰে।

তেওঁ বড়ো-অবড়ো বিভাজনক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনায় কয়, “এইটো কোনো এটা পক্ষৰ বাবেই মংগলদায়ক নহয়। মাথো প্ৰভেদহে বৃদ্ধি কৰিব”।

নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মহিলাৰীৰ মন্তব্য, “আইনখন বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। ন্যায়ালয়ে যি ৰায় দিয়ে তাকে মানি ল’ম।”

বি টি চি মুৰব্বীজনৰ এই ঘোষণাৰ পিছত স্বাভাৱিকভাৱে অহা প্ৰশ্নটো হ’ল অসম চৰকাৰেও এই দুৰ্ভগীয়া পৰিয়ালবোৰক সাহায্য দিয়াৰ বিবেচনা কৰিব পাৰে নেকি?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd