• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক পুনৰ আটক আৰক্ষীৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 23, 2019 10:01 pm
IMG-20191223-WA0018

শৃংখল চলিহা। ফটো : নৰ্থ-ইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শাসনাধিষ্ঠ বিজেপি চৰকাৰক চোকা বাক্যবাণেৰে সমালোচনা কৰা বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহাক ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা আৰক্ষীয়ে আজি পুনৰ আটক কৰিছে।

বৰবৰুৱা আৰক্ষীয়ে শৃংখল চলিহাৰ সৈতে আন চাৰিজন লোককো আটক কৰিছিল যদিও পিছত বাকী কেইজনক এৰি দি শৃংখল চলিহাক ডিব্ৰুগড় সদৰ থানালৈ প্ৰেৰণ কৰে।

নেতাগৰাকীক আটক কৰা সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকে শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই বুলি জানিবলৈ দি কয় যে গুৱাহাটীৰ এটা গোচৰতহে তেওঁক আটক কৰা হৈছে।

তদুপৰি আৰক্ষী অধীক্ষক গৰাকীয়ে শৃংখল চলিহাক গুৱাহাটীলৈ পঠোৱা হ’ব বুলিও জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত সাংগঠনিক সম্পাদকে জনোৱা অনুসৰি, ‘শৃংখল চলিহাৰ স’তে আমি চাৰিজনে বৰবৰুৱাত এখন সভা শেষ কৰি মৰাণৰ দিশে আহি আছিলো। মৰাণৰ তিলৈত আন এখন সভাত অংশ ল’বলৈ গৈ থাকোতেই লেপেটকটা আৰক্ষী চকীৰ সহযোগত এটা আৰক্ষী দলে আগভেটি ধৰে’।

আৰক্ষীৰ দলটোৱে তেওঁলোকৰ মোবাইল ফোনবোৰ কাঢ়ি লোৱাৰ লগতে শৃংখল চলিহাক এখন ক’লা আইনাযুক্ত বাহনত আৰু আন সদস্যসকলক বেলেগ এখন বাহনত তুলি লৈ যায় বুলি জানিবলৈ দিয়ে।

ইফালে শৃংখল চলিহাক আটক কৰাৰ পিছৰে পৰা বৰবৰুৱাৰ বজাৰ এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নেতাগৰাকীৰ মুক্তিৰ দাবী জনাইছে সংগঠনটোৰ সহস্ৰাধিক কৰ্মীয়ে।

উল্লেখ্য যে,  কিছুদিন পূৰ্বে শিৱসাগৰ আৰক্ষীয়ে গৌৰিসাগৰত গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক। কিন্তু শৃংখল চলিহাক মুকলি কৰি দিবলৈ শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলাৰ পৰা শ’ শ’ যুৱক আহি শিৱসাগৰ সদৰ আৰক্ষী থানা ঘেৰাও কৰাত শিৱসাগৰ আৰক্ষীয়ে ৰাতিয়েই তেওঁক মুকলি কৰি দিছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd