• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ফেইচবুক পোষ্টৰ বিতৰ্ক”ৰ এমাহৰ পিছত NRC-ৰ ৰাজ্যিক সমন্বয়ক হিচাপে যোগদান হিতেশ দেৱ শৰ্মাৰ

ব্যক্তিগত কথাৰ উত্তৰ নিদিওঁ, ছ’ৰি : ফেইচবুক বিতৰ্ক সম্বন্ধে দেৱশৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 24, 2019 10:38 pm
Hitesh Dev Sharma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাটাও বিতৰ্কিত আৰু সাম্প্ৰদায়িক ধৰণৰ ফেইচবুক পোষ্টৰ বাবে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা NRC-ৰ নতুন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই আজি তেওঁৰ নতুন দায়িত্বত যোগদান কৰে।

সদ্যবিদায়ী ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ ঠাইত চৰকাৰে শৰ্মাক ৯ নৱেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিছিল।

Apply Now

কিন্তু তেওঁৰ কিছুমান “বিতৰ্কিত” ফেইচবুক পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু এই বিতৰ্কক লৈ বিবুধিত পৰিছিল চৰকাৰ।

কংগ্ৰেছৰ বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে দেৱশৰ্মাক এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্তি নিদিবলৈ অনুৰোধ জনাই মুখ্য মন্ত্ৰীলৈ আনুষ্ঠানিকভাৱে পত্ৰও দিছিল।

এই বিতৰ্কৰ মাজতে নতুন দায়িত্বত যোগদান নকৰাকৈয়ে এমাহৰ ছুটীত যায় বিষয়াজন।

দেৱশৰ্মা ছুটীত থকাৰ সময়ছোৱাত চৰকাৰে বাবুলাল শৰ্মাক ভাৰপ্ৰাপ্ত ৰাজ্যিক সমন্বয়ক হিচাপে দায়িত্ব দি থৈছিল। অৱশেষত আজি হিতেশ দেৱশৰ্মাই তেওঁৰ নতুন দায়িত্বত যোগদান কৰে।

NRC-ৰ ৰাজ্যিক সমন্বয়ক হিচাপে কাৰ্য্যালয়ত প্ৰথম দিনটোত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱশৰ্মাই কয়, “মোক এনে এটা দায়িত্ব দিয়া বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছো। এই দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে। পূৰ্বেও এনআৰচিৰ কাম-কাজৰ সৈতে জড়িত আছিলো। কামখিনি কৰাৰ বাবে মোৰ বাবে অসুবিধা নহ’ব।”

তেওঁ অসমীয়া হিচাপে জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা আৰু এজন প্ৰশাসনিক বিষয়া হিচাপে সংবিধানৰ প্ৰতি থকা দায়বদ্ধতা, দুয়োটাৰ কথা উল্লেখ কৰে।

“এজন বিষয়া হিচাপে ভাৰতীয় সংবিধানৰ প্ৰতি দায়বদ্ধ। এজন অসমীয়া হিচাপে অসমৰ প্ৰতি মোৰ দায়বদ্ধতা আছে। এই বিশ্বাসত কাম কৰিলে নিশ্চয় সফল হ’ম”, দেৱশৰ্মাৰ মন্তব্য।

ইপিনে, যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এন আৰ চিৰ প্ৰসংগত তেওঁ কয় “এতিয়া কি কি কাম-কাজ চলি আছে সেইখিনি চালি-জাৰি চাই এটা ষ্টেটাচ  ৰিপৰ্ট উচ্চতম ন্যায়ালয়ক জনাব লাগিব। তাৰ ওপৰত উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ দিয়ে সেই মতে কাম কৰিব লাগিব।”

ইয়াৰোপৰি, এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯ লাখ লোকৰ বহুখিনিয়েই প্ৰকৃত ভাৰতীয় বুলি কংগ্ৰছকে ধৰি বিভিন্ন দল-সংগঠনে অভিযোগ তোলা সম্পৰ্কত তেওঁ কয়, “আজিৰ দিনত আপোনালোকে এন আৰ চিৰ কথা যি জানে সেইখিনি জ্ঞানহে মোৰো আছে, তাতকৈ বেছি নাই। গোটেই প্ৰক্ৰিয়াটো ভালদৰে চাব লাগিব তাৰ পাছত ক’ব পাৰিম। টেকনিকেল কথা আজি ক’ব পৰা অৱস্থাত নাই।”

কিছুদিন পূৰ্বে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা বিতৰ্কিত ফেইচবুক পোষ্ট সম্পৰ্কে আমাৰ সাংবাদিকে সোধাত তেওঁ উত্তৰত‘”কোনো ব্যক্তিগত কথাৰ উত্তৰ নিদিওঁ, ছ’ৰি” বুলি মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

সকাহৰ খবৰ! আমেৰিকা-ইৰাণৰ শান্তি চুক্তি সম্পূৰ্ণ; হৰমুজ প্ৰণালীক লৈ লোৱা হ’ল ডাঙৰ সিদ্ধান্ত

June 15, 2026 9:10 am
এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd