• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“ফেইচবুক পোষ্টৰ বিতৰ্ক”ৰ এমাহৰ পিছত NRC-ৰ ৰাজ্যিক সমন্বয়ক হিচাপে যোগদান হিতেশ দেৱ শৰ্মাৰ

ব্যক্তিগত কথাৰ উত্তৰ নিদিওঁ, ছ’ৰি : ফেইচবুক বিতৰ্ক সম্বন্ধে দেৱশৰ্মা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 24, 2019 10:38 pm

2 min read

Hitesh Dev Sharma
867
VIEWS
Share on FacebookShare on Twitter

কেইবাটাও বিতৰ্কিত আৰু সাম্প্ৰদায়িক ধৰণৰ ফেইচবুক পোষ্টৰ বাবে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা NRC-ৰ নতুন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই আজি তেওঁৰ নতুন দায়িত্বত যোগদান কৰে।

সদ্যবিদায়ী ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ ঠাইত চৰকাৰে শৰ্মাক ৯ নৱেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিছিল।

কিন্তু তেওঁৰ কিছুমান “বিতৰ্কিত” ফেইচবুক পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু এই বিতৰ্কক লৈ বিবুধিত পৰিছিল চৰকাৰ।

কংগ্ৰেছৰ বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকে দেৱশৰ্মাক এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্তি নিদিবলৈ অনুৰোধ জনাই মুখ্য মন্ত্ৰীলৈ আনুষ্ঠানিকভাৱে পত্ৰও দিছিল।

এই বিতৰ্কৰ মাজতে নতুন দায়িত্বত যোগদান নকৰাকৈয়ে এমাহৰ ছুটীত যায় বিষয়াজন।

দেৱশৰ্মা ছুটীত থকাৰ সময়ছোৱাত চৰকাৰে বাবুলাল শৰ্মাক ভাৰপ্ৰাপ্ত ৰাজ্যিক সমন্বয়ক হিচাপে দায়িত্ব দি থৈছিল। অৱশেষত আজি হিতেশ দেৱশৰ্মাই তেওঁৰ নতুন দায়িত্বত যোগদান কৰে।

NRC-ৰ ৰাজ্যিক সমন্বয়ক হিচাপে কাৰ্য্যালয়ত প্ৰথম দিনটোত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱশৰ্মাই কয়, “মোক এনে এটা দায়িত্ব দিয়া বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছো। এই দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে। পূৰ্বেও এনআৰচিৰ কাম-কাজৰ সৈতে জড়িত আছিলো। কামখিনি কৰাৰ বাবে মোৰ বাবে অসুবিধা নহ’ব।”

তেওঁ অসমীয়া হিচাপে জাতিটোৰ প্ৰতি থকা দায়বদ্ধতা আৰু এজন প্ৰশাসনিক বিষয়া হিচাপে সংবিধানৰ প্ৰতি থকা দায়বদ্ধতা, দুয়োটাৰ কথা উল্লেখ কৰে।

“এজন বিষয়া হিচাপে ভাৰতীয় সংবিধানৰ প্ৰতি দায়বদ্ধ। এজন অসমীয়া হিচাপে অসমৰ প্ৰতি মোৰ দায়বদ্ধতা আছে। এই বিশ্বাসত কাম কৰিলে নিশ্চয় সফল হ’ম”, দেৱশৰ্মাৰ মন্তব্য।

ইপিনে, যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত এন আৰ চিৰ প্ৰসংগত তেওঁ কয় “এতিয়া কি কি কাম-কাজ চলি আছে সেইখিনি চালি-জাৰি চাই এটা ষ্টেটাচ  ৰিপৰ্ট উচ্চতম ন্যায়ালয়ক জনাব লাগিব। তাৰ ওপৰত উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ দিয়ে সেই মতে কাম কৰিব লাগিব।”

ইয়াৰোপৰি, এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯ লাখ লোকৰ বহুখিনিয়েই প্ৰকৃত ভাৰতীয় বুলি কংগ্ৰছকে ধৰি বিভিন্ন দল-সংগঠনে অভিযোগ তোলা সম্পৰ্কত তেওঁ কয়, “আজিৰ দিনত আপোনালোকে এন আৰ চিৰ কথা যি জানে সেইখিনি জ্ঞানহে মোৰো আছে, তাতকৈ বেছি নাই। গোটেই প্ৰক্ৰিয়াটো ভালদৰে চাব লাগিব তাৰ পাছত ক’ব পাৰিম। টেকনিকেল কথা আজি ক’ব পৰা অৱস্থাত নাই।”

কিছুদিন পূৰ্বে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা বিতৰ্কিত ফেইচবুক পোষ্ট সম্পৰ্কে আমাৰ সাংবাদিকে সোধাত তেওঁ উত্তৰত‘”কোনো ব্যক্তিগত কথাৰ উত্তৰ নিদিওঁ, ছ’ৰি” বুলি মন্তব্য কৰে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd