• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কা-বিৰোধিতাত হিংসাক লৈ সেনা মুৰব্বীৰ মন্তব্য, বিৰোধীৰ সমালোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2019 10:03 pm
Bipin-Rawat Army chief Gen Rawat draws flak for remarks on CAA protests

সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱত।

709
VIEWS
Share on FacebookShare on Twitter

সেনা মুৰব্বী জেনেৰেল বিপিন ৰাৱতে নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী আন্দোলনত হোৱা হিংসাত্মক ঘটনা আৰু নেতৃত্ব সন্দৰ্ভত বৃহস্পতিবাৰে মন্তব্য কৰিছে।

বিপৰীতে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে জেনেৰেল ৰাৱতক এই মন্তব্যৰ বাবে সমালোচনা কৰিছে।

দেশৰ বিভিন্ন ঠাইত কা-বিৰোধী আন্দোলনত অগ্নিসংযোগ আৰু হিংসাৰ ঘটনাসমূহলৈ আঙুলিয়াই জেনেৰেল ৰাৱতে কয় যে এনে কামৰ বাবে জনতাক আগবঢ়াই দিয়াটোক নেতৃত্ব বুলি নকয়।

“তেওঁলোক নেতা নহয় যিসকলে ৰাইজক বেঠিক দিশলৈ আগবঢ়াই দিয়ে। যিহেতু আমি দেখিছো বহু বিশ্ববিদ্যালয় আৰু কলেজত, ছাত্ৰ-ছাত্ৰীসকলে নগৰ আৰু চহৰসমূহত অগ্নিসংযোগ আৰু হিংসাত্মক ঘটনাৰ বাবে কিদৰে জনতা আৰু জুমবোৰক নেতৃত্ব দিছে। এয়া নেতৃত্ব নহয়,” জেনেৰেল ৰাৱতৰ মন্তব্যৰ উদ্ধৃতি।

তেওঁ লগতে কয় যে নেতা হৈছে সেইজন যি আপোনাক সঠিক দিশত আগবঢ়াই নিয়ে, আপোনাক শুদ্ধ উপদেশ দিয়ে আৰু তাৰ পিছত এইটো নিশ্চিত কৰে যে আপুনি যিসকলৰ বাবে জীয়াই আছে তেওঁলোকৰ প্ৰতি আপুনি যত্নৱান হয়।

ইফালে জেনেৰেল ৰাৱতৰ মন্তব্যই ভাৰতীয় সেনাৰ “ৰাজনৈতিক” পক্ষপাতিত্বহীনতাৰ পৰা আঁতৰি অহা বুলি কংগ্ৰেছকে বিৰোধী দলসমূহ সৰৱ হৈছে।

কংগ্ৰেছৰ মুখপাত্ৰ ব্ৰিজেশ কালাপ্পাই সেনা মুৰব্বীজনে ৰাজনতিক বিষয়ত কিদৰে মাত মাতিব পাৰে বুলি প্ৰশ্ন কৰিছে।

“সেনা মুৰব্বী বিপিন ৰাৱতে #CAAProtestsৰ বিৰুদ্ধে মাত মতাটো সম্পূৰ্ণৰূপে সাংবিধানিক গণতন্ত্ৰৰ বিৰোধী। আজি যদি সেনা মুৰব্বীক ৰাজনৈতিক বিষয়ত মাত মাতিবলৈ অনুমতি দিয়া হয়, ই কাইলৈ তেওঁক সেনাৰ কৰ্তৃত্ব গ্ৰহণৰ চেষ্টাৰ বাবেও অনুমতি দিব!!” কালাপ্পাৰ টুইট।

চি পি আই (এম) নেতা সীতাৰাম য়েচুৰিয়ে জেনেৰেল ৰাৱতৰ মন্তব্যক লৈ নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰিছে।

এ আই এম আই এম মুৰব্বী আছাছুদ্দিন অ’ৱেছিয়ে জেনেৰেল ৰাৱতৰ সমালোচনা কৰি কয় যে নেতৃত্ব হৈছে কাৰোবাৰ কাৰ্য্যালয়ৰ সীমাবদ্ধতা সম্পৰ্কে অৱগত হোৱাটো।

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd