CAA-বিৰোধী আৰু CAA-সমৰ্থকৰ মাজত অসম আৰক্ষীয়ে বৈষম্য কৰাৰ অভিযোগ উঠিছে।
ৰাজ্যত চলি থকা CAA-বিৰোধী আন্দোলনৰ প্ৰত্যুত্তৰ দিবলৈ বিজেপি বা এ বি ভি পিয়ে উলিওৱা “সমদল”, “ঐক্য সমদল, “শান্তি সমদল”ক আৰক্ষী, নিৰাপত্তা বাহিনীয়ে সৰ্বতোপ্ৰকাৰে সুবিধা কৰি দিয়াৰ বিপৰীতে পদে পদে বাধা দিয়া হৈছে CAA-বিৰোধী প্ৰতিবাদকাৰীক।
নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমৰ্থনত যোৱা ৭ ডিচেম্বৰত মহানগৰীৰ সদাব্যস্ত জি এছ ৰ’ডত বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বাহিৰ কৰা প্ৰায় ৪ কি: মি: জোৰা এটা সমদলত অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে নিৰাপত্তা দি লৈ গৈছিল। অথচ বাধা দিয়া হৈছিল একে সময়তে বিধেয়কখনৰ বিৰোধিতা কৰা বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক।
একেদৰে আজি আজি কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক CAA-ৰ বিৰোধিতাত কৰা ‘মৌন পদযাত্ৰা’ত বাধা আৰোপ কৰে আৰক্ষীয়ে।
কটন বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা বিভাগৰ দ্বিতীয় ষান্মসিকৰ ছাত্ৰ ইব্ৰাহিম খলিলে আজি কটন বিশ্ববিদালয়ৰ সন্মুখভাগৰ পৰা দিচপুৰ সচিবালয়ৰ সন্মুখলৈকে প্ৰায় ১০ কিল’মিটাৰ মৌন পদযাত্ৰা কৰাৰ উদ্দেশ্যে দিচপুৰ অভিমুখে আগুৱাইছিল। তেওঁ ‘NO CAA’ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যে মানি নলওঁ বুলি এখন বেনাৰ দেহত পৰিধান কৰাৰ লগতে মুখমণ্ডলত হিন্দু মুছলমান আৰু খ্ৰীষ্টান ধৰ্মৰ চিহ্ন অংকন কৰি লৈছিল।
কিন্তু পাণবজাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ১৫জনীয়া এটা দলে দীঘলীপুখুৰীৰ পাৰত বাধা দিয়ে খলিলক। খলিলে কৰ্মৰত আৰক্ষী বিষয়াক অনুৰোধ জনাইছিল যদিও তেওঁক এখোজো আগুৱাই যাবলৈ দিয়া নহ’ল।
“মই অতি শান্তিপূৰ্ণভাৱে কোনো শব্দ প্ৰদূষণ নকৰাকৈ বা কোনো যান-জঁটৰ সৃষ্টি নকৰাকৈ দিচপুৰলৈকে যাব বিচাৰিছো। মই কোনো অশান্তিৰ সৃষ্টি নকৰো, কেৱল জাতিধ্বংসী এই আইনখন মানি নলওঁ -সেই বাৰ্তাৰে অতি শান্তিপূৰ্ণভাৱে যাম, গতিকে মোক যাবলৈ দিয়ক”, কৰ্তব্যৰত আৰক্ষী বিষয়ালৈ এয়ে আছিল খলিলৰ অনুৰোধ।
প্ৰত্যুত্তৰত আৰক্ষী বিষয়াগৰাকীয়ে কয়, “তোমাকতো অনুমতি দিয়া হোৱা নাই। তুমি ইয়াতে শেষ কৰিব লাগিব, আমি যাব দিব নোৱাৰিম। ইমানখিনিলৈকে যে তোমাক আহিবলৈ দিলো”।
আৰক্ষীৰ এনে আঁকোৰগোঁজ স্থিতিত উপায়হীন হৈ খলিল দীঘলীপুখুৰীৰ পৰাই পুনৰ কটন বিশ্ববিদ্যালয়লৈ উভতি যায়।
ইপিনে, এই ‘মৌন প্ৰতিবাদ’ সম্পৰ্কে কালি পাণবজাৰ আৰক্ষীক জনাইছিল যদিও অকলে এই কাৰ্য্যসূচী লোৱাৰ বাবে লিখিতভাৱে অনুমতি বিচৰা নাছিল বুলি তেওঁ আমাৰ সাংবাদিকৰ আগত কয়।
আনহাতে, আৰক্ষীৰ এই বৈষম্যমূলক আচৰণক সমালোচনা কৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে।
“কটনৰ পৰা সমদল বাহিৰ কৰিব বিচৰাত আৰক্ষীয়ে অনুমতি দিয়া নাছিল। আৰক্ষীৰ ওপৰত নিশ্চয় শাসকপক্ষৰ হেঁচা আছে, তেওঁলোকৰ কথামতে আৰক্ষীয়ে কৰিবলৈ বাধ্য হৈছে। এই কথাটোত আৰক্ষীৰ লগতে ৰাজ্যৰ গৃহ মন্ত্ৰীকো সাঙুৰিব বিচাৰিম। আজি আৰক্ষীয়ে যিদৰে বাধা দিছে, আমাৰ কটনৰ পৰা ‘কা’ৰ বিৰুদ্ধে যি কাৰ্য্যসূচীয়ে কৰি থকা হৈছে প্ৰত্যেকবাৰে বাধা দি থকা হৈছে। এইটো বেয়া লক্ষণ”, ৰাহুল বৰদলৈয়ে কয়।
ইপিনে, ‘কা’ৰ সমৰ্থক এ বি ভি পিক আৰক্ষীয়ে অনুমতি দিয়া বিষয়ত তেওঁ কয়, “এ বি ভি পি ছাত্ৰ সংগঠন। তেওঁলোকৰ নিজৰ কিছু আদৰ্শ থাকে। আমি স্বতঃস্ফূৰ্তভাৱে ছাত্ৰ। আমি এখন শিক্ষা প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰিছো, আমাৰ কোনো সংগঠন নাই। সেই হিচাপত আমাক অনুমতি দিয়াৰ সুবিধাটো আগতহে থাকিব লাগে। এইক্ষেত্ৰত আৰক্ষীয়ে কোনো প্ৰশ্ন কৰিব নালাগিছিল আচলতে”।