যোৰহাটৰ উপায়ুক্ত ৰশ্বনি এ কৰাতিয়ে গড়আলিৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া শাখাৰ বিষয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে সদৰ থানাত ৭৫ লাখৰো অধিক টকা হৰলুকি সংক্ৰান্তত এক এজাহাৰ দাখিল কৰিছে।
যোৰহাট জিলা প্ৰশাসনৰ একাউণ্টৰ পৰা উক্ত ধনখিনি হৰলুকি হৈছিল।
এজাহাৰমতে, যোৱা জুলাইৰ পৰা নিলম্বিত হৈ থকা দীপক বৰা নামৰ যোৰহাট ডি চি অ’ফিচৰ কেৰাণীজনে বেংকৰ বিষয়াৰ লগ লাগি ২০১৯ চনৰ আগষ্টৰ পৰা চেপ্তেম্বৰৰ মাজত ৭৭.৮০ লাখ টকা উলিয়াই নিছে।
যোৰহাটৰ উপায়ুক্তই বৰাক ২০১৯ চনৰ ২৩ জুলাইত ২০১৮ চনৰ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনত এজন প্ৰাৰ্থীৰ দুই লাখ টকা হৰলুকি কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰিছিল।
যোৱা সপ্তাহত উপায়ুক্তগৰাকীয়ে তেওঁ আৰু তেওঁৰ বিত্ত আৰু একাউণ্টছ বিষয়া বন্দনা দেৱীৰ চহী জাল কৰা বুলি বৰাৰ বিৰুদ্ধে এখন এজাহাৰ দিছিল।
বৰা পলাই আছে। ভাৰতীয় দণ্ড বিধিৰ 120(B),409,420,419,468 ধাৰাত তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ (No:3620/2019) পঞ্জীয়ন কৰিছে।
দুয়োখন এজাহাৰ আৰক্ষীয়ে একেলগ কৰি তদন্ত আৰম্ভ কৰিছে।
ডি চি অ’ফিচটোত যোৱা ফেব্ৰুৱাৰিত সংঘটিত এক অগ্নিকাণ্ডৰ ঘটনাত জৰিত থকাৰ সন্দেহতো বৰাৰ ওপৰত আৰক্ষীয়ে তদন্ত চলাই আছিল।
অগ্নিকাণ্ডটোত বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ নষ্ট হৈছিল।