হোৱাটছএপত য়ুজাৰৰ আকৰ্ষণ কৰিবলৈ সময় সময়ে নতুন ফিচাৰ আগবঢ়োৱাটো কোনো নতুন কথা নহয়। যোৱো বছৰো এই মেছেজিং এপটোৱে এলানি ফিচাৰ আনি য়ুজাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল।
সম্প্ৰতি প্ৰতিযোগিতামূলক পৰিস্থিতিত য়ুজাৰক ধৰি ৰখাৰ প্ৰতি হোৱাটছএপ অতি সতৰ্ক। কিন্তু নৱবৰ্ষৰ আৰম্ভণিতে যিটো ফিচাৰ যোগ দিবলৈ গৈছে সেইটোৱে ব্যৱহাৰকাৰীসকলক সন্তুষ্ট কৰাৰ আশা ক্ষীণ।
এইবাৰ হোৱাটছএপ ষ্টেটাছৰ লগত জড়িত হ’ব বিজ্ঞাপন। অৰ্থাৎ কাৰোবাৰ ষ্টেটাছ চাবলৈ ল’লে প্ৰথমতেই স্ক্ৰীণত ভাহি উঠিব বিজ্ঞাপন।
ফেইচবুকৰ ভিডিঅ’ সমূহত এই বিজ্ঞাপন ইতিমধ্যে আৰম্ভ হৈছে। তেনেধৰণে ফেইচবুকৰ অধীনৰ হোৱাটছএপতো দেখা যাব বিজ্ঞাপন।
জানিব পৰা মতে, ষ্টেটাছত আপলোড কৰা ছবি বা ভিডিঅ’ ফাইলৰ সৈতে দেখা পোৱা যাব এই বিজ্ঞাপন। ইয়াত বিজ্ঞাপনটোৰ কিয়দাংশ তথা বিজ্ঞাপনদাতাকহে মাথোঁ দেখা পোৱা যাব। সম্পূৰ্ণ বিজ্ঞাপন চাবৰ বাবে ছুইপ কৰি আন এটা পেজলৈ যাব লাগিব।
তদুপৰি, হোৱাটছএপত আৰু এটা ফিচাৰ যোগ হ’বলৈ গৈ আছে। সেইটো হ’ল ডিলিট মেচেজ।বৰ্তমান ব্যক্তিগত চাটত “ডিলিট ফৰ এভৰিৱান’ অপশ্যনটো আছিল। এতিয়াৰে পৰা গ্ৰুপ এডমিনৰ হাতত দিয়া হ’ব বিশেষ ক্ষমতা।
গ্ৰুপত অহা যিকোনো মেচেজ এডমিনে ডিলিট কৰি দিব পাৰিব। “ডিলিট ফৰ এভৰিৱান’ত বিপৰীত দিশত থকা লোকজনে কোনো মচেজ ডিলিট কৰি দিয়া কথাটো জানিব পাৰে। কিন্তু ইয়াত তাৰ কোনো চিন-মোকাম নাথাকিব।
হোৱাটছএপৰ সৈতে এই ফিচাৰটো যোগ হ’লে ডিলিট মেচেজ অপশ্যনটো অন বা অফ কৰি ৰাখিব পৰা যাব। ইয়াৰ পাছত মেচেজ ডিলিট কৰিব বিচাৰিলে এটা নিৰ্দিষ্ট সময়ৰ অপশ্যন ছিলেক্ট কৰিব লাগিব।
এক ঘন্টা, এদিন, এক সপ্তাহ, এমাহ আৰু এবছৰ এই পাঁচটা অপশ্যন থাকিব। আপুনি বাচি ল’লেই হ’ল। মাত্ৰ ইয়াত কোনো বেকআপ নাথাকিব।
উক্ত দুয়োটা ফিচাৰৰ ভিতৰত ডিলিট মেচেজ ফিচাৰটোৱে য়ুজাৰক কিছু সকাহ দিয়াৰ বিপৰীতে বিজ্ঞাপন দিয়া ফিচাৰটোৱে য়ুজাৰক বিৰক্ত কৰাৰ সম্ভাৱনাই অধিক।